যদি কোনোবাই কোনো এটা নামাজ পঢ়িবলৈ পাহৰি যায়, তেন্তে যেতিয়াই মনত পৰিব তেতিয়াই পঢ়ি লব লাগিব। ইয়াৰ বাহিৰে সেই নামাজৰ আন কোনো কাফ্ফাৰা নাই।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যদি কোনোবাই কোনো এটা নামাজ পঢ়িবলৈ পাহৰি যায়, তেন্তে যেতিয়াই মনত পৰিব তেতিয়াই পঢ়ি লব লাগিব। ইয়াৰ বাহিৰে সেই নামাজৰ আন কোনো কাফ্ফাৰা নাই।" (কিয়নো আল্লাহে কৈছে) "আৰু মোৰ স্মৰণাৰ্থে চালাত কায়েম কৰা"। (ছুৰা ত্বাহাঃ ১৪)
«مَنْ نَسِيَ صَلَاةً فَلْيُصَلِّ إِذَا ذَكَرَهَا، لَا كَفَّارَةَ لَهَا إِلَّا ذَلِكَ: {وَأَقِمِ الصَّلاةَ لِذِكْرِي} [طه: 14]».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, যদি কোনোবাই ফৰজ নামাজ পঢ়িবলৈ পাহৰি যায় আৰু ইপিনে নামাজৰ সময় পাৰ হৈ যায় তেন্তে সেই নামাজৰ কথা মনত পৰাৰ লগে লগে তেওঁ ততাতৈয়াকৈ সেই নামাজটো পঢ়ি লব লাগিব। মনত পৰাৰ পিছত এই নামাজ নপঢ়াকৈ ইয়াৰ কোনো কাফফাৰাহ নাই। পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ "আৰু মোৰ স্মৰণাৰ্থে তোমালোকে চালাত প্ৰতিষ্ঠা কৰা।" (ছুৰা ত্বাহাঃ ১৪)
হাদীছটোত নামাজৰ গুৰুত্ব বৰ্ণিত হৈছে, আৰু ইয়াৰ আদায় আৰু কাজা পালনত অৱহেলা কৰিবলৈ নিষেধ কৰা হৈছে।
উচিত কোনো কাৰণ নোহোৱাকৈ নিৰ্দিষ্ট সময়ৰ পৰা নামাজ পলম কৰা বৈধ নহয়।
পাহৰি যোৱা ব্যক্তিয়ে মনত পৰাৰ পিছত আৰু টোপনিত থকা ব্যক্তিয়ে সাৰ পোৱাৰ পিছত লগে লগে নামাজ পঢ়ি লোৱাটো বাধ্যতামূলক।
কাজা নামাজ পলম নকৰাকৈ পঢ়ি লোৱাটো বাধ্যতামূলক, যদিও নিষিদ্ধ সময়তে নহওক কিয়।
ছহীহ বুখাৰী (1/ 122) (597).
ছহীহ মুছলিম (1/ 477) (684).
অধিক (2)
فتح الباري لابن حجر (2/ 71).
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (14/ 612).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«مَنْ نَسِيَ صَلاَةً فَلْيُصَلِّ إِذَا ذَكَرَهَا، لاَ كَفَّارَةَ لَهَا إِلَّا ذَلِكَ ﴿...وَأَقِمِ ٱلصَّلَوٰةَ لِذِكۡرِيٓ﴾[450]»[451].
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«مَنْ نَسِيَ صَلَاةً فَلْيُصَلِّ إِذَا ذَكَرَهَا، لَا كَفَّارَةَ لَهَا إِلَّا ذَلِكَ ﴿...وَأَقِمِ ٱلصَّلَوٰةَ لِذِكۡرِيٓ﴾[450]»[451].
- المناهج التعليمية - الصف الرابعالمناهج التعليمية - الصف الرابع - الفقه«لَا كَفَّارَةَ لَهَا إِلَّا ذَٰلِكَ» [20].
- خطب تعظيم قدر الصلاة" مَنْ نَسِيَ صَلاَةً فَلْيُصَلِّ إِذَا ذَكَرَهَا، لاَ كَفَّارَةَ لَهَا إِلَّا ذَلِكَ "
- محاضرات تعظيم قدر الصلاةمحاضرات في تعظيم قدر الصلاة" مَنْ نَسِيَ صَلاَةً فَلْيُصَلِّ إِذَا ذَكَرَهَا، لاَ كَفَّارَةَ لَهَا إِلَّا ذَلِكَ " [32]