Skip to content

সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।"

«وَالَّذِي نَفْسِي بِيَدِهِ، لَيُوشِكَنَّ أَنْ يَنْزِلَ فِيكُمْ ابْنُ مَرْيَمَ حَكَمًا مُقْسِطًا، فَيَكْسِرَ الصَّلِيبَ، وَيَقْتُلَ الخِنْزِيرَ، وَيَضَعَ الجِزْيَةَ، وَيَفِيضَ المَالُ حَتَّى لاَ يَقْبَلَهُ أَحَدٌ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাই কৈছে যে, অচিৰেই ঈছা ইবনে মৰিয়ম আলাইহিচ্ছাম অৱতৰণ কৰিব, আৰু মানুহৰ মাজত তেওঁ চৰীয়তে মুহাম্মদী মুতাবিক ন্যায়ৰ সৈতে শাসন কৰিব। লগতে তেওঁ, সেই ক্ৰচ ভাঙি পেলাব যিটোক খ্ৰীষ্টানসকলে সন্মান কৰে। ঈছা আলাইহিচ্ছালামে গাহৰি বধ কৰিব। কৰ নিঃশেষ কৰিব আৰু সকলো লোককে ইছলাম গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। সেই সময়ত ধন-সম্পদ ইমানেই বৃদ্ধি পাব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছুক নহ'ব। কাৰণ তেতিয়া সকলোৰে হাতত অধিক পৰিমান সম্পদ থাকিব, বৰকত আৰু কল্যাণ অবিৰামভাৱে অৱতৰণ কৰিব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ দ্বাৰা এই কথা প্ৰমাণিত যে, শেষ জামানাত ঈছা আলাইহিচ্ছালাম অৱতৰণ কৰিব। তেওঁৰ অৱতৰণ হৈছে ক্বিয়ামতৰ এটা ডাঙৰ নিদৰ্শন।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰীয়তক কোনো বিধানেই ৰহিত কৰিব নোৱাৰিব।

শেষ জামানাত সম্পদত অতিমাত্ৰা বৰকত নাজিল হ'ব, আনকি সম্পদৰ পৰা মানুহৰ ইচ্ছা নাইকীয়া হৈ যাব।

হাদীছটোত এই সুসংবাদ দিয়া হৈছে যে, দ্বীনে ইছলাম অৱশিষ্ট থাকিব, আৰু শেষ জামানাত ঈছা আলাইহিচ্ছালাম এই চৰীয়ত মতেই শাসন কৰিব।

সম্পাদক

ছহীহ বুখাৰী (3/ 82) (2222).

ছহীহ মুছলিম (1/ 135) (155).

অধিক (3)

شرح النووي على مسلم (1/471).

التوضيح (14/555).

عمدة القاري شرح صحيح البخاري (12/ 35).