শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, নিশ্চয় তোমালোকেও পূৰ্বৱৰ্তী উম্মতৰ পথতে চলিবা বুলি অনুমান হয়।
আবু ওৱাক্বিদ আল-লাইছী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হুনাইনৰ যুদ্ধলৈ গৈ আছিল, তেতিয়া তেখেতে মুশ্বৰিকসকলৰ ভক্তিমূলক এটা গছৰ ওচৰেৰে গৈ আছিল, যাৰ নাম আছিলঃ জাতু আনৱাত, সেই গছত মুশ্বৰিকসকলে নিজৰ অস্ত্ৰ-শস্ত্ৰ ওলোমাই ৰাখিছিল (এইটো সিহঁতে নিজৰ ভক্তিৰ উদ্দেশ্যে কৰিছিল)। এই দেখি (নতুনকৈ ইছলাম গ্ৰহণ কৰা) চাহাবাসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ বাবেও এখন জাতু আনৱাত নিৰ্ধাৰণ কৰি দিয়ক, যিদৰে সিহঁতৰ জাতু আনৱাত আছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ছুবহানাল্লাহ, এইটো দেখোন তেনেকুৱাই কথা যিদৰে মুছাৰ সম্প্ৰদায়ে কৈছিলঃ {আমাৰ বাবেও এনেকুৱা উপাস্য নিৰ্ধাৰণ কৰি দিয়ক, যিদৰে সিহঁতৰ উপাস্য আছে।} (ছুৰা আল-আৰাফঃ ১৩৮) শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, নিশ্চয় তোমালোকেও পূৰ্বৱৰ্তী উম্মতৰ পথতে চলিবা বুলি অনুমান হয়।"
أَنَّ رَسُولَ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ لَمَّا خَرَجَ إِلَى حُنَيْنٍ مَرَّ بِشَجَرَةٍ لِلْمُشْرِكِينَ يُقَالُ لَهَا: ذَاتُ أَنْوَاطٍ يُعَلِّقُونَ عَلَيْهَا أَسْلِحَتَهُمْ، فَقَالُوا: يَا رَسُولَ اللهِ، اجْعَلْ لَنَا ذَاتَ أَنْوَاطٍ كَمَا لَهُمْ ذَاتُ أَنْوَاطٍ، فَقَالَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: «سُبْحَانَ اللهِ! هَذَا كَمَا قَالَ قَوْمُ مُوسَى {اجْعَلْ لَنَا إِلَهًا كَمَا لَهُمْ آلِهَةٌ} [الأعراف: 138] وَالَّذِي نَفْسِي بِيَدِهِ لَتَرْكَبُنَّ سُنَّةَ مَنْ كَانَ قَبْلَكُمْ».
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হুনাইনৰ যুদ্ধলৈ গৈ আছিল, এইটো হৈছে তায়েফ আৰু মক্কাৰ মাজত অৱস্থিত এটা স্থান, সেই সময়ত তেখেতৰ সৈতে কিছুমান নতুনকৈ ইছলাম গ্ৰহণ কৰা চাহাবা আছিল। তেতিয়া তেওঁলোকে জাতু আনৱাত নামেৰে জনাজাত এখন গছৰ ওচৰেৰে গৈ আছিল, যিটো গছক মুশ্বৰিকসকলে সন্মান কৰিছিল আৰু বৰকত লাভৰ উদ্দেশ্যে সিহঁতে সেই গছৰ ডালত নিজৰ অস্ত্ৰ ওলোমাই ৰাখিছিল। এই দেখি চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে যে, তেওঁলোকৰ বাবেও যাতে তেখেতে এনেকুৱা এখন বৃক্ষ নিৰ্ধাৰণ কৰি দিয়ে। য'ত তেওঁলোকে বৰকত লাভৰ উদ্দেশ্যে নিজৰ হাতিয়াৰবোৰ ওলোমাই ৰাখিব। তেওঁলোকে ভাবিছিল এইটো কৰাত কোনো অসুবিধা নাই। এনেকুৱা প্ৰস্তাৱ শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অস্বীকাৰ কৰি ছুবহানাল্লাহ পাঠ কৰিলে, লগতে ক'লে, এইটো হৈছে সেই দাবীৰ দৰে, যিটো দাবী বনী ইছৰাঈলে মুছাৰ ওচৰত কৰিছিল যে, {আমাৰ বাবেও তেনেকুৱা উপাস্য নিৰ্ধাৰণ কৰি দিয়ক যিদৰে সিহঁতৰ উপাস্য আছে।} যেতিয়া সিহঁতে মুশ্বৰিকসকলক মূৰ্তিৰ উপাসনা কৰা দেখা পাইছিল, তেতিয়া সিহঁতে এই আবেদন কৰিছিল যে, সিহঁতৰ বাবেও এনেকুৱা মূৰ্তি হ'ব লাগে পূজা-পাঠ কৰিবলৈ। গতিকে নতুন চাহাবাসকলৰ এনেকুৱা আবেদনে সেই পথৰে অনুকৰণ কৰা বুজাইছে। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই উম্মতক সতৰ্ক কৰি কৈছে যে, অচিৰেই এই উম্মতৰ লোকসকলে ইয়াহুদ আৰু নাচাৰাৰ পদ্ধতি অনুকৰণ কৰিব আৰু সিহঁতে কৰা কৰ্ম কৰিব।
...:
মানুহে কেতিয়াবা কোনো কামক উত্তম বুলি গণ্য কৰে আৰু ভাবে যে, সি ইয়াৰ দ্বাৰা আল্লাহৰ নৈকট্য অৰ্জন কৰিব, অথচ সেইটোৰ দ্বাৰা সি আল্লাহৰ নৈকট্য অৰ্জনৰ পৰা আঁতৰিহে যায়।
ধৰ্মীয় ক্ষেত্ৰত কোনো অনুচিত বিষয় সম্পৰ্কে শুনিলে মুছলিম হিচাপে প্ৰথমে আল্লাহৰ তাছবীহ আৰু তাকবীৰ পাঠ কৰা উচিত আৰু আশ্চৰ্য প্ৰকাশ কৰা উচিত।
শিল, গছ-গছনি আদিৰ পৰা তাবাৰ্ৰুক অৰ্জন কৰা শ্বিৰ্ক। বৰকত একমাত্ৰ আল্লাহৰ ওচৰত বিচাৰিব লাগে।
মূৰ্তিপূজাৰ অন্যতম এটা কাৰণ হৈছে ইয়াক প্ৰথমে সন্মান কৰা আৰু তাৰ ওচৰত অৱস্থান কৰা, লগতে তাৰ পৰা বৰকত অৰ্জন কৰা।
শ্বিৰ্কৰ পথ আৰু দুৱাৰ বন্ধ কৰি দিয়া অনিবাৰ্য।
ইয়াহুদী আৰু খ্ৰীষ্টানসকলক যিবোৰ আয়াত আৰু হাদীছত ভৰ্ৎসনা কৰা হৈছে, দৰাচলতে সেইবোৰৰ দ্বাৰা আমাক সতৰ্ক কৰা হৈছে।
অজ্ঞতাযুগৰ লোকসকলৰ আৰু ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ সাদৃশ্যতা গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে। সিহঁতৰ সেই বস্তুটোকে মানিব পাৰিব যিটোক আমাৰ ধৰ্মই সমৰ্থন কৰিছে।
ছুনান তিৰমিজী (4/ 49) (2180).
মুছনাদ আহমদ (36/ 225) (21897).
অধিক (6)
الجديد في شرح كتاب التوحيد.
لمحمد القرعاوي (ص101).
الملخص في شرح كتاب التوحيد.
لصالح الفوزان (ص91).
القول المفيد على كتاب التوحيد.
لابن عثيمين (1/ 201).