Skip to content

মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখিও তাৰ প্ৰতিৰোধ বা প্ৰতিবাদ নকৰিব, (তেন্তে জানি থোৱা) শীঘ্ৰেই সিহঁত আটায়েৰে ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব।

আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ হে মানৱজাতি! তোমালোকে নিশ্চয় এই আয়াত পঢ়িছা, (يَا أَيُّهَا الَّذِينَ آمَنُوا عَلَيْكُمْ أَنْفُسَكُمْ لاَ يَضُرُّكُمْ مَنْ ضَلَّ إِذَا اهْتَدَيْتُمْ) অৰ্থঃ "হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব।" মই এই আয়াত সম্পৰ্কে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ

মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখিও তাৰ প্ৰতিৰোধ বা প্ৰতিবাদ নকৰিব, (তেন্তে জানি থোৱা) শীঘ্ৰেই সিহঁত আটায়েৰে ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব।

«إِنَّ النَّاسَ إِذَا رَأَوْا الظَّالِمَ فَلَمْ يَأْخُذُوا عَلَى يَدَيْهِ أَوْشَكَ أَنْ يَعُمَّهُمُ اللَّهُ بِعِقَابٍ مِنْهُ».

(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
ছহীহ
ব্যাখ্যা

হাদীছটোত আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, মানুহে এই আয়াতটো পাঠ কৰে। {يَا أَيُّهَا الَّذِينَ آمَنُوا عَلَيْكُمْ أَنْفُسَكُمْ لاَ يَضُرُّكُمْ مَنْ ضَلَّ إِذَا اهْتَدَيْتُمْ} হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। (ছুৰা আল-মায়িদাহঃ ১০৫) আৰু তেওঁলোকে ভাবে যে, ইয়াত কেৱল নিজৰ সংশোধনৰ কথাই কোৱা হৈছে, নিজে সংশোধন হ'লে বেলেগৰ পথভ্ৰষ্টতাই কোনো ক্ষতি নকৰিব, আৰু তেওঁলোকক সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ দায়িত্ব সম্পৰ্কে জবাবদিহি কৰা নহ'ব। গতিকে হাদীছটোত তেওঁ জনাইছে যে, বিষয়টো তেনেকুৱা নহয়। তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখি প্ৰতিৰোধ কৰাৰ ক্ষমতা থকাৰ পিছতো তাক বাধা নিদিব, তেন্তে (জানি থোৱা) শীঘ্ৰেই আল্লাহে সিহঁত সকলোৰে প্ৰতি শাস্তি অৱতীৰ্ণ কৰিব, অৰ্থাৎ অন্যায়কাৰী আৰু মৌন হৈ থকা সকলোৰে ওপৰত।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ, লগতে ইজনে সিজনক সদুপদেশ দিয়াটো হৈছে মুছলিমসকলৰ বাবে অনিবাৰ্য।

আল্লাহৰ শাস্তিয়ে সকলোকে সামৰি ল'ব, অন্যায়কাৰীক অন্যায় কৰাৰ বাবে, আৰু মৌন হৈ থকা ব্যক্তিকো সামৰি ল'ব, যদি সি সামৰ্থ থকাৰ পিছতো মৌন হৈ থাকে।

সাধাৰণ লোকক কোৰআনৰ আয়াতৰ সঠিক ব্যাখ্যা বুজাই দিয়া উচিত, তথা সঠিক শিক্ষা দিয়া উচিত।

সৰ্বশক্তিমান আল্লাহৰ গ্ৰন্থ বুজিবলৈ মানুহে বিশেষ মনোযোগ দিয়া অনিবাৰ্য। যাতে কোনেও ভুল বুজাবুজিত নাথাকে।

সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ নিষেধ পৰিত্যাগ কৰি কেতিয়াও প্ৰকৃত হিদায়ত লাভ কৰা সম্ভৱ নহয়।

আয়াতটোৰ সঠিক তাফছীৰ হৈছেঃ গুনাহৰ পৰা নিজকে ৰক্ষা কৰা। যেতিয়া তুমি নিজকে ৰক্ষা কৰিবা আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ উপদেশ দিবা, ইয়াৰ পিছত সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধৰ ক্ষেত্ৰত অপাৰগ হ'লেও পথভ্ৰষ্ট ব্যক্তিৰ ভ্ৰষ্টতাই তোমাক কোনো ক্ষতি কৰিব নোৱাৰিব।

সম্পাদক

ছুনান তিৰমিজী (4/ 40) (2168).

ছুনান আবি দাঊদ (6/ 393) (4338).

ছুনান আল-কুবৰা লিন নাছায়ী (10/ 88) (11092).

ছুনান ইবনে মাজাহ (5/ 139) (4005).

মুছনাদ আহমদ (1/ 197) (16).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 286).

كنوز رياض الصالحين.

مجموعة من الباحثين (4/ 126).

شرح رياض الصالحين.

لابن عثيمين (2/ 454).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 218).