নিশ্চয় তোমালোকৰ মাজত উত্তম হৈছে সেইজন, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী।
আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও অশ্লীল নাছিল আৰু অশ্লীল কথা আৰু কৰ্মও কৰা নাছিল। তেওঁ কৈছেঃ "নিশ্চয় তোমালোকৰ মাজত উত্তম হৈছে সেইজন, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী।"
لَمْ يَكُنِ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَاحِشًا وَلَا مُتَفَحِّشًا، وَكَانَ يَقُولُ: «إِنَّ مِنْ خِيَارِكُمْ أَحْسَنَكُمْ أَخْلَاقًا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও অশ্লীল কথা কোৱা নাছিল অথবা কেতিয়াও অশ্লীল কৰ্ম কৰা নাছিল। তেখেতে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱেও কৰা নাছিল। আনকি তেখেত সুউচ্চ মহান চৰিত্ৰৰ অধিকাৰী আছিল। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ দৃষ্টিত তোমালোকৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী। উত্তম চৰিত্ৰ হৈছে, সৎকৰ্ম কৰা, হাঁহিমুখে মানুহৰ সৈতে সাক্ষাৎ কৰা, কাকো কষ্ট নিদিয়া, মানুহে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰা, লগতে মানুহৰ সৈতে সদাচৰণ কৰা।
...:
অশ্লীলতা বৰ্জন কৰাটো মুমিনৰ বাবে অনিবাৰ্য, যেনে- বেয়া কৰ্ম তথা বেয়া কথা আদি পৰিহাৰ কৰা।
এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্ণাংগ সচ্চৰিত্ৰৱান হোৱাৰ প্ৰমাণ যে, তেখেতে উত্তম কথা আৰু নেক আমলৰ বাহিৰে আন একো কৰা নাছিল।
উত্তম চৰিত্র হৈছে মুমিনসকলৰ বাবে প্রতিযোগিতাৰ বিষয়। যিয়ে এই ক্ষেত্ৰত অগ্রগামী হ’ব তেৱেঁই হ’ব উত্তম মুমিন তথা পৰিপূর্ণ ঈমান্দাৰ।
ছহীহ বুখাৰী (4/ 189) (3559).
ছহীহ মুছলিম (4/ 1810) (2321).
অধিক (4)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 672).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص410).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- المناهج التعليمية - الصف السادسالمناهج الدراسية - الحديث - الصف السادس - الفصل الأول «لَمْ يَكُنِ النَّبِيُّ ﷺ فَاحِشًا وَلَا مُتَفَحِّشًا، وَكَانَ يَقُولُ: إِنَّ مِنْ خِيَارِكُمْ أَحْسَنَكُمْ أَخْلَاقًا».
- رسالة موجزة عن الإسلام كما جاء في القرآن الكريم والسنة النبوية (مشتملة على الأدلة)رِسَالَةٌُ مُوجَزَةٌُ عَنِ الْإِسْلَامِ كَمَا جَاءَ فِي الْقُرْآنِ الْكَرِيمِ وَالسَّنَةِ النَّبَوِيَّة-مشتملة على الأدلة -للحرمين-«إِنَّ مِنْ خِيَارِكُمْ أَحْسَنَكُمْ أَخْلاَقًا» [45].
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 3«إنَّ مِنْ خِيارِكُم أَحْسَنَكُمْ أَخْلاقاً».
- مشروع المنهج التعليميمادة الحديث مستوى 1لم يَكنِ النبيّ ﷺ فاحِشًا ولا مُتفحّشًا، وكان يقول: «إِنّ من خياركم أحسنَكم أخلاقًا»
- مشروع المنهج التعليميمادة الحديث مستوى 1«إِنّ من خياركم أحسنَكم أخلاقًا».