আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণনীয় ব্যক্তি হৈছে সেইজন, যিজন কলহপ্ৰিয়।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণনীয় ব্যক্তি হৈছে সেইজন, যিজন কলহপ্ৰিয়।
«إِنَّ أَبْغَضَ الرِّجَالِ إِلَى اللهِ الْأَلَدُّ الْخَصِمُ».
হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, মহান আল্লাহৰ দৃষ্টিত অত্যন্ত কলহপ্ৰিয় ব্যক্তি হৈছে খুবেই অপছন্দনীয়, যি ব্যক্তিয়ে সত্যক আঁকোৱালি লব নিবিচাৰে; বৰং অযথা তৰ্ক-বিতৰ্কৰ দ্বাৰা প্রতিবাদ কৰিবলৈ চেষ্টা কৰে অথবা সত্যৰ পক্ষত বিতৰ্ক কৰে কিন্তু অপ্ৰয়োজনীয় বিতৰ্ক কৰে; আৰু অতিৰিক্ত বিতৰ্ক কৰাৰ কাৰণে ন্যায়ৰ পৰা আঁতৰি যায় তথা ইল্ম বা জ্ঞান নোহোৱাকৈ বিতৰ্ক কৰে।
...:
নিৰ্যাতিত ব্যক্তিয়ে আদালতত গৈ চৰীয়ত মুতাবিক নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজ দিয়াটো নিন্দনীয়-বিতৰ্কৰ অন্তৰ্ভুক্ত নহয়।
তৰ্ক-বিতৰ্ক, বাদ-বিবাদ আদি হৈছে জিভাই কঢ়িয়াই অনা বিপদ। যিটোৱে মুছলিমসকলৰ মাজত বিভাজন আৰু সম্পৰ্ক বিচ্ছিন্ন কৰে।
সত্যৰ পক্ষত আৰু উত্তম পদ্ধতিৰে কৰা তৰ্ক-বিতৰ্ক হৈছে প্ৰশংসনীয়। আনহাতে সত্যক প্ৰত্যাখ্যান কৰিবলৈ বা বাতিলক প্ৰতিষ্ঠা কৰিবলৈ কৰা তৰ্ক-বিতৰ্ক হৈছে নিন্দনীয়। লগতে দলীল প্ৰমাণ নোহোৱাকৈ কৰা তৰ্ক-বিতৰ্কও হৈছে নিন্দনীয়।
ছহীহ বুখাৰী (3/ 131) (2457).
ছহীহ মুছলিম (4/ 2054) (2668).
অধিক (8)
توضيح الأحكام من بلوغ المرام.
للبسام (7/ 476).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 308).
فتح ذي الجلال والإكرام.
لابن عثيمين (6/ 416).
سبل السلام بشرح بلوغ المرام.
للصنعاني (2/ 685).