Skip to content

তোমালোকে জানানে তোমালোকৰ প্ৰতিপালকে কি কৈছে? তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেখেতে ক'লেঃ (আল্লাহে কৈছে) "মোৰ কিছুমান বান্দাই মুমিন হৈ আৰু কিছুমান বান্দাই কাফিৰ হৈ প্ৰভাত কৰিছে।

ঝায়েদ ইবনে খালিদ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ

ৰাতি বৰষুণ হোৱাৰ পাছত হুদাইবিয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাকলৈ ফজৰৰ চালাত আদায় কৰিলে। তেখেতে চালাত শেষ কৰি লোকসকলৰ ফালে মুখ কৰি বহিলে আৰু ক'লেঃ তোমালোকে জানানে তোমালোকৰ প্ৰতিপালকে কি কৈছে? তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেখেতে ক'লেঃ (আল্লাহে কৈছে) "মোৰ কিছুমান বান্দাই মুমিন হৈ আৰু কিছুমান বান্দাই কাফিৰ হৈ প্ৰভাত কৰিছে।" এতেকে যিজন বান্দাই কৈছে যে, আল্লাহে তেওঁৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ দিছে, তেওঁ হৈছে মোৰ প্ৰতি বিশ্বাসী আৰু নক্ষত্ৰৰাজিৰ শক্তিক অস্বীকাৰকাৰী। আনহাতে যিয়ে কৈছে, অমুক অমুক নক্ষত্ৰৰ কাৰণে আজি বৰষুণ হৈছে, সেইজন হৈছে মোক অস্বীকাৰকাৰী আৰু নক্ষত্ৰৰাজিৰ প্ৰতি বিশ্বাসী।

صَلَّى لَنَا رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ صَلَاةَ الصُّبْحِ بِالْحُدَيْبِيَةِ عَلَى إِثْرِ سَمَاءٍ كَانَتْ مِنَ اللَّيْلَةِ، فَلَمَّا انْصَرَفَ أَقْبَلَ عَلَى النَّاسِ، فَقَالَ: «هَلْ تَدْرُونَ مَاذَا قَالَ رَبُّكُمْ؟» قَالُوا: اللهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: «أَصْبَحَ مِنْ عِبَادِي مُؤْمِنٌ بِي وَكَافِرٌ، فَأَمَّا مَنْ قَالَ: مُطِرْنَا بِفَضْلِ اللهِ وَرَحْمَتِهِ، فَذَلِكَ مُؤْمِنٌ بِي وَكَافِرٌ بِالْكَوْكَبِ، وَأَمَّا مَنْ قَالَ: بِنَوْءِ كَذَا وَكَذَا، فَذَلِكَ كَافِرٌ بِي وَمُؤْمِنٌ بِالْكَوْكَبِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত বৰ্ণিত হৈছে যে, হুদাইবিয়াত এদিনাখন ৰাতি বৰষুণ হোৱাৰ পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ চালাত পঢ়াইছিল, হুদাইবিয়্যাহ হৈছে মক্কাৰ নিকটৱৰ্তী এটা অঞ্চল। তেখেতে চালাত শেষ কৰি ছালাম ফিৰাই লোকসকলৰ ফালে মুখ কৰিছিল, আৰু তেওঁলোকক সুধিছিল যে, তোমালোকে জানানে তোমালোকৰ সৰ্বশক্তিমান প্ৰতিপালকে কি কৈছে? তেওঁলোকে উত্তৰত কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। ইয়াৰ পিছত তেখেতে কৈছিলঃ আল্লাহে এই কথা স্পষ্ট কৰিছে যে, বৰষুণকলৈ মানুহ দুই ভাগত বিভক্ত। এক প্ৰকাৰ মানুহ আল্লাহৰ প্ৰতি বিশ্বাসী আৰু আন এক প্ৰকাৰৰ মানুহ আল্লাহৰ প্ৰতি অবিশ্বাসী। এতেকে যিসকলে কৈছে যে, আল্লাহৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ হৈছে, অৰ্থাৎ যিসকলে বৰষুণ অৱতীৰ্ণৰ বিষয়টোক আল্লাহৰ সৈতে সম্পৃক্ত কৰিছে, তেওঁলোক হৈছে মুমিন তথা আল্লাহৰ প্ৰতি বিশ্বাসী, যিজনে বিশ্বজগতক সৃষ্টি কৰিছে তথা যিজনে ইয়াক নিয়ন্ত্ৰণ কৰে। লগতে তেওঁলোকে নক্ষত্ৰৰাজিৰ ক্ষমতাক অস্বীকাৰ কৰে। আনহাতে যিয়ে এইদৰে কৈছে যে, অমুক অমুক নক্ষত্ৰৰ কাৰণে বৰষুণ হৈছে, সি হৈছে দৰাচলতে আল্লাহক অস্বীকাৰকাৰী আৰু নক্ষত্ৰৰ প্ৰতি বিশ্বাসী। বৰষুণ হোৱা নোহোৱা বিষয়টোক নক্ষত্ৰৰ সৈতে সম্পৃক্ত কৰাটো হৈছে কুফৰে আচগৰ বা সৰু কুফৰ। আল্লাহে ইয়াক চৰীয়তি কোনো কাৰণ হিচাপেও বৰ্ণনা কৰা নাই আৰু প্ৰাকৃতিক কাৰণ হিচাপেও উল্লেখ কৰা নাই। আনহাতে যিয়ে বৰষুণ আৰু প্ৰাকৃতিক ঘটনা আদিক নক্ষত্ৰৰ উঠা নুঠাৰ সৈতে সম্পৃক্ত কৰে, এই বিশ্বাস কৰি যে, এইবোৰ নক্ষত্ৰৰ কাৰণেই এইবোৰ সংঘটিত হয়, সি দৰাচলতে কুফৰে আকবৰ বা ডাঙৰ কুফৰ কৰে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

বৰষুণ হোৱাৰ পাছত এই কথা কোৱা মুস্তাহাব তথা পছন্দনীয় যে, আল্লাহৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ হ'ল।

বৰষুণ আদিৰ দৰে কোনো নিয়ামতক যদি কোনোবাই নক্ষত্ৰৰ সৈতে সম্পৃক্ত কৰে তথা নক্ষত্ৰক এনেকুৱা নিয়ামতৰ সৃষ্টিকৰ্তা আৰু আৱিষ্কাৰক বুলি ভাবিছে তেন্তে সি কুফৰে আকবৰ বা ডাঙৰ কুফৰ কৰিছে। আনহাতে যদি কোনোবাই নক্ষত্ৰক বৰষুণ হোৱাৰ কাৰণ হিচাপে গণ্য কৰে তেন্তে সি কুফৰে আচগৰ বা সৰু কুফৰ কৰিছে, কিয়নো চৰীয়ত আৰু বাহ্যিক কোনো এটা কাৰণেই ইয়াৰ সৈতে জৰিত নহয়।

নিয়ামত বিলাকো কুফৰৰ কাৰণ হয়, যদি সেইবোৰক কোনোবাই অস্বীকাৰ কৰে। আনহাতে যদি কৃতজ্ঞতা প্ৰকাশ কৰা হয় তেন্তে ঈমান লাভৰ কাৰণ হয়।

এনেকুৱা কথা ক'বলৈ নিষেধ কৰা হৈছেঃ "অমুক তৰা দেখা দিয়াৰ ফলত বৰষুণ হৈছে", যদিও ইয়াৰ দ্বাৰা সময়ক বুজোৱা হওক, তথাপিও এনেকুৱা কথাৰ পৰা নিষেধ কৰা হৈছে, যাতে শ্বিৰ্কৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ হয়।

বিপদ-আপদৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰত আৰু নিয়ামতৰ দ্বাৰা উপকৃত হোৱাৰ ক্ষেত্ৰতো আল্লাহৰ সৈতে আন্তৰিকভাৱে সম্পৰ্ক স্থাপন কৰা অনিবাৰ্য।

সম্পাদক

ছহীহ বুখাৰী (1/ 169) (846).

ছহীহ মুছলিম (1/ 83) (71).

অধিক (2)

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (2/ 484).

المفهم لما أشكل من تلخيص كتاب مسلم (1/ 260).