ইঝাৰ বা পৰিধেয় কাপোৰৰ যিটো অংশ ভৰিৰ সৰু গাঁঠিৰ তলত থাকিব, সেই অংশ জাহান্নামত যাব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
ইঝাৰ বা পৰিধেয় কাপোৰৰ যিটো অংশ ভৰিৰ সৰু গাঁঠিৰ তলত থাকিব, সেই অংশ জাহান্নামত যাব।
«مَا أَسْفَلَ مِنَ الكَعْبَيْنِ مِنَ الإِزَارِ فَفِي النَّارِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষসকলক শৰীৰৰ তলৰ ভাগত পৰিধান কৰা কাপোৰ, সেয়া লুঙ্গী হওক বা পায়জামা অথবা পেণ্ট, ভৰিৰ খাৰগাঁঠিৰ তললৈ পিন্ধিবলৈ নিষেধ কৰিছে তথা সতৰ্ক কৰিছে। যিয়ে ভৰিৰ খাৰগাঁঠিৰ তললৈ কাপোৰ পৰিধান কৰিব, সেই ব্যক্তিক জাহান্নামৰ শাস্তি বিহা হ'ব।
পুৰুষসকলক ভৰিৰ খাৰগাঁঠিৰ তলত কাপোৰ পৰিধান কৰিবলৈ নিষেধ কৰা হৈছে। এইটো হৈছে কবীৰাহ গুনাহ তথা মহাপাপ।
ইবনে হাজাৰে কৈছেঃ বিশেষ প্ৰয়োজনত খাৰগাঁঠিৰ তললৈ কাপোৰ পিন্ধিব পাৰে। যেনে- যদি কাৰোবাৰ খাৰগাঁঠিৰ তলত ঘা থাকে, য'ত মাখিয়ে অসুবিধা দিয়ে, আৰু সেইটোক ঢাকি ৰাখিবলৈ কোনো বস্তু নাপায় তেন্তে পৰিধেয় কাপোৰেৰে ঢাকি ৰাখিব পাৰে।
এই বিধানটো হৈছে কেৱল পুৰুষসকলৰ বাবে নিৰ্দিষ্ট। আনহাতে নাৰীসকলক নিৰ্দেশ দিয়া হৈছে যে, সিহঁতে যেন কাপোৰ চোঁচৰাই পিন্ধে, আনকি খাৰগাঁঠিৰ তলত এক হাত পৰিমাণ দীঘল পিন্ধিব পাৰে।
ছহীহ বুখাৰী (7/ 141) (5787).
অধিক (2)
إرشاد الساري لشرح صحيح البخاري (8/ 418).
ذخيرة العقبى في شرح المجتبى (23/ 76).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 4«مَا أَسْفَلَ مِنَ الْكَعْبَيْن مِنَ الإزارِ ففِي النَّارِ».
- قاموس الكبائرموسوعة الكبائر - المجموعة الخامسة«مَا أَسْفَلَ مِنَ الْكَعْبَيْنِ مِنَ الْإِزَارِ فَفِي النَّارِ»
- ما لا يسع أطفال المسلمين جهله«مَا أَسْفَلَ مِنَ الكَعْبَيْنِ مِنَ الإِزَارِ فَفِي النَّارِ»[126]،
- مشروع منهاج زادكزادك 3 طالب نهائي«مَا أَسْفَلَ مِنَ الكَعْبَيْنِ مِنَ الإِزَارِ فَفِي النَّارِ»