মোক এনেকুৱা পাঁচটা বস্তু প্ৰদান কৰা হৈছে যিবোৰ মোৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাই।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মোক এনেকুৱা পাঁচটা বস্তু প্ৰদান কৰা হৈছে যিবোৰ মোৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাই। এক মাহ পথৰ দূৰত্বৰ পৰা (কাফিৰ-মুশ্বৰিকসকলৰ অন্তৰত) আতংক (সৃষ্টি)ৰ দ্বাৰা মোক সহায় কৰা হৈছে। মোৰ বাবে সমগ্ৰ ভূ-পৃষ্ঠক পৱিত্ৰকাৰী আৰু ছাজদাৰ স্থান বনাই দিয়া হৈছে। এতেকে মোৰ উম্মতৰ কোনো ব্যক্তিয়ে যেতিয়া ছালাতৰ সময়ত উপনীত হ'ব, সি তেতিয়াই সেই ঠাইতেই ছালাত আদায় কৰিব। মোৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল কৰা হৈছে, ইতিপূৰ্বে আন কোনো উম্মতৰ বাবে সেয়া হালাল নাছিল। মোক শ্বাফাআতৰ অনুমতি দিয়া হৈছে। এইদৰে আন আন নবীসকলক কেৱল নিজ নিজ সম্প্ৰদায়ৰ বাবে প্ৰেৰণ কৰা হৈছিল, কিন্তু মোক গোটেই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে।"
«أُعْطِيتُ خَمْسًا لَمْ يُعْطَهُنَّ أَحَدٌ قَبْلِي: نُصِرْتُ بِالرُّعْبِ مَسِيرَةَ شَهْرٍ، وَجُعِلَتْ لِي الأَرْضُ مَسْجِدًا وَطَهُورًا، فَأَيُّمَا رَجُلٍ مِنْ أُمَّتِي أَدْرَكَتْهُ الصَّلاَةُ فَلْيُصَلِّ، وَأُحِلَّتْ لِي المَغَانِمُ، وَلَمْ تَحِلَّ لِأَحَدٍ قَبْلِي، وَأُعْطِيتُ الشَّفَاعَةَ، وَكَانَ النَّبِيُّ يُبْعَثُ إِلَى قَوْمِهِ خَاصَّةً وَبُعِثْتُ إِلَى النَّاسِ عَامَّةً».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে তেখেতক এনেকুৱা পাঁচটা গুণ প্ৰদান কৰিছে যিবোৰ তেখেতৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাছিল। প্ৰথমঃ মোক প্ৰভাৱ প্ৰদান কৰি সহায় কৰা হৈছে, এনেকুৱা প্ৰভাৱ যিয়ে মোৰ শত্ৰুসকলৰ অন্তৰত আতংক সৃষ্টি কৰে, যদিও মোৰ আৰু তাৰ মাজত এক মাহৰ দূৰত্ব থাকে তথাপিও তাক আতংকিত কৰে। দ্বিতীয়ঃ আমাৰ বাবে গোটেই পৃথিৱীক ছাজদাহ কৰিব পৰা ঠাই বনাই দিছে। গতিকে আমি য'তেই থাকোঁ ততেই নামাজ পঢ়িব পাৰোঁ। এইদৰে ইয়াৰ মাটিকো পৱিত্ৰ কৰি দিছে, পানী নথকা অৱস্থাত মাটিৰে পৱিত্ৰতা অৰ্জন কৰিব পাৰি। তৃতীয়ঃ যুদ্ধলব্ধ সম্পদ আমাৰ বাবে হালাল কৰিছে। এইটো হৈছে সেই সম্পদ যিটো কাফিৰসকলৰ সৈতে যুদ্ধ কৰি মুছলিমসকলে সংগ্ৰহ কৰে। চতুৰ্থঃ মোক মহা শ্বাফাআত দান কৰা হৈছে। যাতে মানুহক কিয়ামতৰ দিনা ভয়াৱহ পৰিস্থিতিৰ পৰা সকাহ দিব পাৰোঁ। পঞ্চমঃ মোক গোটেই মানৱ আৰু জিন জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। অথচ মোৰ পূৰ্বৱৰ্তী নবীসকলক কেৱল তেওঁলোকৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছিল।
মহান আল্লাহে প্ৰদান কৰা নিয়ামত প্ৰকাশ কৰা তথা মানুহৰ ওচৰত উল্লেখ কৰা বৈধ, লগতে ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে।
এইবোৰ গুণ প্ৰদান কৰি মহান আল্লাহে এই উম্মতৰ প্ৰতি আৰু নবীৰ প্ৰতি অনুগ্ৰহ কৰিছে।
সকলো অৱস্থাতে নিৰ্ধাৰিত সময়ত নামাজ পঢ়া অনিবাৰ্য্য। নামাজৰ চৰ্তসমূহ, আৰকান আৰু ওৱাজিবাতসমূহ সহকাৰে সক্ষম অনুযায়ী আদায় কৰিব লাগে।
অন্যান্য নবীসকলৰ তুলনাত বিশেষকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক যি শ্বাফাআত প্ৰদান কৰা হৈছে, সেয়া কেইবাটাও প্ৰকাৰৰ। যেনে- গোটেই সৃষ্টিসকলৰ হৈ শ্বাফাআত কৰিব, সিহঁতৰ মাজত ফয়চালাৰ উদ্দেশ্যে। এইদৰে তেখেতে জান্নাতীসকলক জান্নাতত প্ৰৱেশ কৰাবলৈ শ্বাফাআত কৰিব। তেখেতৰ খুৰা আবু তালিবৰ শাস্তি লাঘৱ কৰিবলৈ শ্বাফাআত কৰিব, জাহান্নামৰ পৰা মুক্তিৰ বাবে নহয়, কাৰণ তেওঁ কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বহুতো বিশেষ গুণ প্ৰদান কৰা হৈছিল, যিবোৰ এই হাদীছটোত উল্লেখ নাই। উদাহৰণস্বৰূপেঃ তেখেত জাৱামেউল কালিম, (অৰ্থাৎ কম শব্দত অধিক অৰ্থ প্ৰকাশ কৰিব পৰা ক্ষমতা)ৰ অধিকাৰী আছিল। তেখেতৰ জৰিয়তে নুবুওৱতৰ ধাৰাবাহিকতা সমাপ্ত হৈছে। আমাৰ শাৰীবোৰক ফিৰিস্তাসকলৰ শাৰীৰ সৈতে তুলনা কৰা হৈছে ইত্যাদি।
ছহীহ বুখাৰী (1/ 74) (335).
ছহীহ মুছলিম (1/ 370) (521).
অধিক (4)
تيسير العلام شرح عمدة الأحكام.
للبسام (ص74).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (1/ 94).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الثالث)«وَجُعِلَتْ لِيَ الْأَرْضُ مَسْجِدًا وَطَهُورًا، فَأَيُّمَا رَجُلٍ مِنْ أُمَّتِي أَدْرَكَتْهُ الصَّلَاةُ فَلْيُصَلِّ»
- مباحث في أصول الدين1«أعطيت خمسًا لم يعطهنّ أحدٌ قبلي: نصرت بالرّعب مسيرة شهرٍ، وجعلت لي الأرض مسجدًا وطهورًا، فأيّمـا رجلٍ من أمّتي أدركته الصّلاة فليصلّ، وأحلّت لي المغانم ولم تحلّ لأحدٍ قبلـي...»
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)التربية الأسلامية 1«وكان النبي يُبعث إلى قومه خاصة وبُعثت إلى الناس عامة».
- مشروع المنهج التعليميمادة الفقه مستوى 3«وجُعلتْ لي الأرضً مسجدًا وطهورًا».
- من الأحكام الفقهية في الطهارة والصلاة والجنائز«وَجُعِلَتْ لِي الْأَرْضُ مَسْجِدًا وَطَهُورًا» [6]،