তোমালোকৰ মাজৰ সাধাৰণ ব্যক্তিৰ ওপৰত মই যিমান মৰ্যাদাৱান, ঠিক সেইদৰে এজন আবিদ ব্যক্তিৰ ওপৰত এজন আলিম ব্যক্তিও সিমানেই মৰ্যাদাৱান।
আবূ উমামাহ আল-বাহিলী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত দুজন লোকৰ বিষয়ে আলোচনা কৰা হ'ল, তাৰে এজন আছিল আবিদ (সাধক) আৰু আন এজন আছিল আলিম। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে:
"তোমালোকৰ মাজৰ সাধাৰণ ব্যক্তিৰ ওপৰত মই যিমান মৰ্যাদাৱান, ঠিক সেইদৰে এজন আবিদ ব্যক্তিৰ ওপৰত এজন আলিম ব্যক্তিও সিমানেই মৰ্যাদাৱান।" ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় মহান আল্লাহে, তেওঁৰ ফিৰিস্তাসকলে, লগতে আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলে, আনকি বিলত থকা পৰুৱাও আৰু পানীত থকা মাছেও সেই ব্যক্তিৰ বাবে দুআ কৰে, যিয়ে মানুহক কল্যাণকৰ ইল্ম শিক্ষা দিয়ে।"
«فَضْلُ العَالِمِ عَلَى العَابِدِ كَفَضْلِي عَلَى أَدْنَاكُمْ»، ثُمَّ قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: «إِنَّ اللَّهَ وَمَلاَئِكَتَهُ وَأَهْلَ السَّمَوَاتِ وَالأَرَضِينَ حَتَّى النَّمْلَةَ فِي جُحْرِهَا وَحَتَّى الحُوتَ لَيُصَلُّونَ عَلَى مُعَلِّمِ النَّاسِ الخَيْرَ».
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত দুজন লোকৰ বিষয়ে আলোচনা কৰা হ'ল, তাৰে এজন হৈছে আবিদ (সাধক) আৰু আন এজন হৈছে আলিম। তেওঁলোকৰ মাজত উত্তম কোন? তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ চৰীয়তী জ্ঞানৰ অধিকাৰী আলিম, যিজনে সেই জ্ঞান অনুসৰি আমল কৰে আৰু ইয়াৰ শিক্ষা দিয়ে, তেওঁৰ মৰ্যাদা এজন সাধাৰণ ইবাদতকাৰীৰ তুলনাত সিমানেই উচ্চ, যেনেকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেখেতৰ চাহাবীসকলৰ মাজৰ আটাইতকৈ নিম্ন স্তৰৰ ব্যক্তিৰ ওপৰত মৰ্যাদাৱান। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ কাৰণ স্পষ্ট কৰি কৈছে যে, মহান আল্লাহে, তেওঁৰ আৰচ বহনকাৰী ফিৰিস্তাসকলে, আকাশৰ অধিবাসী অন্যান্য ফিৰিস্তাসকলে, পৃথিৱীবাসী মানৱ-জিন আৰু সকলো জীৱ-জন্তুৱে, আনকি মাটিৰ তলৰ পৰুৱাৰ পৰা আৰম্ভ কৰি সাগৰৰ মাছেও, স্থল আৰু জলৰ সকলো প্ৰাণীয়ে, এই ধৰ্মীয় জ্ঞান শিকোৱা শিক্ষকৰ বাবে মংগল প্ৰাৰ্থনা কৰে। এই জ্ঞানেই হৈছে মানুহৰ মুক্তি আৰু সফলতাৰ মাধ্যম।
আল্লাহৰ প্ৰতি মানুহক আহ্বান কৰাৰ অন্যতম এটা পদ্ধতি হৈছে উদাহৰণৰ দ্বাৰা উৎসাহিত কৰি আহ্বান কৰা।
সেইসকল উলামাৰ মৰ্যাদা অধিক, যিসকলে মানুহক ইল্ম শিক্ষা দিয়ে আৰু সেই ইল্ম মুতাবিক নিজেও আমল কৰে আৰু মানুহকো আহ্বান কৰে।
উলামা আৰু দ্বীনি জ্ঞান অৰ্জনকাৰী ছাত্ৰসকলক সন্মান কৰিবলৈ আৰু তেওঁলোকৰ বাবে দুআ কৰিবলৈ উৎসাহিত কৰা হৈছে।
মানুহক কল্যাণকৰ জ্ঞান শিকাবলৈ উৎসাহিত কৰা হৈছে, কাৰণ এইটোৱে হৈছে তেওঁলোকৰ মুক্তিৰ পথ আৰু সুখ অৰ্জনৰ অন্যতম কাৰণ।
ছুনান তিৰমিজী (4/ 416) (2685).
অধিক (12)
كنوز رياض الصالحين.
لمجموعة من الباحثين (16/ 481).
مرقاة المفاتيح شرح مشكاة المصابيح.
لعلي القاري (1/ 298).
فيض القدير شرح الجامع الصغير.
للمناوي (4/ 432).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 469).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص758).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 954).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 6«فضلُ العالم علىٰ العَابدِ كفضلِي علىٰ أدْنَاكم»،
- مشروع المنهج التعليميمادة الدعوة«إِنَّ اللهَ وَمَلَائِكَتَهُ وَأَهْلَ السَّمَوَاتِ وَالأَرَضِينَ حَتَّى النَّمْلَةَ فِي جُحْرِهَا وَحَتَّى الحُوتَ لَيُصَلُّونَ عَلَى مُعَلِّمِ النَّاسِ الخَيْرَ»
- مشروع المنهج التعليميمادة الدعوة«إِنَّ اللهَ وَمَلَائِكَتَهُ وَأَهْلَ السَّمَوَاتِ وَالأَرَضِينَ حَتَّى النَّمْلَةَ فِي جُحْرِهَا وَحَتَّى الحُوتَ لَيُصَلُّونَ عَلَى مُعَلِّمِ النَّاسِ الخَيْرَ».