কিয়ামতৰ দিনা সূৰ্য্যক সৃষ্টিৰ একেবাৰে নিকটৱৰ্তী কৰা হ'ব। ইমান নিকটৱৰ্তী কৰা হ'ব যে, কেৱল এক মাইল দূৰত্ব থাকিব।
মিক্বদাদ বিন আছৱাদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"কিয়ামতৰ দিনা সূৰ্য্যক সৃষ্টিৰ একেবাৰে নিকটৱৰ্তী কৰা হ'ব। ইমান নিকটৱৰ্তী কৰা হ'ব যে, কেৱল এক মাইল দূৰত্ব থাকিব।" বৰ্ণনাকাৰী ছুলাইম বিন আমিৰে মিক্বদাদৰ পৰা বৰ্ণনা কৰি কৈছেঃ আল্লাহৰ শপত! মই সঠিকভাৱে ক'ব নোৱাৰোঁ (الْمِيلِ) শব্দৰ দ্বাৰা কোনটো বুজোৱা হৈছে, ভূমিৰ দূৰত্ব মাইল নে চকুত চুৰমা (কাজল) ব্যৱহাৰ কৰিবলৈ ব্য়ৱহাৰ কৰা মীল। তেখেতে কৈছেঃ "সেইদিনা মানুহে নিজৰ আমল অনুপাতে ঘামৰ ভিতৰত থাকিব। কিছুমানৰ ঘাম খাৰগাঁঠি পৰ্যন্ত থাকিব, আকৌ কিছুমানৰ ঘাম আঁঠুৰ সমান থাকিব, আন কিছুমানৰ ঘাম কঁকাল পৰ্যন্ত থাকিব, এইদৰে কিছুমানৰ ঘাম মুখ পৰ্যন্ত লেকাম লগাৰ দৰে থাকিব। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুখৰ ফালে ইংগিত কৰি দেখুৱাইছিল এই পৰ্যন্ত থাকিব।"
«تُدْنَى الشَّمْسُ يَوْمَ الْقِيَامَةِ مِنَ الْخَلْقِ، حَتَّى تَكُونَ مِنْهُمْ كَمِقْدَارِ مِيلٍ»، قَالَ سُلَيْمُ بْنُ عَامِرٍ: فَوَاللهِ مَا أَدْرِي مَا يَعْنِي بِالْمِيلِ؟ أَمَسَافَةَ الْأَرْضِ، أَمِ الْمِيلَ الَّذِي تُكْتَحَلُ بِهِ الْعَيْنُ قَالَ: «فَيَكُونُ النَّاسُ عَلَى قَدْرِ أَعْمَالِهِمْ فِي الْعَرَقِ، فَمِنْهُمْ مَنْ يَكُونُ إِلَى كَعْبَيْهِ، وَمِنْهُمْ مَنْ يَكُونُ إِلَى رُكْبَتَيْهِ، وَمِنْهُمْ مَنْ يَكُونُ إِلَى حَقْوَيْهِ، وَمِنْهُمْ مَنْ يُلْجِمُهُ الْعَرَقُ إِلْجَامًا» قَالَ: وَأَشَارَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِيَدِهِ إِلَى فِيهِ.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামতৰ দিনা সূৰ্য্যক সৃষ্টিৰ একেবাৰে নিকটৱৰ্তী কৰা হ'ব। আনকি মানুহৰ মূৰৰ ওপৰত এক মাইল দূৰত্বত থাকিব। তাবেয়ী ছুলাইম বিন আমিৰে কৈছেঃ মই নাজানো ইয়াত কোনটো অৰ্থ লোৱা হৈছে, কিয়নো আৰবীৰ এই (الميل) শব্দটোৰ দুটা অৰ্থ আছে, এটাৰ দ্বাৰা ভূমিৰ দূৰত্বক বুজোৱা হয়, আৰু আনটো অৰ্থৰ দ্বাৰা চকুত কাজল দিবলৈ ব্যৱহাৰ কৰা শলাক বুজোৱা হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সেইদিনা সকলো মানুহে নিজৰ নিজৰ আমল অনুপাতে ঘামৰ মাজত থাকিব। কিছুমানৰ ঘাম সিহঁতৰ ভৰিৰ খাৰগাঁঠি পৰ্যন্ত থাকিব। আন কিছুমানৰ ঘাম থাকিব সিহঁতৰ আঁঠু পৰ্যন্ত। এইদৰে কিছুমানৰ ঘাম থাকিব কঁকাল পৰ্যন্ত, য'ত লুংগী, পেণ্ট তথা পায়জামা বান্ধি ৰখা হয়। আন কিছুমানৰ ঘাম থাকিব সিঁহতৰ মুখ পৰ্যন্ত, ফলত সিহঁতে কোনো কথা ক'ব নোৱাৰিব। বৰ্ণনাকাৰীয়ে কৈছেঃ এই কথা কোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ মুখৰ ফালে ইংগিত কৰি দেখুৱাইছিল।
হাদীছটোত কিয়ামতৰ ভয়াৱহতা বৰ্ণিত হৈছে আৰু ইয়াৰ পৰা সতৰ্ক কৰা হৈছে।
কিয়ামতৰ দিনা সকলো মানুহে নিজৰ নিজৰ আমল অনুপাতে কঠিন অৱস্থাত থাকিব।
নেক আমল কৰিবলৈ উৎসাহিত কৰা হৈছে, আৰু বেয়া আমলৰ পৰা সতৰ্ক কৰা হৈছে।
ছহীহ মুছলিম (4/ 2196) (2864).
(4/ 2196) (2863).
অধিক (5)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 368).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 475).
المعجم الوسيط (2/ 816).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 3«تُدْنَىٰ الشَّمْسُ يَوْمَ القِيَامَةِ مِنَ الخَلْقِ، حَتَّىٰ تكُونَ مِنْهُمْ كَمِقدَارِ مِيل»
- موسوعة الإيمان«تُدْنَى الشَّمْسُ يَوْمَ الْقِيَامَةِ مِنَ الْخَلْقِ، حَتَّى تَكُونَ مِنْهُمْ كَمِقْدَارِ مِيلٍ» -قَالَ سُلَيْمُ بْنُ عَامِرٍ: فَوَاللهِ مَا أَدْرِي مَا يَعْنِي بِالْمِيلِ؟ أَمَسَافَةَ الْأَرْضِ، أَمِ الْمِيلَ الَّذِي تُكْتَحَلُ بِهِ الْعَ