Skip to content

আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।"

«أَحَبُّ الْبِلَادِ إِلَى اللهِ مَسَاجِدُهَا، وَأَبْغَضُ الْبِلَادِ إِلَى اللهِ أَسْوَاقُهَا».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় স্থান হৈছে মছজিদ। কিয়নো এইটো হৈছে ইবাদতৰ ঘৰ আৰু ইয়াৰ ভেটি স্থাপন হৈছে তাক্বৱাৰ (আল্লাহভীতিৰ) ওপৰত। আনহাতে আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণিত স্থান হৈছে বজাৰ। কাৰণ ইয়াত বেছিভাগ সময়তে ঠগ-প্ৰৱঞ্চনা, প্ৰতাৰণা, সুত, মিছা শপত, প্ৰতিশ্ৰুতি ভংগ আৰু আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা ঘটনা সংঘটিত হৈ থাকে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মছজিদৰ পৱিত্ৰতা আৰু মৰ্যাদা উল্লেখ হৈছে, কাৰণ মছজিদত আল্লাহৰ নামহে অধিক স্মৰণ হয়।

আল্লাহৰ মুহাব্বত আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিয়মিত তথা সঘনাই মছজিদত যাবলৈ উৎসাহিত কৰা হৈছে। আনহাতে প্ৰয়োজন নহ'লে বজাৰত কম যাবলৈ কোৱা হৈছে, যাতে আল্লাহৰ অসন্তুষ্টিৰ কাৰণবোৰৰ পৰা বাচি থাকিব পাৰি।

ইমাম নাৱাৱীয়ে কৈছেঃ মছজিদ হৈছে সেই ঠাই, য'ত ৰহমত অৱতীৰ্ণ হয়, আনহাতে বজাৰ হৈছে ইয়াৰ বিপৰীত ঠাই।

সম্পাদক

ছহীহ মুছলিম (1/ 464) (671).

অধিক (8)

نزهة المتقين.

لمجموعة من الباحثين (2/ 1250).

بهجة الناظرين.

لسليم الهلالي (3/ 305).

شرح رياض الصالحين.

لابن عثيمين (6/ 655).

كنوز رياض الصالحين.

لمجموعة من الباحثين (21/ 526).