যিয়ে মিছা শপত খাই কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিছে, আল্লাহে তাৰ ওপৰত জাহান্নাম ওৱাজিব কৰিছে আৰু জান্নাত হাৰাম কৰিছে।" তেতিয়া এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেয়া যদি কিবা সৰু সুৰা বস্তু হয়? তেখেতে ক'লেঃ "মিছৱাকৰ সমান বস্তু হ'লেও।
আবু উমামা ইয়াছ বিন ছা'লাবা আল-হাৰিছী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে মিছা শপত খাই কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিছে, আল্লাহে তাৰ ওপৰত জাহান্নাম ওৱাজিব কৰিছে আৰু জান্নাত হাৰাম কৰিছে।" তেতিয়া এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেয়া যদি কিবা সৰু সুৰা বস্তু হয়? তেখেতে ক'লেঃ "মিছৱাকৰ সমান বস্তু হ'লেও।"
«مَنِ اقْتَطَعَ حَقَّ امْرِئٍ مُسْلِمٍ بِيَمِينِهِ، فَقَدْ أَوْجَبَ اللهُ لَهُ النَّارَ، وَحَرَّمَ عَلَيْهِ الْجَنَّةَ» فَقَالَ لَهُ رَجُلٌ: وَإِنْ كَانَ شَيْئًا يَسِيرًا يَا رَسُولَ اللهِ؟ قَالَ: «وَإِنْ قَضِيبًا مِنْ أَرَاكٍ».
কোনো মুছলিমৰ অধিকাৰ খৰ্ব কৰিবলৈ জানি বুজি মিছা শপত খাবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে। কাৰণ ইয়াৰ ফলত ব্যক্তি জাহান্নামৰ উপযুক্ত হয় আৰু জাহান্নামৰ পৰা বঞ্চিত হয়। এইটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ। এই কথা শুনি এজন ব্যক্তিয়ে সুধিলে, হে আল্লাহৰ ৰাছুল! যদি সৰু সুৰা কোনো বস্তুৰ কাৰণে এনেকুৱা কৰিছে তেন্তে ইয়াৰ বিধান কি? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি আৰাক গছৰ ডালেৰে বনোৱা এটা মিছৱাকৰ সমান বস্তুও হয় তথাপিও সেই একেই শাস্তি বিহা হ'ব।
বেলেগৰ অধিকাৰ আত্মসাৎ কৰাৰ পৰা সতৰ্ক থাকিব লাগে। লগতে প্ৰাপ্য অধিকাৰীক তাৰ অধিকাৰ অৰ্পণ কৰাৰ ক্ষেত্ৰত আগ্ৰহী হ'বলৈ উৎসাহিত কৰা হৈছে, পৰিমাণ যিমানেই কম নহওক কিয়। এইদৰে ফয়চালাকাৰীৰ ভুল ফয়চালাৰ দ্বাৰা কোনো বস্তু নিজৰ কৰি লোৱাৰ অনুমতি নিদিয়ে, যদি প্ৰকৃততে সেইটো তাৰ নহয়।
ইমাম নাৱাৱীয়ে কৈছেঃ মুছলিমসকলৰ অধিকাৰ খৰ্ব কৰাটো কঠোৰভাৱে হাৰাম, পৰিমাণ কম হওক বা বেছি এই ক্ষেত্ৰত কোনো পাৰ্থক্য নাই। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদিও মিছৱাক পৰিমাণ হয়।"
ইমাম নাৱাৱীয়ে কৈছেঃ এই শাস্তি সেই ব্যক্তিৰ বাবে যিয়ে কোনো মুছলিমৰ হক আত্মসাৎ কৰি তাওবা নকৰাকৈ মৃত্যুবৰণ কৰিছে। পক্ষান্তৰে যিয়ে তাওবা কৰিছে আৰু নিজৰ কৰ্মত অনুতপ্ত হৈছে, লগতে প্ৰাপ্য অধিকাৰীক তাৰ অধিকাৰ ঘূৰাই দিছে আৰু এই সংকল্প কৰিছে যে, এনেকুৱা কাম পুনৰ কেতিয়াও নকৰিব তেন্তে তেনেকুৱা ব্যক্তি এই শাস্তিৰ পৰা ৰক্ষা পাব তথা তাৰ গুনাহ মাফ কৰি দিয়া হ'ব।
ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ মুছলিমসকলক বিশেষৰূপে সম্বোধন কৰাৰ কাৰণ হৈছে এই যে, তেওঁলোকেই হৈছে চৰীয়তৰ দ্বাৰা মুখ্য সম্বোধনকৃত লোক তথা চৰীয়তৰ প্ৰতি আমলকাৰী। কিন্তু ইয়াৰ দ্বাৰা এইটো নুবুজায় যে, অমুছলিমসকল ইয়াৰ পৰা পৃথক, বৰং সিহঁতেও এই বিধানৰ অন্তৰ্গত।
নাৱাৱীয়ে কৈছেঃ কোনো বস্তুৰ বাস্তৱ চিত্ৰৰ পৰিবৰ্তে বেলেগ কোনো সংবাদ দিয়াকে মিছা বুলি কোৱা হয়। সেয়া জানি বুজি হওক বা ভুলতে হওক। সেই সংবাদটো অতীত সম্পৰ্কীয় হওক বা ভৱিষ্যত সম্পৰ্কীয়।
ছহীহ মুছলিম (1/ 122) (137).
অধিক (4)
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 239).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 309).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- الخطب المنبريةموسوعة الخطب المنبرية (القسم الثالث)«مَنِ اقْتَطَعَ حَقَّ امْرِئٍ مُسْلِمٍ بِيَمِينِهِ (أي: بِالْحَلِفِ كَذِبًا)، فَقَدْ أَوْجَبَ اللَّهُ لَهُ النَّارَ، وَحَرَّمَ عَلَيْهِ الجَنَّةَ»، فَقَالَ لَهُ رَجُلٌ: وَإِنْ كَانَ شَيْئًا يَسِيرًا يَا رَسُولَ اللَّهِ؟ قَالَ: «وَإِنْ قَضِي
- حكم المستهزئين بالأنبياء والمرسلين«مَنِ اقْتَطَعَ حَقَّ امْرِئٍ مُسْلِمٍ بِيَمِينِهِ، فَقَدْ أَوْجَبَ اللَّهُ لَهُ النَّارَ وَحَرَّمَ عَلَيْهِ الْجَنَّةَ». فَقَالٌوا: وَإِنْ كَانَ شَيْئًا يَسِيرًا يَا رَسُولَ اللَّهِ؟ قَالَ: «وَإِنْ قَضِيبًا مِنْ أَرَاكٍ».
- قاموس الكبائرموسوعة الكبائر - المجموعة الرابعة«مَنِ اقْتَطَعَ حَقَّ امْرِئٍ مُسْلِمٍ بِيَمِينِهِ فَقَدْ أَوْجَبَ اللَّهُ لَهُ النَّارَ، وَحَرَّمَ عَلَيْهِ الْجَنَّةَ» فَقَالَ لَهُ رَجُلٌ: وَإِنْ كَانَ شَيْئًا يَسِيرًا يَا رَسُولَ اللَّهِ؟ قَالَ: «وَإِنْ قَضِيبًا مِنْ أَرَاكٍ»[95].