সেই ব্যক্তি আমাৰ উম্মতৰ অন্তর্ভুক্ত নহয়, যিয়ে কু-লক্ষণ বিশ্বাস কৰে বা যাৰ বাবে কু-লক্ষণ গ্রহণ কৰা হয় অথবা যিয়ে ভৱিষ্যত গণনা কৰে বা যাৰ বাবে গণনা কৰা হয় অথবা যিয়ে যাদু কৰে বা যাৰ হৈ যাদু কৰা হয়,
ইমৰাণ ইবনে হুচাইন ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
সেই ব্যক্তি আমাৰ উম্মতৰ অন্তর্ভুক্ত নহয়, যিয়ে কু-লক্ষণ বিশ্বাস কৰে বা যাৰ বাবে কু-লক্ষণ গ্রহণ কৰা হয় অথবা যিয়ে ভৱিষ্যত গণনা কৰে বা যাৰ বাবে গণনা কৰা হয় অথবা যিয়ে যাদু কৰে বা যাৰ হৈ যাদু কৰা হয়, আৰু যিয়ে (মন্ত্ৰ পঢ়ি) গাঁঠিত ফুঁ দিয়ে। (জানি থোৱা!) যি ব্যক্তিয়ে কোনো ভৱিষ্যৎ গণনাকাৰীৰ ওচৰলৈ আহে আৰু সি যি কয় তাক বিশ্বাস কৰে, সেই ব্যক্তি দৰাচলতে মুহাম্মদৰ ওপৰত অৱতীর্ণ হোৱা কোৰআনক অস্বীকাৰ কৰে।
«لَيْسَ مِنَّا مَنْ تَطَيَّرَ أَوْ تُطُيِّرَ لَهُ، أَوْ تَكَهَّنَ أَوْ تُكُهِّنَ لَهُ، أَوْ سَحَرَ أَوْ سُحِرَ لَهُ، وَمَنْ عَقَدَ عُقْدَةً، وَمَنْ أَتَى كَاهِنًا فَصَدَّقَهُ بِمَا يَقُولُ فَقَدْ كَفَرَ بِمَا أُنْزِلَ عَلَى مُحَمَّدٍ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ».
কিছুমান কৰ্ম সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে সেইবোৰ কৰিব, সি আমাৰ উম্মতৰ অন্তৰ্ভুক্ত নহয়। সেইবোৰ হৈছেঃ প্ৰথমঃ "যিয়ে কু-লক্ষণ বিশ্বাস কৰে বা যাৰ বাবে কু-লক্ষণ গ্রহণ কৰা হয়" এইটো হৈছে কোনো কাম আৰম্ভ কৰাৰ পূৰ্বে পাৰ চৰাই উৰুৱাই মঙ্গল অমঙ্গল গণনা কৰা, যেনে- ভ্ৰমণলৈ যোৱাৰ আগত নাইবা ব্যৱসায়-বাণিজ্য আৰম্ভ কৰাৰ আগত অথবা বেলেগ কোনো কাম আৰম্ভ কৰাৰ আগত। যদি চৰাইটো সোঁফালে উৰি যায় তেন্তে মঙ্গল হ'ব বুলি বিশ্বাস কৰি কাম আৰম্ভ কৰা আৰু বাওঁফালে উৰি গ'লে অমঙ্গল হ'ব বুলি বিশ্বাস কৰি কামৰ পৰা বিৰত থকা। এনেকুৱা কৰ্ম নিজেও কৰা বৈধ নহয় আৰু আনৰ বাবে কৰাও বৈধ নহয়। এই মঙ্গল-অমঙ্গল বা কু-লক্ষণ আদি কোনো ক্ষেত্ৰতে গ্ৰহণ কৰা বৈধ নহয়। শুনিব পৰা কোনো বিষয় হওক বা দেখিব পৰা কোনো বিষয়, চৰাই-চিৰিকটি, জীৱ-জন্তু, বিশেষভাৱে সক্ষম লোকসকল, কোনো নম্বৰ অথবা কোনো দিন নাইবা আন কোনো বস্তু একোকে মঙ্গল-অমঙ্গল বুলি বিশ্বাস কৰা বৈধ নহয়। দ্বিতীয়ঃ "যিয়ে ভৱিষ্যত গণনা কৰে বা যাৰ বাবে গণনা কৰা হয়"। অৰ্থাৎ যিয়ে তাৰকাৰাজিৰ সহায়ত গায়েবৰ ইল্ম থকা বুলি দাবী কৰে। অথবা যিয়ে এনে কোনো ব্যক্তিৰ ওচৰলৈ যায়, যিয়ে ভৱিষ্যৎ জানে বুলি দাবী কৰে, যেনে জ্যোতিষি আদি। সেই জ্যোতিষিয়ে যি কয় সি যদি সেয়া বিশ্বাস কৰে তেন্তে সি দৰাচলতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনক অবিশ্বাস কৰে। তৃতীয়ঃ "যিয়ে যাদু কৰে বা যাৰ হৈ যাদু কৰা হয়"। অৰ্থাৎ যিয়ে নিজে যাদু কৰে নাইবা যিয়ে কাৰোবাৰ হতোৱাই যাদু কৰায়, কোনো উপকাৰ সাধন কৰিবলৈ বা কাৰো ক্ষতি কৰিবলৈ, অথবা যিয়ে মন্ত্ৰ আদি পঢ়ি সূতাত ফুঁ দি গাঁঠি বান্ধে।
...:
আল্লাহৰ ওপৰত ভৰসা কৰা ওৱাজিব আৰু তেখেতে নিৰ্ধাৰণ কৰা ভাগ্য তথা তাক্বদীৰৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য। পক্ষান্তৰে চৰাই উৰুৱাই মঙ্গল-অমঙ্গল বিশ্বাস কৰা, কোনো বস্তুক কু-লক্ষণ বুলি গণ্য কৰা, যাদু কৰা, ভৱিষ্যৎ গণনা কৰা আৰু জ্যোতিষিৰ ওচৰলৈ যোৱা আদি সকলো কৰ্মই হৈছে হাৰাম।
গায়েবৰ জ্ঞান থকা বুলি দাবী কৰাটো হৈছে শ্বিৰ্ক, আৰু এইটো হৈছে তাওহীদৰ পৰিপন্থী।
জ্যোতিষি আদিৰ ভৱিষ্যৎ বাণীক বিশ্বাস কৰা আৰু সিহঁতৰ ওচৰলৈ যোৱা হাৰাম। গ্ৰহ-নক্ষত্ৰক কেন্দ্ৰ কৰি কোৱা কথা, বাটি-পিয়লা আদি চালান কৰা, ৰাশিফল বিশ্বাস কৰা আদিও ইয়াৰেই অন্তৰ্ভুক্ত। আনকি জনাৰ উদ্দেশ্যেও এইবোৰ কৰা হাৰাম।
অধিক (11)
مسند البزار = البحر الزخار (9/ 52) (3578).
شرح السنة للبغوي (12/ 182).
مجموع الفتاوى (35/ 173).
القول المفيد على كتاب التوحيد.
لابن عثيمين (1/ 543).
التمهيد لشرح كتاب التوحيد.
لصالح آل الشيخ (ص315).
الجديد في شرح كتاب التوحيد.
لمحمد القرعاوي (ص242).
الملخص في شرح كتاب التوحيد.
لصالح الفوزان (ص217).
গ্ৰন্থসমূহত উল্লেখিত
7 গ্ৰন্থসমূহঅধিক (7)
- حكم السحر والكهانة(من أتى كاهناً فصدّقه بما يقول فقد كفر بما أنزل على محمد -صلى الله عليه وسلم- )
- حكم السحر والكهانة(من أتى كاهناً فصدقه بما يقول فقد كفر بما أنزل على محمد -صلى الله عليه وسلم- )،
- حكم السحر والكهانة(من أتى كاهناً فصدقه بما يقول فقد كفر بما أنزل على محمد -صلى الله عليه وسلم- )،
- عقيدة الأئمة الأربعة«لَيْسَ مِنَّا مَنْ تَطَيَّرَ أَوْ تُطِيِّرَ لَهُ، أَوْ تَكَهَّنَ أَوْ تُكُهِّنَ لَهُ، أَوْ سَحَرَ أَوْ سُحِرَ لَهُ»،
- كتاب التوحيدكتاب التوحيد للشيخ محمد بن عبد الوهاب((مَنْ أَتَى كَاهِنًا فَصَدَّقَهُ بِمَا يَقُولُ فَقَدْ كَفَرَ بِمَا أُنْزِلَ عَلَى مُحَمَّدٍ صلى الله عليه وسلم))
- كتاب التوحيدكتاب التوحيد للشيخ محمد بن عبد الوهاب((لَيْسَ مِنَّا مَنْ تَطَيَّرَ أَوْ تُطُيِّرَ لَهُ، أَوْ تَكَهَّنَ أَوْ تُكُهِّنَ لَهُ، أَوْ سَحَرَ أَوْ سُحِرَ لَهُ، وَمَنْ أَتَى كَاهِنًا فَصَدَّقَهُ بِمَا يَقُولُ فَقَدْ كَفَرَ بِمَا أُنْزِلَ عَلَى مُحَمَّدٍ صلى الله عليه وسلم))
- مطوية الرقيةالرقية الشرعية - 1" ليس منّا مَن تطيّر أو تُطير له، أو تكهّن أو تُكهّن له، أو سَحر أو سُحر له، ومن أتى كاهناً فصدقه بما يقول فقد كفر بما أنزل على محمد ".