হে মানৱজাতি! ধৰ্মীয় ক্ষেত্ৰত সীমালংঘনৰ পৰা বিৰত থাকিবা, কাৰণ তোমালোকৰ পূৰ্বে যিসকল লোক অতিবাহিত হৈছে, সিহঁত ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰাৰ ফলতেই ধ্বংস হৈছে।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামাৰাতুল আক্বাবাৰ দিনা পুৱাৰ ভাগত উটৰ পিঠিত আৰোহণ কৰি থকা অৱস্থাত কৈছিলঃ "মোৰ বাবে শিলগুটি সংগ্ৰহ কৰা।" ফলত মই তেখেতৰ বাবে সাতটা শিলগুটি সংগ্ৰহ কৰিলোঁ। যিবোৰ আকাৰত আছিল ক্ষুদ্ৰ। তেখেতে সেইবোৰ নিজৰ হাতৰ মাজত লৈ লাৰিচাৰি ক'লেঃ "এনেকুৱা ধৰণৰ শিলগুটি তোমালোকে নিক্ষেপ কৰিবা।" ইয়াৰ পিছত তেখেতে ক'লেঃ "হে মানৱজাতি! ধৰ্মীয় ক্ষেত্ৰত সীমালংঘনৰ পৰা বিৰত থাকিবা, কাৰণ তোমালোকৰ পূৰ্বে যিসকল লোক অতিবাহিত হৈছে, সিহঁত ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰাৰ ফলতেই ধ্বংস হৈছে।"
قَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ غَدَاةَ الْعَقَبَةِ وَهُوَ عَلَى نَاقَتِهِ: «الْقُطْ لِي حَصًى» فَلَقَطْتُ لَهُ سَبْعَ حَصَيَاتٍ، هُنَّ حَصَى الْخَذْفِ، فَجَعَلَ يَنْفُضُهُنَّ فِي كَفِّهِ وَيَقُولُ: «أَمْثَالَ هَؤُلَاءِ فَارْمُوا» ثُمَّ قَالَ: «أَيُّهَا النَّاسُ، إِيَّاكُمْ وَالْغُلُوَّ فِي الدِّينِ، فَإِنَّما أَهْلَكَ مَنْ كَانَ قَبْلَكُمْ الْغُلُوُّ فِي الدِّينِ».
হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, বিদায়ী হজ্জত কুৰবানীৰ দিনা জামাৰাতুল আক্বাবাত শিলগুটি নিক্ষেপৰ সময়ত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেখেতে তেওঁক শিলগুটি সংগ্ৰহ কৰি আনিবলৈ নিৰ্দেশ দিছিল। ফলত তেওঁ তেখেতৰ বাবে সাতটা শিলগুটি বিচাৰি আনিছিল। তাৰে মাজৰ এটা শিলগুটি বুটমাহৰ সমান আকাৰৰ আছিল। সেইটোক তেখেতে হাতৰ তালুত লাৰি চাই কৈছিলঃ এনেকুৱা আকাৰৰ শিলগুটি তোমালোকে নিক্ষেপ কৰিবা। ইয়াৰ পিছত তেখেতে সীমালংঘনৰ পৰা সতৰ্ক কৰিছে তথা ধৰ্মীয় ক্ষেত্ৰত অতিৰঞ্জনৰ পৰা সাৱধান কৰিছে। কাৰণ পূৰ্বৱৰ্তী উম্মতৰ লোকসকল ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰাৰ ফলতেই ধ্বংস হৈছে।
...:
হাদীছটোত ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰিবলৈ নিষেধ কৰা হৈছে। লগতে ইয়াৰ দুষ্পৰিণাম উল্লেখ কৰিছে আৰু কৈছে এইটোৱে হৈছে ধ্বংসৰ কাৰণ।
পূৰ্বৱৰ্তী উম্মতৰ পৰা শিক্ষা লোৱা উচিত, অৰ্থাৎ সিহঁতে যি ভুল কৰিছে তাৰ পৰা আঁতৰি থকা উচিত।
ছুন্নতৰ অনুসৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
ছুনান নাছায়ী (5/ 268)(3057).
ছুনান ইবনে মাজাহ (4/ 228) (3029).
মুছনাদ আহমদ (5/ 298) (3248).
অধিক (4)
الملخص في شرح كتاب التوحيد.
لصالح الفوزان (ص165).
الجديد في شرح كتاب التوحيد.
لمحمد القرعاوي (ص179).
গ্ৰন্থসমূহত উল্লেখিত
6 গ্ৰন্থসমূহঅধিক (6)
- التحذير من البدعالتحذير من البدع «إِيَّاكُمْ وَالْغُلُوَّ فِي الدِّينِ فَإِنَّمَا أَهْلَكَ مَنْ كَانَ قَبْلَكُمُ الْغُلُوُّ فِي الدِّينِ»[(6)].
- حراسة التوحيدالتحذير من البدع«إِيَّاكُم وَالغُلُوُّ فِي الدِّينِ، فَإِنَّمَا أَهْلَكَ مَن كَانَ قَبْلَكُم الغُلُوَّ فِي الدِّينِ».
- عقيدة الأئمة الأربعة«إِيَّاكُمْ وَالْغُلُوَّ، فَإِنَّمَا أَهْلَكَ مَنْ كَانَ قَبْلَكُمْ الْغُلُوُّ»
- عقيدة التوحيدعقيدة التوحيد وبيان ما يضادها...«إِيَّاكُمْ وَالْغُلُوَّ، فَإِنَّمَا أَهْلَكَ مَنْ كَانَ قَبْلَكُمُ الْغُلُوُّ»[66]،
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)العقيدة (1)«يا أَيُّها النَّاسُ، إيَّاكُمْ والغُلوَّ في الدِّينِ؛ فَإنَّهُ أَهْلَكَ مَنْ كان قَبْلَكُمْ الغُلوُّ في الدِّينِ».
- نبراس طالب (4)1«إِيَّاكُمْ وَالْغُلُوَّ فِي الدِّينِ؛ فَإِنَّمَا أَهْلَكَ مَنْ كَانَ قَبْلَكُمُ الْغُلُوُّ فِي الدِّينِ»