জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া বৰকতময় মহান আল্লাহে ক'বঃ তোমালোকে বিচৰানে মই তোমালোকক আৰু কিবা দান কৰোঁ?
চুহাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া বৰকতময় মহান আল্লাহে ক'বঃ তোমালোকে বিচৰানে মই তোমালোকক আৰু কিবা দান কৰোঁ? তেতিয়া তেওঁলোকে ক'বঃ (হে আমাৰ প্ৰতিপালক) তুমি আমাৰ মুখমণ্ডলবোৰ আলোকজ্জ্বল কৰি দিয়া নাইনে? তুমি আমাক জান্নাতত প্ৰৱেশ কৰোৱা নাইনে? তুমি আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা নাইনে? (ইয়াৰ পিছতো আৰু কি লাগে?)। তেতিয়া মহান আল্লাহে পৰ্দা উন্মুক্ত কৰিব। তেতিয়া তেওঁলোকৰ এনেকুৱা লাগিব যে, সৰ্বশক্তিমান আল্লাহৰ দৰ্শনতকৈ উত্তম কোনো বস্তুৱে তেওঁলোকক দিয়া হোৱা নাই।"
«إِذَا دَخَلَ أَهْلُ الْجَنَّةِ الْجَنَّةَ، قَالَ: يَقُولُ اللهُ تَبَارَكَ وَتَعَالَى: تُرِيدُونَ شَيْئًا أَزِيدُكُمْ؟ فَيَقُولُونَ: أَلَمْ تُبَيِّضْ وُجُوهَنَا؟ أَلَمْ تُدْخِلْنَا الْجَنَّةَ، وَتُنَجِّنَا مِنَ النَّارِ؟ قَالَ: فَيَكْشِفُ الْحِجَابَ، فَمَا أُعْطُوا شَيْئًا أَحَبَّ إِلَيْهِمْ مِنَ النَّظَرِ إِلَى رَبِّهِمْ عَزَّ وَجَلَّ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া মহান আল্লাহে তেওঁলোকক ক'বঃ তোমালোকে বিচৰানে যে, মই তোমালোকক আৰু কিবা দান কৰোঁ? তেতিয়া জান্নাতৰ সকলো অধিবাসীয়ে একে সুৰত ক'বঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ মুখমণ্ডলবোৰ আলোকপ্ৰদ কৰা নাইনে? তুমিয়ে আমাক জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ দিয়া নাইনে? আৰু তুমিয়ে আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা নাইনে? তেতিয়া মহান আল্লাহে হিজাব তথা পৰ্দা আঁতৰাই দিব, তেওঁৰ পৰ্দা হৈছে নূৰ। তেতিয়া জান্নাতীসকলে অনুভৱ কৰিব যে, সৰ্বশক্তিমান আল্লাহৰ দৰ্শনতকৈ অধিক পছন্দনীয় বস্তু তেওঁলোকক একোৱে দিয়া হোৱা নাই।
জান্নাতীসকলৰ বাবে মহান আল্লাহৰ পৰ্দা উন্মুক্ত কৰা হ'ব, ফলত তেওঁলোকে নিজ প্ৰতিপালকক দেখিব। আনহাতে কাফিৰসকলে এই দৰ্শনৰ পৰা বঞ্চিত হ'ব।
জান্নাতৰ সৰ্বোৎকৃষ্ট নিয়ামত হৈছে, মুমিনসকলক দিয়া মহান আল্লাহৰ দৰ্শন।
জান্নাতৰ প্ৰতিজন অধিবাসীয়েই মহান আল্লাহক দৰ্শন কৰিব, যদিও তেওঁলোকৰ স্তৰ বেলেগ বেলেগ থাকিব।
মুমিনসকলৰ প্ৰতি এইটো মহান আল্লাহৰ অত্যন্ত অনুগ্ৰহ যে, তেওঁ মুমিনসকলক জান্নাতত প্ৰৱেশৰ সুযোগ প্ৰদান কৰিছে।
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যৰ সৈতে সৎকৰ্মৰ জৰিয়তে জান্নাতৰ প্ৰতি অগ্ৰসৰ হোৱাৰ গুৰুত্ব।
ছহীহ মুছলিম (1/ 163) (181).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (3/ 349).
شرح رياض الصالحين.
لابن عثيمين (6/ 734).
كنوز رياض الصالحين.
لمجموعة من الباحثين.
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 1294).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الخطب المنبرية موسوعة الخطب المنبرية (القسم الثاني)«إِذَا دَخَلَ أَهْلُ الْجَنَّةِ الْجَنَّةَ، قَالَ: يَقُولُ اللَّهُ تَبَارَكَ وَتَعَالَىٰ: تُرِيدُونَ شَيْئًا أَزِيدُكُمْ؟ فَيَقُولُونَ: أَلَمْ تُبَيِّضْ وُجُوهَنَا؟ أَلَمْ تُدْخِلْنَا الْجَنَّةَ وَتُنْجِنَا مِنَ النَّارِ؟ قَالَ: فَيَكْشِفُ
- الله -جل جلاله- أنيس المحبين وملاذ القاصدين«إِذَا دَخَلَ أَهْلُ الجَنَّةِ الجَنَّةَ، يقَوْلُ اللهُ -تبارك وتعالى- : تُرِيدُونَ شَيْئًا أَزِيدُكُمْ؟ فَيَقُوْلُوْنَ: أَلَمْ تُبَيِّضْ وُجُوهَنَا؟ أَلَمْ تُدْخِلْنَا الجَنَّةَ، وَتُنَجِّنَا مِنَ النَّارِ؟ فَيَكْشِفُ الحِجَابَ، فَمَا أُع
- محاضرات تعظيم قدر الصلاةمحاضرات في تعظيم قدر الصلاة" إِذَا دَخَلَ أَهْلُ الْجَنَّةِ الْجَنَّةَ، قَالَ: يَقُولُ اللهُ تَبَارَكَ وَتَعَالَى: تُرِيدُونَ شَيْئًا أَزِيدُكُمْ؟ فَيَقُولُونَ: أَلَمْ تُبَيِّضْ وُجُوهَنَا؟ أَلَمْ تُدْخِلْنَا الْجَنَّةَ، وَتُنَجِّنَا مِنَ النَّارِ؟ قَالَ: فَيَكْشِفُ
- موسوعة الإيمان«إِذَا دَخَلَ أَهْلُ الْجَنَّةِ الْجَنَّةَ، قَالَ: يَقُولُ اللهُ تَبَارَكَ وَتَعَالَى: تُرِيدُونَ شَيْئًا أَزِيدُكُمْ؟ فَيَقُولُونَ: أَلَمْ تُبَيِّضْ وُجُوهَنَا؟ أَلَمْ تُدْخِلْنَا الْجَنَّةَ وَتُنَجِّنَا مِنَ النَّارِ؟ قَالَ: فَيُكْشَفُ ال
- موسوعة الإيمان«إِذَا دَخَلَ أَهْلُ الْجَنَّةِ الْجَنَّةَ، قَالَ: يَقُولُ اللهُ تبارك وتعالى: تُرِيدُونَ شَيْئًا أَزِيدُكُمْ؟ فَيَقُولُونَ: أَلَمْ تُبَيِّضْ وُجُوهَنَا؟ أَلَمْ تُدْخِلْنَا الْجَنَّةَ، وَتُنَجِّنَا مِنَ النَّارِ؟ قَالَ: فَيَكْشِفُ الْحِجَاب