ঈমানৰ সত্তৰতকৈও অধিক অথবা ষাঠিতকৈও অধিক শাখা-প্ৰশাখা আছে। তাৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ শাখাটো হৈছে লা ইলা-হা ইল্লাল্লাহ কোৱা, আৰু সৰ্বনিম্ন শাখাটো হৈছে পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ঈমানৰ সত্তৰতকৈও অধিক অথবা ষাঠিতকৈও অধিক শাখা-প্ৰশাখা আছে। তাৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ শাখাটো হৈছে লা ইলা-হা ইল্লাল্লাহ কোৱা, আৰু সৰ্বনিম্ন শাখাটো হৈছে পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া। হায়া বা লাজো হৈছে ঈমানৰ এটা শাখা।"
«الْإِيمَانُ بِضْعٌ وَسَبْعُونَ -أَوْ بِضْعٌ وَسِتُّونَ- شُعْبَةً، فَأَفْضَلُهَا قَوْلُ لَا إِلَهَ إِلَّا اللهُ، وَأَدْنَاهَا إِمَاطَةُ الْأَذَى عَنِ الطَّرِيقِ، وَالْحَيَاءُ شُعْبَةٌ مِنَ الْإِيمَانِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, ঈমানৰ বহুতো শাখা-প্ৰশাখা আছে আৰু অনেক বৈশিষ্ট্য আছে। যাৰ মাজত আক্বীদাহ বা বিশ্বাস, লগতে কথা আৰু কৰ্ম আদিক সামৰি লোৱা হৈছে। ঈমানৰ সৰ্বোচ্চ তথা সৰ্বোত্তম শাখাটো হৈছে লা ইলাহা ইল্লাল্লাহ কোৱা, ইয়াৰ অৰ্থ জনা আৰু সেইমতে আমল কৰা। অৰ্থাৎ এই কথাৰ স্বীকৃতি দিয়া যে, আল্লাহ হৈছে একক তথা অদ্বিতীয়, একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত, তেওঁৰ বাহিৰে কোনেও ইবাদতৰ যোগ্য নহয়। ঈমানৰ সৰ্বনিম্ন শাখাটো হৈছে, মানুহক কষ্ট দিব পৰা প্ৰতিটো বস্তু ৰাস্তাৰ পৰা আঁতৰাই দিয়া। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, হায়া বা লাজো হৈছে ঈমানৰ এটা বৈশিষ্ট্য। এইটো এনেকুৱা এটা চৰিত্ৰ, যিয়ে মানুহক সৎকৰ্ম কৰিবলৈ উৎসাহিত কৰে আৰু বেয়া কৰ্মৰ পৰা বিৰত ৰাখে।
بِضْع: من ثلاثة إلى تسعة.
شعبة: خصلة.
ঈমানৰ কেইবাটাও স্তৰ আছে, এটাতকৈ আনটো উত্তম।
কথা, কৰ্ম আৰু বিশ্বাসৰ সমষ্টিয়ে হৈছে ঈমান।
হায়া হৈছে আল্লাহৰ পৰা প্ৰাপ্ত এটা নিয়ামত, ইয়াৰ উদ্দেশ্য হৈছেঃ আল্লাহে যেন আপোনাক সেই ঠাইত দেখা নাপায়, য'ত যাবলৈ তেওঁ আপোনাক নিষেধ কৰিছে। লগতে সেই ঠাইত যেন আপোনাক অনুপস্থিত নাপায়, য'ত যাবলৈ তেওঁ আপোনাক আদেশ কৰিছে।
সংখ্যা উল্লেখ কৰাৰ অৰ্থ এইটো নহয় যে, ইয়াৰ দ্বাৰা সীমাবদ্ধ কৰা বুজাইছে, বৰং ই ঈমান সম্পৰ্কীয় আমলৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰতি ইংগিত দিয়ে, কাৰণ আৰববাসীসকলে কেতিয়াবা কোনো বস্তুৰ সংখ্যা উল্লেখ কৰিছিল, কিন্তু সেইটোৰ দ্বাৰা বাকী বিলাকক নস্যাৎ কৰা নাছিল।
ছহীহ বুখাৰী (1/ 11) (9).
ছহীহ মুছলিম (1/ 63) (35).
অধিক (7)
نزهة المتقين شرح رياض الصالحين (1/ 154).
شرح رياض الصالحين.
لابن عثيمين (2/ 169).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص106).
بهجة الناظرين شرح رياض الصالحين.
لسليم لهلالي (1/ 205).
গ্ৰন্থসমূহত উল্লেখিত
7 গ্ৰন্থসমূহঅধিক (7)
- التوحيد في ضوء عقيدة الإمام الشافعي رحمه الله ونصوصه ومروياته"الإيمان بضع وسبعون أو بضع وستون شعبة فأفضلها قول لا إله إلا الله وأدناها إماطة الأذى عن الطريق، والحياء شعبة من الإيمان".([157])
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 4«الإيمَانُ بِضْعٌ وَسَبْعُونَ، أَوْ بِضْعٌ وَسِتُّونَ شُعْبَةً، فَأَفْضَلُهَا قَوْلُ لا إلهَ إلَّا الله، وَأَدْنَاهَا إمَاطَةُ الأَذَىٰ عَنِ الطّرِيقِ، وَالحَياءُ شُعْبَةٌ مِنَ الإيمَانِ».
- ما لا يسع أطفال المسلمين جهله«الإِيمَانُ بِضْعٌ وَسَبْعُونَ -أَوْ: بِضْعٌ وَسِتُّونَ- شُعْبَةً، فَأَفْضَلُهَا قَوْلُ: لَا إِلَهَ إِلَّا اللَّهُ، وَأَدْنَاهَا إِمَاطَةُ الأَذَى عَنِ الطَّرِيقِ، وَالحَيَاءُ شُعْبَةٌ مِنَ الإِيمَانِ»[11].
- ما لا يسع أطفال المسلمين جهله«الإِيمَانُ بِضْعٌ وَسَبْعُونَ-أَوْ بِضْعٌ وَسِتُّونَ- شُعْبَةً، أَعْلَاهَا: قَوْلُ: لَا إِلَهَ إِلَّا اللَّهُ، وَأَدْنَاهَا: إِمَاطَةُ الأَذَى عَنِ الطَّرِيقِ. وَالحَيَاءُ شُعْبَةٌ مِنَ الإِيمَانِ»[191].
- مجموعة زاد الحديث (1)الحديث 1«الإيمان بضع وسبعون أو بضع وستون شعبة»
- موسوعة الإيمان«الْإِيمَانُ بِضْعٌ وَسَبْعُونَ -أوْ بِضْعٌ وَسِتُّونَ- شُعْبَةً، فَأَفْضَلُهَا قَوْلُ لَا إِلَهَ إِلَّا اللهُ، وَأَدْنَاهَا إِمَاطَةُ الْأَذَى عَنِ الطَّرِيقِ، وَالْحَيَاءُ شُعْبَةٌ مِنَ الْإِيمَانِ».
- نبراس طالب (1)1«الْإِيمَانُ بِضْعٌ وَسَبْعُونَ شُعْبَةً، فَأَفْضَلُهَا قَوْلُ لَا إِلَهَ إِلَّا اللهُ عز وجل، وَأَدْنَاهَا إِمَاطَةُ الْأَذَى عَنِ الطَّرِيقِ، وَالْحَيَاءُ شُعْبَةٌ مِنَ الْإِيمَانِ»