Skip to content

দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে।

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে।

«الرَّاحِمُونَ يَرْحَمُهمُ الرَّحمنُ، ارحَمُوا أهلَ الأرضِ يَرْحْمْكُم مَن في السّماء».

(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, যিসকল লোকে আনৰ প্ৰতি দয়া কৰে, তেওঁলোকৰ প্ৰতি দয়াময় আল্লাহে দয়া কৰে, যাৰ দয়া সকলো বস্তুকে আবৰি আছে। এইটোৱে উপযুক্ত প্ৰতিফল। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে পৃথিৱীৰ বুকুত থকা সকলোৰে প্ৰতি দয়া কৰিবলৈ নিৰ্দেশ দিছে, সেয়া মানৱ হওক বা জীৱ-জন্তু অথবা চৰাই-চিৰিকটি বা অন্য কোনো বস্তু, লগতে তেখেতে কৈছে- ইয়াৰ বিনিময়ত আকাশৰ ওপৰত থকা মহান আল্লাহে তোমালোকৰ প্ৰতি ৰহম কৰিব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ইছলাম ধৰ্ম হৈছে দয়াৰ ধৰ্ম। ই পৰিপূৰ্ণৰূপে আল্লাহৰ আনুগত্য আৰু সৃষ্টিৰ প্ৰতি দয়া কৰাৰ ওপৰত প্ৰতিষ্ঠিত।

সৰ্বশক্তিমান আল্লাহ দয়াৰ বিশেষণেৰে বিশেষিত। মহান আল্লাহৰ দুটা বৈশিষ্ট্যগত নাম হৈছে আৰ-ৰাহমান আৰু আৰ-ৰাহীম। যাৰ ফালৰ পৰা বান্দাসকলক ৰহম কৰা হয়।

আমল অনুসাৰেই প্ৰতিদান দিয়া হয়। সেয়ে দয়াকাৰীসকলৰ ওপৰত আল্লাহে দয়া কৰে।

সম্পাদক

ছুনান আবি দাঊদ (7/ 297) (4941).

ছুনান তিৰমিজী (3/ 483) (1924).

অধিক (7)

مسند أحمد ط الرسالة (11/ 33) (6494).

تحفة الأحوذي بشرح جامع الترمذي.

لمحمد المباركفورى (6/ 43).

سلسلة الأحاديث الصحيحة وشيء من فقهها وفوائدها.

للألباني (2/ 594).

معارج القبول بشرح سلم الوصول إلى علم الأصول.

حافظ الحكمي (1/ 156).