Skip to content

এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,

চাহাবাসকলৰ এটা দলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলক তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ গোপন ইবাদত সম্পৰ্কে সুধিলে। (তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইবাদত সম্পৰ্কে শুনি) কোনোবাই ক'লে যে, মই কেতিয়াও বিবাহ নকৰাম, কোনোবাই ক'লে, মই আৰু কেতিয়াও মাংস নাখাওঁ, আৰু আন কোনোবাই ক'লে, মই আজিৰ পৰা বিছনাত শুবলৈ নাযাওঁ। এই খবৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাই, তেখেতে আল্লাহৰ হাম্দ অ ছানা পাঠ কৰিলে আৰু ক'লেঃ "এই লোকসকলৰ হৈছে কি? এওঁলোকে এনেকুৱা কথা কিয় কৈছে? মই দেখোন নামাজো পঢ়োঁ আৰু টোপনিও যাওঁ, ৰোজাও ৰাখোঁ আৰু ইফতাৰো কৰোঁ, নাৰীসকলক বিবাহো কৰোঁ। এতেকে শুনা! যিয়ে মোৰ ছুন্নতৰ পৰা বিমুখ হ'ব, সি মোৰ অন্তৰ্ভুক্ত নহয়।"

أَنَّ نَفَرًا مِنْ أَصْحَابِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ سَأَلُوا أَزْوَاجَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنْ عَمَلِهِ فِي السِّرِّ؟ فَقَالَ بَعْضُهُمْ: لَا أَتَزَوَّجُ النِّسَاءَ، وَقَالَ بَعْضُهُمْ: لَا آكُلُ اللَّحْمَ، وَقَالَ بَعْضُهُمْ: لَا أَنَامُ عَلَى فِرَاشٍ، فَحَمِدَ اللهَ وَأَثْنَى عَلَيْهِ، فَقَالَ: «مَا بَالُ أَقْوَامٍ قَالُوا كَذَا وَكَذَا؟ لَكِنِّي أُصَلِّي وَأَنَامُ، وَأَصُومُ وَأُفْطِرُ، وَأَتَزَوَّجُ النِّسَاءَ، فَمَنْ رَغِبَ عَنْ سُنَّتِي فَلَيْسَ مِنِّي».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

কিছুমান চাহাবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ ঘৰলৈ আহি প্ৰশ্ন কৰিলে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰৰ ভিতৰত কি কি আমল কৰে। যেতিয়া তেওঁলোকে তেখেতৰ বিষয়ে জনালে, তেতিয়া সেই চাহাবাসকলে তেখেতৰ আমলৰ তুলনাত নিজৰ আমলক খুবেই নগণ্য বুলি ভাবিলে আৰু তেওঁলোকে ক'লেঃ তেখেত নবী হৈ ইমান আমল কৰে আৰু আমি কি কৰি আছোঁ, অথচ তেখেতৰ আগৰ পিছৰ সকলো গুনাহ মাফ কৰি দিয়া হৈছে। পক্ষান্তৰে যাৰ মাগফিৰাত সম্পৰ্কে কোনো নিশ্চয়তাই নাই তেনেকুৱা ব্যক্তিয়েতো আৰু অধিক ইবাদত কৰা উচিত, যাতে সেই মাগফিৰাত অৰ্জন কৰিব পাৰে। ইয়াৰ পিছত কিছুমানে ক'লেঃ মই জীৱনত কেতিয়াও বিবাহ নকৰোঁ। কিছুমানে ক'লেঃ মই আজিৰ পৰা মাংস খোৱা বাদ দিলোঁ। আন কিছুমানে ক'লেঃ মই ৰাতি আৰু নুশুওঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া বিষয়টো গম পালে, তেতিয়া তেখেত ক্ৰোধান্বিত হ'ল, আৰু মানুহক সম্বোধন কৰি ভাষণ প্ৰদান কৰিলে, প্ৰথমে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ স্তুতি কৰিলে আৰু ক'লেঃ লোকসকলৰ হৈছে কি, সিহঁতে এনেকুৱা এনেকুৱা কথা কিয় কয়? শুনা! আল্লাহৰ শপত খাই কৈছোঁ, মই তোমালোকতকৈ অধিক আল্লাহক ভয় কৰোঁ আৰু তোমালোকতকৈ বেছি তাক্বৱা অৱলম্বন কৰোঁ। কিন্তু মই টোপনিও যাওঁ, যাতে ভালদৰে ইবাদত কৰিবলৈ শক্তি আহৰণ কৰিব পাৰোঁ। মই মাজে মাজে ৰোজা নৰখাকৈও থাকোঁ, যাতে ৰোজা ৰাখিবলৈ শক্তি পাওঁ। এইদৰে মই বিবাহো কৰিছোঁ। এতেকে যিয়ে মোৰ তৰীকাৰ পৰা বিমুখ হ'ব আৰু বেলেগ পদ্ধতিক পূৰ্ণাংগ বুলি ধাৰণা কৰিব, তথা মোৰ তৰীকাৰ বাদে বেলেগ কোনো তৰীকা গ্ৰহণ কৰিব, সি মোৰ অন্তৰ্ভুক্ত নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

চাহাবা এ কেৰাম ৰাদ্বিয়াল্লাহু আনহুম আজমাঈনে কল্যাণক অত্যন্ত ভাল পাইছিল আৰু ইয়াৰ প্ৰতি খুবেই আগ্ৰহী আছিল, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ প্ৰতি তেওঁলোকৰ প্ৰবল ইচ্ছা আছিল।

এই চৰীয়ত উচ্চ মৰ্যাদা সম্পন্ন তথা অতি সহজ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কৰ্ম পদ্ধতি আৰু তেওঁৰ নিৰ্দেশনাৰ পৰা এই চৰীয়ত সংগৃহীত।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুকৰণ আৰু তেখেতৰ উত্তম অৱস্থাৰ অনুসৰণৰ মাজতে আছে কল্যাণ তথা বৰকত।

ইবাদতৰ ক্ষেত্ৰত নিজকে সাধ্যাতীত কষ্টত পেলাবলৈ নিষেধ কৰা হৈছে। সাধাৰণতে বিদআতীসকলে এনেকুৱা কৰে।

ইবনু হাজাৰে কৈছেঃ ইবাদতত কঠোৰতা অৱলম্বন কৰিলে মানুহ ভাগৰি পৰে, ফলত ইবাদতৰ মূলচ্ছেদ হয়। কেৱল ফৰজ ইবাদত পালন কৰি নফল ইবাদত ত্যাগ কৰিলে অলসতাৰ সৃষ্টি হয়। ফলত ইবাদতৰ প্ৰতি উৎসাহ নোহোৱা হৈ যায়। এতেকে মধ্যম পন্থাই হৈছে সৰ্বোত্তম পন্থা।

ইয়াত মহৎ লোকৰ আদৰ্শ অনুসন্ধানৰ প্ৰমাণ পোৱা যায়। যদি সেয়া পুৰুষৰ পৰা জানিব পৰা নাযায় তেন্তে নাৰীসকলৰ পৰা জনাটোও বৈধ।

লগতে ইয়াৰো প্ৰমাণ পোৱা যায় যে, মুজতাহিদৰ সংশয় নিবাৰণ কৰিবলৈ তথা চৰীয়তৰ অধীনস্থ ব্যক্তিসকলক চৰীয়তৰ বিধান বৰ্ণনা কৰিবলৈ আৰু জ্ঞানৰ বিভিন্ন বিষয় জনাবলৈ ওৱাজ নছীহত কৰিব লাগে।

ইবাদতৰ ক্ষেত্ৰত নম্ৰতা অৱলম্বন কৰিব লাগে। লগতে ফৰজ আৰু নফল ইবাদত নিয়মিতভাৱে আদায় কৰিব লাগে। যাতে এজন মুছলিমে নিজৰ ওপৰত থকা বেলেগৰ অধিকাৰো আদায় কৰিব পাৰে।

হাদীছটোত সংকেত দিয়া হৈছে যে, বিবাহ কৰাটো উত্তম, লগতে ইয়াৰ প্ৰতি উৎসাহিত কৰা হৈছে।

সম্পাদক

ছহীহ বুখাৰী (7/ 2) (5063).

ছহীহ মুছলিম (2/ 1020) (1401).

অধিক (4)

تيسير العلام شرح عمدة الأحكام.

لعبد الله البسام (ص566).

خلاصة الكلام شرح عمدة الأحكام.

لفيصل آل مبارك (ص282).