Skip to content

ছাজদাহ অৱস্থাত বান্দা প্ৰতিপালকৰ আটাইতকৈ নিকটৱৰ্তী থাকে। গতিকে সেই সময়ত তোমালোকে বেছি বেছি দুআ কৰিবা।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

ছাজদাহ অৱস্থাত বান্দা প্ৰতিপালকৰ আটাইতকৈ নিকটৱৰ্তী থাকে। গতিকে সেই সময়ত তোমালোকে বেছি বেছি দুআ কৰিবা।

«أَقْرَبُ مَا يَكُونُ الْعَبْدُ مِنْ رَبِّهِ وَهُوَ سَاجِدٌ، فَأَكْثِرُوا الدُّعَاءَ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত বৰ্ণনা কৰিছে যে, ছাজদাৱস্থাত বান্দা নিজ প্ৰতিপালকৰ আটাইতকৈ নিকটৱৰ্তী থাকে। কিয়নো মুছল্লীয়ে নিজৰ সৱাতোকৈ সন্মানিত অংগসমূহ ছাজদাহ অৱস্থাত মাটিত ৰাখি মহান আল্লাহৰ ওচৰত অনুনয়-বিনয় কৰে তথা আনুগত্য প্রকাশ কৰে। সেইকাৰণে নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ছাজদাহ অৱস্থাত অধিক দু‘আ কৰিবলৈ নিৰ্দেশ দিছে। যাতে কথা আৰু কৰ্ম উভয়ৰ মাধ্যমেৰে মহান আল্লাহৰ ওচৰত বিনয় আৰু নম্রতা প্ৰকাশ হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আনুগত্যই বান্দাক মহান আল্লাহৰ অধিক নিকটৱৰ্তী কৰি দিয়ে।

ছাজদাহ অৱস্থাত বেছি বেছি দুআ কৰা মুস্তাহাব, কাৰণ এইটো হৈছে দুআ কবূল হোৱাৰ ঠাই।

সম্পাদক

ছহীহ মুছলিম (1/ 350) (482).

অধিক (6)

شرح رياض الصالحين.

لابن عثيمين (5/ 509).

تطريز رياض الصالحين.

لفيصل المبارك (ص780).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 506).