তোমালোকৰ মাজৰ কোনোবাই যেতিয়া আহাৰ কৰে তেতিয়া তেওঁ সোঁহাতেৰে খোৱা উচিত, আৰু কিবা সেৱন কৰিলে সোঁহাতেৰে সেৱন কৰা উচিত। কাৰণ চয়তানে নিজৰ বাওঁ হাতেৰে খায় আৰু সেৱন কৰে।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া আহাৰ কৰে তেতিয়া তেওঁ সোঁহাতেৰে খোৱা উচিত, আৰু কিবা সেৱন কৰিলে সোঁহাতেৰে সেৱন কৰা উচিত। কাৰণ চয়তানে নিজৰ বাওঁ হাতেৰে খায় আৰু সেৱন কৰে।"
«إِذَا أَكَلَ أَحَدُكُمْ فَلْيَأْكُلْ بِيَمِينِهِ، وَإِذَا شَرِبَ فَلْيَشْرَبْ بِيَمِينِهِ، فَإِنَّ الشَّيْطَانَ يَأْكُلُ بِشِمَالِهِ، وَيَشْرَبُ بِشِمَالِهِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, মুছলিম ব্যক্তিয়ে সোঁহাতেৰে পানাহাৰ কৰিব লাগে আৰু তেখেতে বাওঁ হাতেৰে পানাহাৰ কৰিবলৈ নিষেধ কৰিছে। কাৰণ চয়তানে বাওঁহাতেৰে পানাহাৰ কৰে।
বাওঁহাতেৰে পানাহাৰ কৰি চয়তানৰ সাদৃশ্যতা অৱলম্বন কৰিবলৈ নিষেধ কৰা হৈছে।
ছহীহ মুছলিম (3/ 1598) (2020).
অধিক (8)
توضيح الأحكام مِن بلوغ المرام.
للبسام (5/ 445).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (6/ 270).
سبل السلام شرح بلوغ المرام.
للصنعاني (2/ 625).
عون المعبود شرح سنن أبي داود (10/ 179).
فتاوى اللجنة الدائمة - المجموعة الأولى- (26/ 387).