Skip to content

তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাতৃ, সি যেন তাৰ ওপৰত যুলুম নকৰে আৰু তাক সঙ্গীহীন আৰু সহায়হীনভাৱে এৰি নিদিয়ে, আৰু যেন তাক অপমান অপদস্থ নকৰে। তাক্বৱা হৈছে- ইয়াত"। তেখেতে নিজৰ বুকুৰ ফালে তিনিবাৰ ইঙ্গিত কৰিলে। "কোনো মানুহক অনিষ্ট কৰিবলৈ এইখিনিয়ে যথেষ্ট যে, সি তাৰ মুছলিম ভাতৃক নিম্ন আৰু হীন বুলি ভাবে। প্ৰতিজন মুছলিমৰে তেজ, সম্পদ আৰু মান-সন্মান অন্যান্য মুছলিমৰ ওপৰত হাৰাম।"

«لَا تَحَاسَدُوا، وَلَا تَنَاجَشُوا، وَلَا تَبَاغَضُوا، وَلَا تَدَابَرُوا، وَلَا يَبِعْ بَعْضُكُمْ عَلَى بَيْعِ بَعْضٍ، وَكُونُوا عِبَادَ اللهِ إِخْوَانًا الْمُسْلِمُ أَخُو الْمُسْلِمِ، لَا يَظْلِمُهُ وَلَا يَخْذُلُهُ، وَلَا يَحْقِرُهُ التَّقْوَى هَاهُنَا» وَيُشِيرُ إِلَى صَدْرِهِ ثَلَاثَ مَرَّاتٍ «بِحَسْبِ امْرِئٍ مِنَ الشَّرِّ أَنْ يَحْقِرَ أَخَاهُ الْمُسْلِمَ، كُلُّ الْمُسْلِمِ عَلَى الْمُسْلِمِ حَرَامٌ، دَمُهُ، وَمَالُهُ، وَعِرْضُهُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উপদেশ দি কৈছে যে, এজন মুছলিমে আন এজন মুছলিম ভাতৃৰ বাবে কল্যাণ কামনা কৰা উচিত। লগতে তেখেতে কিছুমান অনিবাৰ্য দায়িত্ব আৰু নিয়ম-নীতি উল্লেখ কৰিছে। যেনে- প্ৰথম উপদেশঃ ঈৰ্ষা নকৰিবা, অৰ্থাৎ পৰস্পৰে পৰস্পৰৰ নিয়ামত নিঃশেষ (ধ্বংস) হোৱাটো কামনা নকৰিবা। দ্বিতীয়ঃ দালালি নকৰিবা, অৰ্থাৎ কাৰোবাৰ সম্পদ বিক্ৰীৰ ক্ষেত্ৰত দাম বৃদ্ধি কৰিবলৈ মিছা পৰিৱেশ সৃষ্টি কৰা, যাৰ উদ্দেশ্য হৈছে একমাত্ৰ বিক্ৰেতাৰ উপকাৰ কৰা আৰু ক্ৰেতাৰ ক্ষতি কৰা। তৃতীয়ঃ বিদ্বেষ নকৰিবা, অৰ্থাৎ ক্ষতি কৰাৰ ইচ্ছা নকৰিবা। বিদ্বেষ হৈছে মুহাব্বতৰ পৰিপন্থী। কিন্তু আল্লাহৰ বাবে কাৰো সৈতে বিদ্বেষ পোষণ কৰাত কোনো অসুবিধা নাই। বৰং এইটো হৈছে অনিবাৰ্য্য। চতুৰ্থঃ মুখ ঘূৰাই নল'বা, অৰ্থাৎ কোনোৱে যেন নিজৰ ভাতৃৰ পৰা মুখ ঘূৰাই নলয় আৰু পিঠি নিদিয়ে, তথা সম্পৰ্ক বিচ্ছিন্ন নকৰে। পঞ্চমঃ কোনোবাই বিক্ৰী কৰাৰ ওপৰত বিক্ৰী নকৰিবা। উদাহৰণস্বৰূপেঃ ক্ৰেতাই কোনো বস্তু কিনাৰ পিছত, বেলেগ কোনোবাই এই কথা কোৱা উচিত নহয় যে, মোৰ ওচৰতো এনেকুৱা বস্তু আছে, অথবা ইয়াতকৈ কম দামত দিব পাৰিম, নাইবা ইয়াতকৈ ভাল বস্তু এই দামত দিম। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা গাম্ভীৰ্য্যপূৰ্ণ উপদেশ দিছে। তেখেতে কৈছেঃ তোমালোকে এই নিষেধকৃত বিষয়বোৰ পৰিত্যাগ কৰি ইজনে সিজনৰ ভাতৃৰ দৰে হৈ যোৱা, লগতে মুহাব্বত, নম্ৰতা, মমতা, দয়া, আৰু ভাল কামত সহযোগিতাকে আদি কৰি, পৰিষ্কাৰ হৃদয়েৰে সকলো অৱস্থাতে ইজনে সিজনক ভাল পৰামৰ্শ দিয়া। এই ভাতৃত্ববোধৰ দাবী হৈছেঃ কোনো মুছলিম ভাতৃৰ প্ৰতি অন্যায়-অত্যাচাৰ নকৰা। লগতে কোনো মুছলিম ভাতৃক অসহায় অৱস্থাত নিৰ্যাতিত হ'বলৈ এৰি দিয়াও উচিত নহয়। বিশেষকৈ এনেকুৱা অৱস্থাত, যেতিয়া তাক সহায় কৰিবলৈ সক্ষম তথা অন্যায় প্ৰতিৰোধ কৰিবলৈ সক্ষম। এইদৰে তাক অপমান কৰা উচিত নহয়, হেও প্ৰতিপন্ন কৰাও উচিত নহয়, এইবোৰে অন্তৰত অহংকাৰ সৃষ্টি কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তিনিবাৰ কৈছে যে, তাক্বৱা হৈছে অন্তৰত। যাৰ অন্তৰত আল্লাহৰ তাক্বৱা আছে, তেওঁ সদায় সদ্ব্যৱহাৰ কৰে, আল্লাহক ভয় কৰে, আৰু তেওঁক সদায় উপস্থিত থকা বুলি ভাবে। তেওঁ কেতিয়াও কোনো মুছলিমক হেও প্ৰতিপন্ন নকৰে। নিকৃষ্ট চৰিত্ৰ আৰু বেয়া স্বভাৱৰ বৈশিষ্ট্য হৈছে মুছলিম ভাতৃক হেও প্ৰতিপন্ন কৰা। অন্তৰত অহংকাৰ থাকিলে এনেকুৱা স্বভাৱৰ বহিঃপ্ৰকাশ ঘটে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গুৰুত্ব সহকাৰে এই কথা জনাইছে যে, প্ৰতিজন মুছলিমৰ তেজ অন্যান্য মুছলিমৰ ওপৰত হাৰাম। উদাহৰণস্বৰূপে কাৰোবাক হত্যা কৰা, অথবা আঘাত কৰা বা আক্ৰমণ কৰা আদি। এইদৰে তাৰ সম্পদকো সুৰক্ষিত কৰা হৈছে, অৰ্থাৎ অন্যায়ভাৱে ভক্ষণ কৰা হাৰাম। এইদৰে তাৰ মান-সন্মান সুৰক্ষিত কৰা হৈছে, সেয়ে- তাক আৰু তাৰ বংশক অপমান কৰাও উচিত নহয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ঈমানী ভাতৃত্ববোধৰ ক্ষেত্ৰত ইয়াৰ সকলো প্ৰয়োজনীয় বিষয়ৰ নিৰ্দেশ দিয়া হৈছে, আৰু প্ৰত্যেক সেইবোৰ কথা আৰু কৰ্মৰ পৰা নিষেধ কৰা হৈছে যিবোৰ ইয়াৰ পৰিপন্থী।

অন্তৰত থকা আল্লাহৰ জ্ঞান, তেওঁৰ ভয়, তেওঁৰ নিৰীক্ষণ আদি হৈছে তাক্বৱাৰ ভেটি। এই তাক্বৱাৰ ফলতেই নেক আমল কৰাটো সহজ হৈ পৰে।

বাহ্যিক বিভ্ৰান্তি হৈছে অন্তৰত থকা তাক্বৱাৰ দুৰ্বলতাৰ পৰিচয়।

কথা অথবা কৰ্মৰ দ্বাৰাই হওক, সকলো প্ৰকাৰে মুছলিমক অনিষ্ট কৰাৰ পৰা নিষেধ কৰা হৈছে।

কোনোবাই কোনো মুছলিমৰ সমতুল্য হোৱাৰ কামনা কৰাটো কোনো ঈৰ্ষা নহয়। ইয়াক আৰবীত গিবতাহ বোলে। এইটো বৈধ, কাৰণ কল্যাণৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিব পাৰি। কিন্তু যদি সি আনৰ ক্ষতি বিচাৰি সেইটো কামনা কৰে তেন্তে সেইটো হ'ব হাছাদ বা ঈৰ্ষা।

মানুহে স্বভাৱগতভাৱে এইটো কামনা কৰে যে, কোনোৱে যেন তেওঁক পিছ পেলাই আগবাঢ়ি যাব নোৱাৰে। কিন্তু যদি সি আনৰ ক্ষতি কামনা কৰি নিজৰ উন্নতি বিচাৰে তেন্তে এইটো হৈছে নিকৃষ্ট হাছাদ। আনহাতে যদি আনৰ ক্ষতি নিবিচাৰি নিজৰ উন্নতি কামনা কৰি প্ৰতিযোগিতা কৰে তেন্তে এইটো হৈছে গিবতাহ, এইটো জায়েজ।

মুছলিমে নিজৰ ভায়েকৰ বিক্ৰীৰ ওপৰত বিক্ৰী কৰাটো উচিত নহয়। উদাহৰণস্বৰূপে যদি তেওঁ ক্ৰেতাক কয় যে তেওঁক প্ৰতাৰণা কৰা হৈছে, তেন্তে এইটো হৈছে সদুপদেশৰ অন্তৰ্ভুক্ত। কিন্তু যদি তেওঁৰ উদ্দেশ্য ক্ৰেতাক পৰামৰ্শ দিয়া নহয়, বৰং বিক্ৰেতাৰ ক্ষতি কৰাৰ উদ্দেশ্যে হয়, তেন্তে এইটো নিষেধ কৰা হৈছে। কাৰণ আমল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত।

যদি ক্ৰেতা আৰু বিক্ৰেতাই কোনো সিদ্ধান্তত উপনীত হোৱা নাই আৰু দামো নিৰ্ধাৰণ কৰা নাই তেন্তে তেনে ক্ষেত্ৰত বেলেগ কোনোবাই কৰা দৰদামক তেওঁৰ ভাতৃৰ দৰদামৰ বিৰুদ্ধে কৰা দৰদাম বুলি গণ্য কৰা নহ'ব।

হাদীছটোত যিটো বিদ্বেষৰ পৰা নিষেধ কৰা হৈছে, আল্লাহৰ বাবে কাৰোবাৰ প্ৰতি শত্ৰুতা পোষণ কৰাটো সেই বিদ্বেষৰ অন্তৰ্ভুক্ত নহয়। কাৰণ এইটো হৈছে ওৱাজিব তথা ঈমানৰ এটা অন্যতম মজবুত বন্ধন।

সম্পাদক

ছহীহ মুছলিম (4/ 1986) (2564).

অধিক (8)

التحفة الربانية في شرح الأربعين حديثًا النووية.

لإسماعيل الأنصاري (ص79).

شرح الأربعين النووية.

لابن عثيمين (ص339).

فتح القوي المتين في شرح الأربعين وتتمة الخمسين.

النووي وابن رجب (ص118).

الأحاديث الأربعون النووية وعليها الشرح الموجز المفيد.

لعبد الله المحسن (ص67).