“সিহঁত হৈছে এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত,
উম্মু ছালামাহ ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি হাবাশ্বাত দেখা ‘মাৰিয়া’ নামক এটা গীর্জাৰ কথা বৰ্ণনা কৰিলে আৰু তাত তেওঁ যিবোৰ ছবি দেখা পাইছিল সেইবোৰৰ কথাও উল্লেখ কৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “সিহঁত হৈছে এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল আৰু তাত এনেকুৱা চিত্ৰ অংকন কৰিছিল। আল্লাহৰ দৃষ্টিত সিহঁতেই হৈছে নিকৃষ্টতম সৃষ্টি”।
أَنَّ أُمَّ سَلَمَةَ ذَكَرَتْ لِرَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَنِيسَةً رَأَتْهَا بِأَرْضِ الْحَبَشَةِ، يُقَالُ لَهَا مَارِيَةُ، فَذَكَرَتْ لَهُ مَا رَأَتْ فِيهَا مِنَ الصُّوَرِ، فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أُولَئِكَ قَوْمٌ إِذَا مَاتَ فِيهِمُ الْعَبْدُ الصَّالِحُ، أَوِ الرَّجُلُ الصَّالِحُ، بَنَوْا عَلَى قَبْرِهِ مَسْجِدًا، وَصَوَّرُوا فِيهِ تِلْكَ الصُّوَرَ، أُولَئِكَ شِرَارُ الْخَلْقِ عِنْدَ اللهِ».
উম্মুল মুমিনীন উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বৰ্ণনা কৰিছে যে, তেওঁ যেতিয়া হাবাশ্বাত (আবিচিনিয়াত) আছিল, তেতিয়া তেওঁ মাৰিয়া নামক এটা গীৰ্জা ঘৰ দেখিছিল, য'ত বিভিন্ন ধৰণৰ প্ৰতিচ্ছবি, সাজ-সজ্জা আৰু চিত্ৰ আদি আছিল। সেইবোৰ দেখি তেওঁ আচৰিত হৈছিল। এইবোৰ শুনাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰ চিত্ৰ ৰখাৰ কাৰণ বৰ্ণনা কৰিলে, তেখেতে ক'লেঃ তুমি যিবোৰ লোকৰ কথা কৈছা, সিহঁত হৈছে এনেকুৱা লোক, যিসকলৰ মাজৰ কোনো পূণ্যৱান লোক মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰে আৰু তাত ইবাদত কৰে, আৰু তেওঁৰ চিত্ৰ অংকন কৰি ওলমাই ৰাখে। লগতে তেখেতে এই কথাও স্পষ্ট কৰিছে যে, এনেকুৱা আচৰণ কৰা ব্যক্তিসকল হৈছে আল্লাহৰ দৃষ্টিত আটাইতকৈ নিকৃষ্ট লোক। কাৰণ এনেকুৱা কৰ্মই মানুহক আল্লাহৰ সৈতে শ্বিৰ্ক কৰাৰ পথ দেখুৱায়।
...:
কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা বা কবৰৰ ওচৰত নামাজ পঢ়া হাৰাম। এইদৰে মছজিদত মৃত ব্যক্তিক দাফন কৰাও হাৰাম। শ্বিৰ্কৰ দুৱাৰ বন্ধ কৰিবলৈ ইয়াক হাৰাম কৰা হৈছে।
কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা আৰু তাত চিত্ৰাংকন কৰা তথা ছবি আঁৰি থোৱা আদি হৈছে ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ কৰ্ম। গতিকে যিয়ে এনেকুৱা কাম কৰিব সি সিহঁতৰেই অন্তৰ্ভুক্ত হ'ব।
জীৱ-জন্তুৰ ছবি অংকন কৰা হাৰাম।
যিয়ে কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰে আৰু তাত ছবি বা প্রতিকৃতি স্থাপন কৰে, সি হৈছে আল্লাহৰ সৃষ্টিৰ মাজত আটাইতকৈ নিকৃষ্ট সৃষ্টি।
ইছলামে তাওহীদৰ দিশটো সম্পূৰ্ণৰূপে সংৰক্ষণ কৰিছে। সেইকাৰণেই শ্বিৰ্কৰ পিনে লৈ যোৱা সকলো দুৱাৰ বন্ধ কৰি দিছে।
পূণ্যৱান লোকসকলৰ ক্ষেত্ৰত সীমালংঘন কৰিবলৈ নিষেধ কৰা হৈছে। কাৰণ এইটো হৈছে শ্বিৰ্কত পতিত হোৱাৰ অন্যতম এটা উপায়।
ছহীহ বুখাৰী (1/ 94) (434).
ছহীহ মুছলিম (1/ 375) (528).
অধিক (14)
مرقاة المفاتيح.
لعلي القاري (7/ 2857).
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (2/ 115).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (1/ 598).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (2/ 469).
تيسير العلام شرح عمدة الأحكام.
لعبد الله البسام (ص290).
الجديد في شرح كتاب التوحيد.
لمحمد القرعاوي (ص183).
الملخص في شرح كتاب التوحيد.
لصالح الفوزان (ص168).
গ্ৰন্থসমূহত উল্লেখিত
6 গ্ৰন্থসমূহঅধিক (6)
- التوحيد في ضوء عقيدة الإمام الشافعي رحمه الله ونصوصه ومروياته"أولئك إذا مات فيهم الرجل الصالح- أو العبد الصالح - بنوا على قبره مسجدا، وصوروا فيه تلك الصور، أولئك شرار الخلق عند الله".([81])
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«إِنَّ أُولَئِكَ، إِذَا كَانَ فِيهِمُ الرَّجُلُ الصَّالِحُ، فَمَاتَ، بَنَوْا عَلَى قَبْرِهِ مَسْجِدًا، وَصَوَّرُوا فِيهِ تِلْكِ الصُّوَرَ، أُولَئِكِ شِرَارُ الْخَلْقِ عِنْدَ اللهِ يَوْمَ الْقِيَامَةِ»[344].
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«إِنَّ أُولَئِكَ، إِذَا كَانَ فِيهِمُ الرَّجُلُ الصَّالِحُ، فَمَاتَ، بَنَوْا عَلَى قَبْرِهِ مَسْجِدًا، وَصَوَّرُوا فِيهِ تِلْكِ الصُّوَرَ، أُولَئِكِ شِرَارُ الْخَلْقِ عِنْدَ اللهِ يَوْمَ الْقِيَامَةِ»[344].
- حراسة التوحيدالتحذير من بناء المساجد على القبور«أُولَئِكَ إِذَا مَاتَ فِيهِمُ الرَّجُلُ الصَّالِحُ؛ بَنَوْا عَلَى قَبْرِهِ مَسْجِدًا، وَصَوَّرُوا فِيهِ تِلْكَ الصُّوَرَ، أُولَئِكَ شِرَارُ الْخَلْقِ عِنْدَ اللَّهِ».
- شرح الصدور بتحريم رفع القبور«أُولَئِكَ قَوْمٌ إِذَا مَاتَ فِيهِمُ الْعَبْدُ الصَّالِحُ، أَوِ الرَّجُلُ الصَّالِحُ، بَنَوْا عَلَى قَبْرِهِ مَسْجِدًا، وَصَوَّرُوا فِيهِ تِلْكَ الصُّوَرَ، أُولَئِكَ شِرَارُ الْخَلْقِ عِنْدَ اللهِ»[5].
- شرح الصدور بتحريم رفع القبور«أُولَئِكَ قَوْمٌ إِذَا مَاتَ فِيهِمُ الْعَبْدُ الصَّالِحُ، أَوِ الرَّجُلُ الصَّالِحُ، بَنَوْا عَلَى قَبْرِهِ مَسْجِدًا» [27]