মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মহান আল্লাহে কৈছেঃ আদম সন্তানৰ প্ৰতিটো আমল হৈছে তাৰ নিজৰ বাবে, কিন্তু ৰোজাৰ বাহিৰে। কাৰণ ৰোজা হৈছে মোৰ বাবে, ইয়াৰ প্ৰতিদান মই নিজে প্ৰদান কৰিম। ৰোজা হৈছে ঢালস্বৰূপ। এতেকে তোমালোকৰ মাজৰ কোনোবাই ৰোজা ৰাখিলে, সি যেন বেয়া ভাষা নকয় আৰু হৈ-হাল্লা নকৰে। কোনোবাই যদি তাক গালি পাৰে অথবা তাৰ লগত কাজিয়া কৰে তেন্তে সি যেন কয়, মই ৰোজা ৰাখিছোঁ। শপত সেই মহান সত্তাৰ, যাৰ হাতত মুহাম্মদৰ প্ৰাণ আছে! ৰোজাদাৰ ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট। ৰোজাদাৰ ব্যক্তিৰ বাবে আছে দুটা আনন্দৰ সময়, যেতিয়া তেওঁ আনন্দিত হয়। ১- যেতিয়া ইফতাৰ কৰে তেতিয়া আনন্দিত হয়। ২- আৰু যেতিয়া নিজ প্ৰতিপালকৰ সৈতে সাক্ষাৎ কৰিব, তেতিয়া তেওঁ নিজৰ ৰোজাকলৈ আনন্দিত হ'ব।"
«قَالَ اللَّهُ: كُلُّ عَمَلِ ابْنِ آدَمَ لَهُ، إِلَّا الصِّيَامَ، فَإِنَّهُ لِي وَأَنَا أَجْزِي بِهِ، وَالصِّيَامُ جُنَّةٌ، وَإِذَا كَانَ يَوْمُ صَوْمِ أَحَدِكُمْ فَلاَ يَرْفُثْ وَلاَ يَصْخَبْ، فَإِنْ سَابَّهُ أَحَدٌ أَوْ قَاتَلَهُ، فَلْيَقُلْ إِنِّي امْرُؤٌ صَائِمٌ، وَالَّذِي نَفْسُ مُحَمَّدٍ بِيَدِهِ، لَخُلُوفُ فَمِ الصَّائِمِ أَطْيَبُ عِنْدَ اللَّهِ مِنْ رِيحِ المِسْكِ، لِلصَّائِمِ فَرْحَتَانِ يَفْرَحُهُمَا: إِذَا أَفْطَرَ فَرِحَ، وَإِذَا لَقِيَ رَبَّهُ فَرِحَ بِصَوْمِهِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে হাদীছে কুদছীত কৈছে যে, আদম সন্তানৰ প্ৰতিটো আমলৰ ছোৱাব দহৰ পৰা সাত শ গুণ পৰ্যন্ত বৃদ্ধি হয়, কেৱল ৰোজাৰ বাহিৰে। কাৰণ এইটো হৈছে মোৰ বাবে, ইয়াত ৰিয়াৰ কোনো অৱকাশ নাথাকে। গতিকে ইয়াৰ প্ৰতিদান মই নিজৰ ইচ্ছানুযায়ী প্ৰদান কৰিম, ইয়াৰ ছোৱাবৰ পৰিমাণ সম্পৰ্কে আৰু ইয়াৰ বৃদ্ধি সম্পৰ্কে কেৱল ময়ে জানো। ইয়াৰ পিছত কৈছেঃ (والصيام جُنّة) অৰ্থাৎ ৰোজা হৈছে জাহান্নামৰ পৰা পৰ্দা, দুৰ্গ তথা ঢালস্বৰূপ। কাৰণ ইয়াৰ দ্বাৰা প্ৰবৃত্তিৰ কামনা-বাসনা দমন হয় আৰু গুনাহত লিপ্ত হোৱাৰ পৰা ৰক্ষা পোৱা যায়। কিয়নো জাহান্নামক প্ৰবৃত্তিৰ চাহিদাৰে আবৃত কৰি ৰখা হৈছে। (فإذا كان يوم صوم أحدكم فلا يرفث) অৰ্থাৎ তোমালোকৰ মাজৰ যদি কোনোবাই ৰোজা ৰাখে, তেওঁ যেন অশ্লীল ভাষা নকয় আৰু যৌন মিলন তথা ইয়াৰ প্ৰাৰম্ভিক কৰ্মবোৰত যাতে লিপ্ত নহয়। (ولا يَصخب) অৰ্থাৎ কাজিয়া ফাছাদ যাতে নকৰে আৰু হুলস্থল নকৰে। (فإنْ سابّه أحد أو قاتله) অৰ্থাৎ ৰমাজান মাহত বা ৰোজা ৰখা অৱস্থাত যদি কোনোবাই গালি দিয়ে অথবা কাজিয়া কৰে, তেন্তে ক'ব লাগে যে, মই ৰোজা আছোঁ। ইয়াৰ ফলত হয়তো সি বিৰত থাকিব। ইয়াৰ পিছতো যদি সি আক্ৰমণ কৰে তেন্তে কম ক্ষতিকৰ পদ্ধতিৰে কেৱল নিজক ৰক্ষা কৰিব লাগে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেই মহান সত্তাৰ শপত খাই ক'লে, যাৰ হাতত তেখেতৰ প্ৰাণ আছে যে, ৰোজাৰ ফলত ৰোজাদাৰৰ মুখৰ পৰা যি গোন্ধ ওলায়, কিয়ামতৰ দিনা আল্লাহৰ ওচৰত এই গোন্ধ মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট হিচাপে পৰিগণিত হ'ব। জুমুআ আৰু বৈঠকসমূহত সুগন্ধি ব্যৱহাৰ কৰি যোৱাৰ বাবে যি ছোৱাব পোৱা যায়, তাতকৈও অধিক ছোৱাব প্ৰদান কৰিব। দুটা সময়ত ৰোজাদাৰ ব্যক্তি অত্যন্ত আনন্দিত হয়। ভোক পিয়াহ সহ্য কৰি ইফতাৰৰ সময় যেতিয়া কাষ চাপি আহে, যি সময়ত খোৱাৰ অনুমতি দিয়া হৈছে, তেতিয়া ৰোজাদাৰ ব্যক্তি আনন্দিত হয়। কাৰণ তাৰ ৰোজা পৰিপূৰ্ণ হয়, ইবাদত সম্পন্ন হয়, তথা আল্লাহৰ ফালৰ পৰা ৰহমত আৰু আগন্তুক ৰোজাৰ সহায় বিচাৰি এই আনন্দ লাভ কৰে। এইদৰে যেতিয়া আল্লাহৰ সৈতে সাক্ষাৎ কৰিব তেতিয়াও আনন্দিত হ'ব, কাৰণ তেতিয়া এই ৰোজাৰ প্ৰতিদান তথা ছোৱাব লাভ কৰি আনন্দিত হ'ব।
ৰোজাৰ ফজিলত। ৰোজাই ৰোজাদাৰক পৃথিৱীত প্ৰবৃত্তিৰ কামনা-বাসনাৰ পৰা বিৰত ৰাখে আৰু আখিৰাতত জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰে।
ৰোজাৰ অন্যতম এটা পালনীয় নীতি হৈছে যে, ৰোজা অৱস্থাত বেয়া কথা, অশ্লীল ভাষা আৰু অলাগতিয়াল আলোচনাৰ পৰা আঁতৰি থকা। মানুহৰ নিৰ্যাতনত ধৈৰ্য্য ধৰা, কোনোবাই বেয়া আচৰণ কৰিলে ধৈৰ্য্য আৰু এহছানৰ সৈতে সমাধান কৰা।
ৰোজাদাৰ হওক অথবা কোনো ইবাদতকাৰী, যদি ইবাদত সম্পূৰ্ণ হোৱাৰ পিছত আনন্দিত হয়, তেন্তে ইয়াৰ ফলত আখিৰাতত তাৰ কোনো ছোৱাব হ্ৰাস কৰা নহ'ব।
পূৰ্ণাংগ আনন্দ লাভ কৰিব আল্লাহৰ সৈতে সাক্ষাতৰ সময়ত। যেতিয়া আল্লাহে ধৈৰ্য্য ধাৰণকাৰীসকলক আৰু ৰোজাদাৰসকলক পৰিপূৰ্ণৰূপে অগণন ছোৱাব প্ৰদান কৰিব।
কাৰণবশতঃ তথা প্ৰয়োজনত মানুহক নিজৰ ইবাদত সম্পৰ্কে অৱগত কৰোৱাটো কোনো ৰিয়া নহয়। যেনে- হাদীছটোত কোৱা হৈছে (মই ৰোজা অৱস্থাত আছোঁ)।
পূৰ্ণাংগ ৰোজাদাৰ হৈছে সেই ব্যক্তি, ৰোজা অৱস্থাত যাৰ অংগ-প্ৰত্যংগ গুনাহৰ পৰা বিৰত থাকে, যাৰ জিভা মিছা কথা, অশ্লীল ভাষা, মিছা সাক্ষ্যৰ পৰা বিৰত থাকে, আৰু যাৰ পেট পানাহাৰৰ পৰা বিৰত থাকে।
ৰোজাৰ অৱস্থাত কাজিয়া-পেচাল, চিঞৰ-বাখৰ, হৈ-হাল্লা কৰিবলৈ গুৰুত্ব সহকাৰে নিষেধ কৰা হৈছে। অন্যথা ৰোজাৰ বাহিৰে অন্যান্য অৱস্থাতো এইবোৰ কৰাটো নিষেধ।
এই হাদীছটো হৈছে সেইবোৰ হাদীছৰ অন্তৰ্ভুক্ত, যিবোৰ হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং আল্লাহৰ পৰা বৰ্ণনা কৰিছে। এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বুলি কোৱা হয়। এইবোৰ হাদীছৰ শব্দ আৰু অৰ্থ দুয়োটাই আল্লাহৰ পৰা বৰ্ণিত। কিন্তু এইবোৰৰ মাজত কোৰআনৰ কোনো বৈশিষ্ট্য নাই, যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, কোৰআন পঢ়িবলৈ পৱিত্ৰতা লাগে, এইদৰে কোৰআনৰ আয়াতৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে আৰু কোৰআনৰ মাজত আছে অলৌকিকতা।
ছহীহ বুখাৰী (3/ 26) (1904).
ছহীহ মুছলিম (2/ 807) (1151).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 357).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 866).
كنوز رياض الصالحين.
لمجموعة من الباحثين (15/ 5).
شرح رياض الصالحين.
لابن عثيمين (5/ 265).
গ্ৰন্থসমূহত উল্লেখিত
11 গ্ৰন্থসমূহঅধিক (11)
- أسئلة وأجوبة عن شهر رمضان للصغار، ولا يستغني عنها الكبار«وَالَّذِي نَفْسُ مُحَمَّدٍ بِيَدِهِ، لَخُلُوفُ فَمِ الصَّائِمِ أَطْيَبُ عِنْدَ اللهِ يَوْمَ الْقِيَامَةِ مِنْ رِيحِ الْمِسْك))
- تطبيق القرآن والأذكارسنن الصيام (وإذا كان يوم صوم أحدكم فلا يرفث ولا يصخب، فإن سابَّه أحد، أو قاتله، فليقل: إني امرؤ صائم)[9][10].
- سنن الصيام - من كتاب الفقه الميسرسنن الصيام(وإذا كان يوم صوم أحدكم فلا يرفث ولا يصخب، فإن سابَّه أحد، أو قاتله، فليقل: إني امرؤ صائم)[9].
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«قَالَ اللَّهُ: كُلُّ عَمَلِ ابْنِ آدَمَ لَهُ، إِلَّا الصِّيَامَ، فَإِنَّهُ لِي وَأَنَا أَجْزِي بِهِ» [181].
- قاموس الكبائر«قَالَ اللَّهُ: كُلُّ عَمَلِ ابْنِ آدَمَ لَهُ، إِلَّا الصِّيَامَ، فَإِنَّهُ لِي وَأَنَا أَجْزِي بِهِ» [181].
- مجموعة زاد الفقه (3)الفقه 3«كُلُّ عَمَلِ ابْنِ آدَمَ لَهُ إِلَّا الصِّيَامَ، فَإِنَّهُ لِي وَأَنَا أَجْزِي بِهِ، وَالصِّيَامُ جُنَّةٌ، فَإِذَا كَانَ يَوْمُ صَوْمِ أَحَدِكُمْ، فَلَا يَرْفُثْ يَوْمَئِذٍ ولَا يَسْخَبْ، فَإِنْ سَابَّهُ أَحَدٌ أَوْ قَاتَلَهُ، فَلْيَقُلْ:
- مجموعة زاد الفقه (3)الفقه 3«وإذا كان يومُ صومِ أحدِكُم فلا يرفث ولا يصخب، فإن سابَّه أَحَدٌ، أو قاتله، فليقُل: إني امرؤٌ صائمٌ»
- مشروع المنهج التعليميمادة الفقه مستوى 1«قَالَ اللهُ: كُلُّ عَمَلِ ابْنِ آدَمَ لَهُ، إِلَّا الصِّيَامَ، فَإِنَّهُ لِي وَأَنَا أَجْزِي بِهِ، وَالصِّيَامُ جُنَّةٌ، وَإِذَا كَانَ يَوْمُ صَوْمِ أَحَدِكُمْ فَلَا يَرْفُثْ وَلَا يَصْخَبْ، فَإِنْ سَابَّهُ أَحَدٌ أَوْ قَاتَلَهُ، فَلْيَقُل
- نبراس طالب (1)1«كُلُّ عَمَلِ ابْنِ آدَمَ لَهُ، إِلَّا الصِّيَامَ، فَإِنَّهُ لِي وَأَنَا أَجْزِي بِهِ»
- نبراس طالب (3)نبراس طالب 3«إِذَا كَانَ يَوْمُ صَوْمِ أَحَدِكُمْ فَلَا يَرْفُثْ، وَلَا يَصْخَبْ، فَإِنْ سَابَّهُ أَحَدٌ أَوْ قَاتَلَهُ، فَلْيَقُلْ: إِنِّي امْرُؤٌ صَائِمٌ»
- نصوص مختارة للرمضانقَالَ اللَّهُ: كُلُّ عَمَلِ ابْنِ آدَمَ لَهُ، إِلَّا الصِّيَامَ، فَإِنَّهُ لِي وَأَنَا أَجْزِي بِهِ"