হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।
ছালিম বিন আবিল জাআদৰ পৰা বৰ্ণিত, এজনে ক'লে যে, হায়! মই যদি নামাজ পঢ়িলোঁহেঁতেন তেন্তে আৰাম অনুভৱ কৰিলোঁহেঁতেন। উপস্থিত লোকসকলে বিষয়টোক যেনিবা বেয়া বুলি ভাবিলে। তেতিয়া তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।"
«يا بلالُ، أقِمِ الصَّلاةَ، أرِحْنا بها».
চাহাবাসকলৰ মাজৰ কোনো এজন চাহাবীয়ে ক'লে যে, নামাজ পঢ়িলে কিজানি শান্তি অনুভৱ কৰিলোঁহেঁতেন। তেওঁৰ ওচৰে পাঁজৰে থকা লোকসকলে বিষয়টোক বেয়া অনুভৱ কৰিলে। তেতিয়া তেওঁ ক'লেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ হে বিলাল! আজান দিয়া আৰু নামাজৰ ইক্বামত দিয়া, যাতে আমি শান্তি অনুভৱ কৰিব পাৰোঁ। কাৰণ নামাজৰ দ্বাৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, সেয়ে অন্তৰ আৰু ৰূহে আৰাম অনুভৱ কৰে।
...:
নামাজৰ জৰিয়তে অন্তৰে প্ৰশান্তি লাভ কৰে, কাৰণ নামাজৰ দ্বাৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয়।
সিহঁতৰ ধাৰণাক খণ্ডন কৰা, যিসকলে ইবাদতক বোজা বা কঠিন বুলি অনুভৱ কৰে।
নিজৰ ওপৰত থকা ওৱাজিবাত তথা অনিবাৰ্য্য দায়িত্বসমূহ যিয়ে পালন কৰে আৰু ইয়াৰ পৰা যেতিয়া তেওঁ দায়মুক্ত হৈ যায়, তেতিয়া তেওঁ শান্তি অনুভৱ কৰে।
ছুনান আবি দাঊদ (7/ 338) (4985).
অধিক (4)
الكاشف عن حقائق السُّنن (4/1217).
عون المعبود وحاشية ابن القيم (13/ 225).
مرقاة المفاتيح (3/939).
شرح سنن أبي داود للعباد (567/ 6).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الحقيقة المُبْهِرَة في العلاقة بين الإسلام والإنسان(يا بلال، أقم الصلاة، أرِحنا بها)[233].
- مجموعة زاد السیرة النبوية (4)السيرة النبوية 4«يا بِلالُ، أَقِمِ الصَّلاةَ، أَرِحْنا بِها».
- مشروع منهاج زادكزادك 1 طالب«يَا بِلَالُ، أَقِمِ الصَّلَاةَ، أَرِحْنَا بِهَا»
- نبراس طالب (1)1«يَا بِلَالُ، أَقِمِ الصَّلَاةَ، أَرِحْنَا بِهَا»
- نبراس طالب (1)1«يَا بِلَالُ، أَقِمِ الصَّلَاةَ، أَرِحْنَا بِهَا».