Skip to content

জান্নাত হৈছে তোমালোকৰ জুতাৰ ফিতাতকৈও অধিক নিকটৱৰ্তী আৰু জাহান্নামো সিমানেই নিকটৱৰ্তী।

ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

জান্নাত হৈছে তোমালোকৰ জুতাৰ ফিতাতকৈও অধিক নিকটৱৰ্তী আৰু জাহান্নামো সিমানেই নিকটৱৰ্তী।

«الْجَنَّةُ أَقْرَبُ إِلَى أَحَدِكُمْ مِنْ شِرَاكِ نَعْلِهِ، وَالنَّارُ مِثْلُ ذَلِكَ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, জান্নাত আৰু জাহান্নাম হৈছে মানুহৰ নিচেই ওচৰত, জুতাৰ ফিতাতকৈও ওচৰত, যিদৰে জুতাৰ ফিতা ভৰিৰ ওপৰি ভাগত থাকে। এতেকে যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে আল্লাহৰ আনুগত্য কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যিয়ে গুনাহত লিপ্ত হ'ব সি জাহান্নামত প্ৰৱেশ কৰিব।

শব্দাৰ্থ

....:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

কল্যাণকৰ কাম কৰিবলৈ উৎসাহ দিয়া হৈছে যদিও সেয়া পৰিমাণত কম হওক। পক্ষান্তৰে বেয়া কৰ্মৰ পৰা সতৰ্ক কৰা হৈছে যদিও সেয়া পৰিমাণত কম হওক।

প্ৰতিজন মুছলিমে আশা আৰু ভয়ৰ সমন্বয় ৰাখি জীৱন-যাপন কৰা উচিত। লগতে নিৰাপদ থাকিবলৈ তথা সত্যৰ ওপৰত অবিচল থাকিবলৈ সদায় আল্লাহৰ ওচৰত দুআ কৰা উচিত, যাতে অৱস্থা পৰিবৰ্তন হ'লে প্ৰৱঞ্চিত নহয়।

সম্পাদক

ছহীহ বুখাৰী (8/ 102) (6488).

অধিক (8)

شرح رياض الصالحين.

لابن عثيمين (2/ 99).

فتح الباري.

لابن حجر(11/ 321).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 186).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخِن وغيره (1/ 136).