আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" তেওঁ ক'লেঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" তেওঁ ক'লেঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ- আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" তেওঁ ক'লেঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" তেওঁ ক'লেঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।" তেওঁ কৈছেঃ তেখেতে মোক এইখিনি কথা কৈছে, মই যদি তেখেতক আৰু সুধিলোঁহেঁতেন তেন্তে তেখেতে আৰু ক'লেহেঁতেন।
سَأَلْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: أَيُّ العَمَلِ أَحَبُّ إِلَى اللَّهِ؟ قَالَ: «الصَّلاَةُ عَلَى وَقْتِهَا»، قَالَ: ثُمَّ أَيٌّ؟ قَالَ: «ثُمَّ بِرُّ الوَالِدَيْنِ» قَالَ: ثُمَّ أَيٌّ؟ قَالَ: «الجِهَادُ فِي سَبِيلِ اللَّهِ» قَالَ: حَدَّثَنِي بِهِنَّ، وَلَوِ اسْتَزَدْتُهُ لَزَادَنِي.
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হৈছে যে, আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? ইয়াৰ উত্তৰত তেখেতে কৈছেঃ চৰীয়তে নিৰ্ধাৰণ কৰা সময়ত ফৰজ নামাজসমূহ আদায় কৰা। ইয়াৰ পিছত হৈছে, পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ যথাযথভাৱে পালন কৰা, তেওঁলোকৰ অবাধ্যতা নকৰা। ইয়াৰ পিছত হৈছে আল্লাহৰ পতাকা সুউচ্চ ৰাখিবলৈ আল্লাহৰ পথত যুদ্ধ কৰা, তথা ইছলাম আৰু মুছলিমৰ হৈ প্ৰতিৰক্ষা কৰা আৰু ইছলামী নিদৰ্শনাৱলীৰ হিফাজত কৰা। এই প্ৰতিৰক্ষা সম্পদৰ দ্বাৰাও কৰিব লাগিব আৰু সশৰীৰেও কৰিব লাগিব। ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ তেখেতে মোক এইবোৰ আমল সম্পৰ্কে জনাইছে। যদি মই পুনৰ ক'লোহেঁতেন যে, ইয়াৰ পিছত কোনটো? তেন্তে তেখেতে আৰু ক'লেহেঁতেন।
.....:
আল্লাহৰ পছন্দ অনুসৰি আমলৰ মাজতো স্তৰ আছে।
নেক আমলৰ স্তৰ অনুসৰি মুছলিমসকলক আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
আটাইতকৈ উত্তম আমল কোনটো, এই প্ৰশ্নটোৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যক্তি আৰু পৰিস্থিতি সাপেক্ষে বিভিন্নজনক বেলেগ বেলেগ উত্তৰ দিছে। যাৰ বাবে যিটো আমল বেছি উপকাৰী আছিল, তাৰ কাৰণে সেইটো আমলকে উত্তম বুলি কৈছিল।
ছহীহ বুখাৰী (1/ 112) (527).
ছহীহ মুছলিম (1/ 90) (85).
অধিক (6)
الإلمام بشرح عمدة الأحكام.
لإسماعيل الأنصاري (1/ 70).
تيسير العلام شرح عمدة الأحكام.
للبسام (ص84).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (1/ 108).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمسَأَلْتُ النَّبِيَّ ﷺ: أَيُّ العَمَلِ أَحَبُّ إِلَى اللَّهِ؟ قَالَ: «الصَّلاَةُ عَلَى وَقْتِهَا»، قَالَ: ثُمَّ أَيٌّ؟ قَالَ: «ثُمَّ بِرُّ الوَالِدَيْنِ» قَالَ: ثُمَّ أَيٌّ؟ قَالَ: «الجِهَادُ فِي سَبِيلِ اللَّهِ» قَالَ: حَدَّثَنِي بِهِنَّ، و
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمسَأَلْتُ النَّبِيَّ ﷺ: أَيُّ العَمَلِ أَحَبُّ إِلَى اللَّهِ؟ قَالَ: «الصَّلَاةُ عَلَى وَقْتِهَا»، قَالَ: ثُمَّ أَيٌّ؟ قَالَ: «ثُمَّ بِرُّ الوَالِدَيْنِ» قَالَ: ثُمَّ أَيٌّ؟ قَالَ: «الجِهَادُ فِي سَبِيلِ اللَّهِ» قَالَ: حَدَّثَنِي بِهِنَّ، و
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالحسألت رسول الله صلى الله عليه وسلم: أي العمل أحب إلى الله؟ قال: “الصلاة على وقتها”.
- نبراس طالب (1)1أَيُّ العَمَلِ أَحَبُّ إِلَى اللهِ؟ قَالَ: «الصَّلاَةُ عَلَى وَقْتِهَا»
- نبراس طالب (2)نبراس طالب (2) فعن عَبْدِ اللهِ بنِ مسعود رضي الله عنه قَالَ: «سَأَلْتُ النَّبِيَّ صلى الله عليه وسلم: أَيُّ الْعَمَلِ أَحَبُّ إِلَى اللهِ؟ قَالَ: الصَّلَاةُ عَلَى وَقْتِهَا»