Skip to content

হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (প্ৰখৰ ৰ'দৰ কাৰণে) বাট-পথত ওলাব নোৱাৰা অৱস্থা হৈছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাক বৰষুণ দান কৰে।

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,

জুমুআৰ দিনা এজন ব্যক্তিয়ে দাৰুল কাজা (বিচাৰ মীমাংসা কৰা ঠাই)ৰ ফালে থকা দুৱাৰেৰে মছজিদত প্ৰৱেশ কৰিলে। সেই সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে থিয় হৈ খুতবা দি আছিল। সেই ব্যক্তিজনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে মুখ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (প্ৰখৰ ৰ'দৰ কাৰণে) বাট-পথত ওলাব নোৱাৰা অৱস্থা হৈছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাক বৰষুণ দান কৰে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰিলে আৰু এই বুলি দুআ কৰিলেঃ "আল্লাহুম্মা আগিছনা, আল্লাহুম্মা আগিছনা, আল্লাহুম্মা আগিছনা।" আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত! আমি তেতিয়া আকাশৰ ফালে চাইছিলোঁ আকাশত কোনো মেঘ নাছিল, আনকি মেঘৰ কোনো টুকুৰাও নাছিল। ছালআ পৰ্বত আৰু আমাৰ মাজৰ ঠাইখিনিত কোনো ঘৰ দুৱাৰো নাছিল। হঠাৎ ছালআ পৰ্বতৰ পিছফালৰ পৰা ঢালৰ নিচিনা এটুকুৰা মেঘ আহিল, আৰু মাজ আকাশত আহি সেই মেঘ টুকুৰা প্ৰসাৰিত হৈ পৰিল। ইয়াৰ পিছত ধাৰাসাৰ বৰষুণ আৰম্ভ হ'ল। আল্লাহৰ শপত! আমি ছয় দিনলৈকে সূৰ্য্য দেখা পোৱা নাছিলোঁ। ইয়াৰ পিছৰ জুমুআত সেই দুৱাৰেৰেই এজন ব্যক্তি সোমাই আহিল, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম থিয় হৈ খুতবা দি আছিল। ব্যক্তিজনে তেখেতৰ সন্মুখত থিয় হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! ধন-সম্পদ বিনষ্ট হৈ যাব ধৰিছে আৰু (ধাৰাসাৰ বৰষুণৰ কাৰণে) বাট-পথ বন্ধ হৈ পৰিছে। আপুনি আল্লাহৰ ওচৰত দুআ কৰক তেওঁ যেন আমাৰ পৰা এই বৰষুণ বন্ধ কৰে। আনাছে কৈছেঃ তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি এই বুলি দুআ কৰিলেঃ "আল্লাহুম্মা হাৱালাইনা অলা আলাইনা, আল্লাহুম্মা আলাল আকামি অজ্জিৰাব, অবুতূনিল আউদিয়াতি অমানাবিতিশ্ব শ্বাজাৰ।" আনাছে কৈছেঃ দুআৰ পিছতেই বৰষুণ বন্ধ হৈ গ'ল, আৰু আমি ৰ'দৰ মাজত ঘৰলৈ উভতিলোঁ। (এই হাদীছটোৰ এজন বৰ্ণনাকাৰী) শ্বাৰীকে কৈছেঃ মই আনাছক সুধিছিলোঁ যে, এই ব্যক্তিজনেই সেইজন নেকি, যিয়ে প্ৰথম দিনা দুআ কৰিবলৈ কৈছিল? তেওঁ কৈছেঃ "মই নাজানো"।

أَنَّ رَجُلًا دَخَلَ المَسْجِدَ يَوْمَ جُمُعَةٍ مِنْ بَابٍ كَانَ نَحْوَ دَارِ القَضَاءِ، وَرَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَائِمٌ يَخْطُبُ، فَاسْتَقْبَلَ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَائِمًا، ثُمَّ قَالَ: يَا رَسُولَ اللَّهِ، هَلَكَتِ الأَمْوَالُ وَانْقَطَعْتِ السُّبُلُ، فَادْعُ اللَّهَ يُغِيثُنَا، فَرَفَعَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَدَيْهِ، ثُمَّ قَالَ: «اللَّهُمَّ أَغِثْنَا، اللَّهُمَّ أَغِثْنَا، اللَّهُمَّ أَغِثْنَا» قَالَ أَنَسٌ: وَلا وَاللَّهِ، مَا نَرَى فِي السَّمَاءِ مِنْ سَحَابٍ وَلَا قَزَعَةً، وَمَا بَيْنَنَا وَبَيْنَ سَلْعٍ مِنْ بَيْتٍ وَلَا دَارٍ، قَالَ: فَطَلَعَتْ مِنْ وَرَائِهِ سَحَابَةٌ مِثْلُ التُّرْسِ، فَلَمَّا تَوَسَّطَتِ السَّمَاءَ انْتَشَرَتْ، ثُمَّ أَمْطَرَتْ، فَلَا وَاللَّهِ، مَا رَأَيْنَا الشَّمْسَ سِتًّا، ثُمَّ دَخَلَ رَجُلٌ مِنْ ذَلِكَ البَابِ فِي الجُمُعَةِ، وَرَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَائِمٌ يَخْطُبُ، فَاسْتَقْبَلَهُ قَائِمًا، فَقَالَ: يَا رَسُولَ اللَّهِ، هَلَكَتِ الأَمْوَالُ، وَانْقَطَعَتِ السُّبُلُ، فَادْعُ اللَّهَ يُمْسِكْهَا عَنَّا، قَالَ: فَرَفَعَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَدَيْهِ، ثُمَّ قَالَ: «اللَّهُمَّ حَوَالَيْنَا وَلَا عَلَيْنَا، اللَّهُمَّ عَلَى الآكَامِ وَالظِّرَابِ، وَبُطُونِ الأَوْدِيَةِ، وَمَنَابِتِ الشَّجَرِ» قَالَ: فَأَقْلَعَتْ، وَخَرَجْنَا نَمْشِي فِي الشَّمْسِ، قَالَ شَرِيكٌ: سَأَلْتُ أَنَسَ بْنَ مَالِكٍ: أَهُوَ الرَّجُلُ الأَوَّلُ؟ فَقَالَ: «مَا أَدْرِي».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

এজন বেদুঈন (গাঁৱলীয়া আৰবীয়ান ব্যক্তি) জুমুআৰ দিনা মছজিদে নবৱীৰ পশ্চিমফালৰ দুৱাৰেৰে মছজিদত প্ৰৱেশ কৰিলে, এই দুৱাৰটো ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ঘৰৰ ফালে আছিল। সেই সময়ছোৱাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবা দি আছিল। ব্যক্তিজনে সোমাই আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত থিয় হৈ ক'লেঃ হে আল্লাহৰ ৰাছুল! জীৱ-জন্তুবোৰ ধ্বংস হোৱাৰ উপক্ৰম হৈছে, ৰাস্তাঘাটৰ অৱস্থা নিমাওমাও হৈ পৰিছে, মানুহৰ ঘৰচীয়া পশুবোৰ মৰিবলৈ আৰম্ভ কৰিছে অথবা ভোক পিয়াহত দুৰ্বল হৈ পৰিছে। গতিকে আপুনি আল্লাহৰ ওচৰত আমাৰ বাবে বৰষুণ বিচাৰি দুআ কৰক এই শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি ক'লেঃ হে আল্লাহ! আমাৰ ওপৰত পানী বৰ্ষণ কৰা, হে আল্লাহ! আমাৰ ওপৰত পানী বৰ্ষণ কৰা, হে আল্লাহ! আমাৰ ওপৰত পানী বৰ্ষণ কৰা। আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আল্লাহৰ শপত! সেই সময়ত আকাশত এটুকুৰাও মেঘ নাছিল। আমি অৱস্থান কৰা মছজিদৰ আৰু মছজিদৰ পশ্চিমফালে অৱস্থিত ছিলা পাহাৰৰ মধ্যৱৰ্তী স্থানত চাবলৈ বাধা হ'ব পৰা কোনো ঘৰ দুৱাৰো নাছিল। সাধাৰণতে সেই ফালৰ পৰাই মেঘ আহিছিল। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ইয়াৰ পিছত সেই পাহাৰৰ পিছফালৰ পৰা এটুকুৰা গোলাকাৰ মেঘ উৰি আহিল, যিটোৰ আকাৰ আছিল ঢালৰ নিচিনা সৰু। সেই মেঘ টুকুৰা মদীনাৰ আকাশৰ মাজত আহি বিয়পি পৰিল আৰু লগে লগে বৰষুণ আৰম্ভ হৈ গ'ল। আল্লাহৰ শপত! এই বৰষুণৰ ফলত আমি পৰৱৰ্তী জুমুআ পৰ্যন্ত সূৰ্য্য দেখা পোৱা নাছিলোঁ। পৰৱৰ্তী জুমুআৰ দিনা তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবা দি আছিল, সেই সময়ছোৱাতে এজন ব্যক্তি সোমাই আহে আৰু তেখেতৰ সন্মুখত আহি কয় যে, হে আল্লাহৰ ৰাছুল! জীৱ-জন্তু ধ্বংস হ'বলৈ ধৰিছে, ৰাস্তা-ঘাট বন্ধ হৈ পৰিছে, আপুনি আল্লাহৰ ওচৰত দুআ কৰক, এই বৰষুণ যাতে বন্ধ হয়। বৰ্ণনাকাৰীয়ে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুয়ো হাত উত্তোলন কৰি এই বুলি দুআ কৰিলেঃ হে আল্লাহ! আমাৰ চাৰিওফালে বৰষুণ দিয়া, আমাৰ ওপৰত নহয়। হে আল্লাহ! ওখ ওখ ঠাইবোৰত বৰষুণ দিয়া, সৰু সৰু পাহাৰবোৰত বৰষুণ দিয়া, উপত্যকাবোৰত বৰষুণ দিয়া আৰু গছ পুলি গজিব পৰা ঠাইত বৰষুণ দিয়া। আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এই দুআৰ লগে লগে বৰষুণ বন্ধ হৈ পৰিল আৰু আমি ৰ'দৰ মাজত ঘৰলৈ উভতিলোঁ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

জীৱিকা সন্ধান কৰিবলৈ উপায় অৱলম্বন কৰাটো কেতিয়াও আল্লাহৰ ওপৰত ভৰসা কৰাৰ পৰিপন্থী নহয়, যেনে- দুআ কৰা আৰু জীৱিকা উপাৰ্জনৰ বাবে দেশ-বিদেশলৈ যোৱা আদি।

বৰষুণ বিচাৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পাঠ কৰা এই দুআটো পঢ়া মুস্তাহাব।

বৰষুণৰ ফলত ক্ষয়-ক্ষতিৰ সন্মুখীন হ'লে ফৰকাল বতৰ কামনা কৰি তথা বৰষুণ বন্ধ হোৱাৰ বাবে দুআ কৰা বৈধ। পাহাৰ, মালভূমি আৰু উপত্যকা আদিত বৰষুণ অৱশিষ্ট থকা উচিত, কাৰণ সেইবোৰৰ দ্বাৰা কৃষি কাম আৰু পশু পালনত সহায়ক হয়।

মুত্তাক্বী পৰহেজগাৰ তথা পুণ্যৱান জীৱিত উপস্থিত ব্যক্তিৰ ওচৰত দুআ বিচাৰি আবেদন কৰা বৈধ। এইটো হৈছে বৈধ অছিলা। কিন্তু জীৱিত হওক বা মৃত কোনো ব্যক্তিৰ মান-মৰ্যাদা বা মাহাত্ম্যৰ দুহাই দি তথা অছিলাৰে দুআ কৰা বৈধ নহয়। কিয়নো এইটো হৈছে শ্বিৰ্কৰ অন্যতম এটা মাধ্যম।

দুআ কৰাৰ সময়ত অনুনয়-বিনয় তথা কাকূতি-মিনতি কৰি দুআ কৰিব লাগে।

জুমুআৰ দিনা খতীবে প্ৰয়োজন অনুসাৰে কথা ক'ব পাৰে।

বৰষুণ বন্ধ কৰা আৰু অৱতীৰ্ণ কৰাৰ ভিতৰত আল্লাহৰ মহা ক্ষমতা প্ৰকাশ পায়।

দুআ কৰাৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা হিকমত প্ৰকাশ পাইছে যে, তেখেতে সেই ঠাইত বৰষুণ বন্ধ হ'বলৈ দুআ কৰিছে, য'ত ই ক্ষতিকাৰক, আনহাতে সেই ঠাইত বৰষুণ হ'বলৈ দুআ কৰিছে য'ত এইটো উপকাৰী।

খুতবাৰ সময়ত পানী বিচাৰি দুআ (ইস্তিস্কা) কৰা বৈধ।

দুআ কৰাৰ সময়ত হাত উত্তোলন কৰিব লাগে, ইয়াৰ ফলত প্ৰয়োজনীয়তাৰ অৰ্থ প্ৰকাশ কৰে, আৰু শীঘ্ৰেই আকাংক্ষিত বস্তু পোৱাৰ সম্ভাৱনা থাকে। ইস্তিস্কাৰ সময়ত দুয়ো হাত উত্তোলন কৰি দুআ কৰাৰ ক্ষেত্ৰত সকলো উলামাই একমত।

তেখেতৰ দুআ কবূল কৰি দ্ৰুত বৰষুণ দিয়া আৰু দুআ কৰাৰ লগে লগে বৰষুণ বন্ধ হোৱাটো হৈছে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ প্ৰমাণ বহন কৰা অন্যতম এটা মুজিঝা (অলৌকিক ঘটনা)।

সম্পাদক

ছহীহ বুখাৰী (2/ 28) (1014).

ছহীহ মুছলিম (2/ 612) (897).

অধিক (6)

تيسير العلام.

للبسام (ص268).

تنبيه الأفهام.

لابن عثيمين (2/ 339).

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (1/ 215).