Skip to content

কিয়ামতৰ দিনা মোৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ

প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! কিয়ামতৰ দিনা আপোনাৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য কোনে কোনে লাভ কৰিব? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে আবু হুৰাইৰাহ! হাদীছৰ প্ৰতি মই তোমাৰ আগ্ৰহ দেখিয়ে গম পাইছিলোঁ যে, এই বিষয়ে সৰ্বপ্ৰথম তুমিয়ে সুধিবা। শুনা, কিয়ামতৰ দিনা মোৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব।

قيل يا رسول الله من أسعد الناس بشفاعتك يوم القيامة؟ قال رسول الله صلى الله عليه وسلم: «لقد ظننت يا أبا هريرة ألا يسألني عن هذا الحديث أحد أول منك لما رأيت من حرصك على الحديث، أسعد الناس بشفاعتي يوم القيامة، من قال لا إله إلا الله، خالصًا من قلبه أو نفسه».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, কিয়ামতৰ দিনা তেখেতৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব, অৰ্থাৎ এই কথাৰ সাক্ষ্য দিব আৰু মনে প্ৰাণে মানি লব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, লগতে যিয়ে শ্বিৰ্ক আৰু লোকক দেখুৱা আমলৰ পৰা বিৰত থাকিব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ দ্বাৰা এই কথা প্ৰমাণিত হয় যে, আখিৰাতত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শ্বাফাআত বা ছুপাৰিছ কৰিব, আৰু এইটো হ'ব কেৱল মনে প্ৰাণে তাওহীদ স্বীকাৰ কৰা ব্যক্তিসকলৰ বাবে নিৰ্দিষ্ট।

তাওহীদ স্বীকাৰ কৰা লোকসকলৰ মাজৰ যিসকলৰ বিষয়ে জাহান্নামৰ ফয়চালা হৈছে, সিহঁতৰ ক্ষেত্ৰত তেখেতৰ শ্বাফাআতৰ অৰ্থ হৈছে, তেখেতে আল্লাহৰ ওচৰত অনুৰোধ কৰিব যে, আল্লাহে যেন সিহঁতক জাহান্নামত নিক্ষেপ নকৰে আৰু যিসকলে প্ৰৱেশ কৰিছে সিহঁতৰ ক্ষেত্ৰত শ্বাফাআতৰ অৰ্থ হৈছে আল্লাহে যেন সিহঁতক উলিয়াই আনে।

নিৰ্ভেজালভাৱে আল্লাহৰ তাওহীদ স্বীকাৰ কৰাৰ গুৰুত্ব, আৰু ইয়াৰ মহা প্ৰভাৱ।

লা ইলাহা ইল্লাল্লাহক অৰ্থ সহকাৰে জানি লৈ তাক বাস্তৱায়ন কৰা আৰু ইয়াৰ দাবী অনুসৰি আমল কৰা।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ ফজিলত আৰু জ্ঞান অৰ্জনৰ প্ৰতি থকা তেখেতৰ আগ্ৰহ হাদীছটোৰ দ্বাৰা স্পষ্ট।

সম্পাদক

ছহীহ বুখাৰী (1/ 31) (99).

অধিক (4)

منار القاري شرح مختصر صحيح البخاري.

لحمزة محمد قاسم (1/ 197).

القول المفيد على كتاب التوحيد.

لابن عثيمين (1/ 343).