“তোমালোকে জানানে, গীবত কি?” চাহাবাসকলে ক'লে, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে ক'লে:“ (গীবত হৈছে) তুমি তোমাৰ ভাতৃৰ বিষয়ে এনেকুৱা কোনো বিষয় আলোচনা কৰা, যিটোক সি অপছন্দ কৰে
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
“তোমালোকে জানানে, গীবত কি?” চাহাবাসকলে ক'লে, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে ক'লে:“ (গীবত হৈছে) তুমি তোমাৰ ভাতৃৰ বিষয়ে এনেকুৱা কোনো বিষয় আলোচনা কৰা, যিটোক সি অপছন্দ কৰে।” প্রশ্ন কৰা হ'ল, মই আলোচনা কৰা বিষয়টো যদি সঁচাকৈয়ে তাৰ মাজত থাকে (তথাপিও সেইটো গীবত হ'বনে)? উত্তৰত তেখেতে ক'লে: “তুমি তাৰ বিষয়ে যি আলোচনা কৰিছা সেইটো যদি তাৰ মাজত থাকে তেনেহ'লে তুমি তাৰ গীবত কৰিলা। আনহাতে যদি সেইটো তাৰ মাজত নাথাকে তেনেহ'লে তুমি তাৰ প্রতি অপবাদ আৰোপ কৰিলা।”
«أَتَدْرُونَ مَا الْغِيبَةُ؟»، قَالُوا: اللهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: «ذِكْرُكَ أَخَاكَ بِمَا يَكْرَهُ»، قِيلَ: أَفَرَأَيْتَ إِنْ كَانَ فِي أَخِي مَا أَقُولُ؟ قَالَ: «إِنْ كَانَ فِيهِ مَا تَقُولُ فَقَدِ اغْتَبْتَهُ، وَإِنْ لَمْ يَكُنْ فِيهِ فَقَدْ بَهَتَّهُ».
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত হাৰাম গীবতৰ বাস্তৱতা তথা ধৰণ বৰ্ণনা কৰিছে। সেইটো হৈছে: কোনো অনুপস্থিত মুছলিম ব্যক্তিৰ বিষয়ে এনেকুৱা কোনো কথা আলোচনা কৰা যিটোক তেওঁ অপছন্দ কৰে। সেই দোষটো তাৰ দৈহিক হওক বা চাৰিত্রিক। উদাহৰণস্বৰূপে: অন্ধ, প্রতাৰক, মিছলীয়া ইত্যাদি বেয়া দোষ। যদিও সেইবোৰ দোষ তাৰ মাজত থাকে। আনহাতে যদি সেই দোষ তাৰ মাজত নাথাকে, তেন্তে এইটো হ'ব নিকৃষ্ট স্তৰৰ এটা গীবত, যিটোক বুহতান তথা অপবাদ বুলি কোৱা হয়। অৰ্থাৎ কোনো ব্যক্তিক এনেকুৱা দোষেৰে দোষাৰোপ কৰা যিটো তাৰ ভিতৰত নাই।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম শিক্ষাদানৰ পদ্ধতি প্ৰস্ফুটিত হৈছে। কাৰণ তেখেতে ইয়াত প্ৰশ্ন-উত্তৰৰ মাধ্যমত বিষয়টো সুন্দৰকৈ বুজাই দিছে।
হাদীছটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে কৰা চাহাবাসকলৰ উত্তম শিষ্টাচাৰৰ প্ৰমাণ বহন কৰে। কাৰণ তেওঁলোকে তেখেতৰ প্ৰশ্নৰ উত্তৰত কৈছিল, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে বিষয়টো ভালকৈ জানে।
কোনো নজনা বিষয়ত প্ৰশ্নৰ সন্মুখীন হ'লে এই বুলি কোৱা উচিত যে, আল্লাহেই সৰ্বজ্ঞ, তেৱেঁই ভাল জানে।
ইছলামী চৰীয়তে সমাজত মানুহৰ অধিকাৰ আৰু ভাতৃত্ববোধ হিফাজতৰ মাধ্যমত তেওঁলোকৰ অধিকাৰ সংৰক্ষণ কৰিছে।
গীবত কৰা হাৰাম; কিন্তু যদি কোনো সময়ত মানুহৰ ব্যাপক কল্যাণৰ বিষয় জড়িত থাকে তেন্তে সেইটো সুকীয়া বিষয়। উদাহৰণস্বৰূপে অন্যায়-অত্যাচাৰ প্রতিৰোধ কৰাৰ স্বাৰ্থত কাৰো গীবত কৰা, অৰ্থাৎ এনে কোনো ব্যক্তিৰ ওচৰত কাৰো গীবত কৰা, যিয়ে সেই ব্যক্তিৰ পৰা তাৰ অধিকাৰ আদায় কৰি দিবলৈ সক্ষম। গতিকে সি ক'ব পাৰে যে, অমুক ব্যক্তিয়ে মোৰ প্ৰতি অন্যায় কৰিছে অথবা মোৰ সৈতে এনেকুৱা আচৰণ কৰিছে। এই ধৰণৰ গীবতৰ আন এটা উদাহৰণ হৈছে: বিবাহ অথবা অংশীদাৰী ব্যৱসায় বা প্রতিৱেশী ইত্যাদিৰ বিষয়ে কোনো ব্যক্তিৰ সৈতে পৰামৰ্শ কৰা আৰু সেই ক্ষেত্রত তাৰ দোষ-ত্রুটি উল্লেখ কৰা।
ছহীহ মুছলিম (4/ 2001) (2589).
অধিক (6)
فتح ذي الجلال والاكرام بشرح بلوغ المرام.
لابن عثيمين (6/ 378).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 237).
توضيح الأحكام من بلوغ المرام.
للبسام (7/ 428).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- قاموس الكبائرموسوعة الكبائر - المجموعة الثانية«أَتَدْرُونَ مَا الغِيبَةُ؟»، قَالُوا: اللَّٰهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: «ذِكْرُكَ أَخَاكَ بِمَا يَكْرَهُ»، قِيلَ: أَفَرَأَيْتَ إِنْ كَانَ فِي أَخِي مَا أَقُولُ؟ قَالَ: «إِنْ كَانَ فِيهِ مَا تَقُولُ، فَقَدِ اغْتَبْتَهُ، وَإِنْ لَمْ يَكُ
- قاموس الكبائرموسوعة الكبائر - المجموعة الثالثة«أَتَدْرُونَ مَا الْغِيبَةُ؟». قَالُوا: اللَّهُ وَرَسُولُهُ أَعْلَمُ. قَالَ: «ذِكْرُكَ أَخَاكَ بِمَا يَكْرَهُ». قِيلَ: أَفَرَأَيْتَ إِنْ كَانَ فِي أَخِي مَا أَقُولُ؟ قَالَ: «إِنْ كَانَ فِيهِ مَا تَقُولُ فَقَدِ اغْتَبْتَهُ، وَإِنْ لَمْ يَكُن
- مجموعة زاد الحديث(3)1«أَتَدْرُونَ مَا الْغِيبَةُ؟» قَالُوا: الله وَرَسُولُهُ أَعْلَمُ، قَالَ: «ذِكْرُكَ أَخَاكَ بِمَا يَكْرَهُ» قِيلَ: أَفَرَأَيْتَ إِنْ كَانَ فِي أَخِي مَا أَقُولُ؟ قَالَ: «إِنْ كَانَ فِيهِ مَا تَقُولُ، فَقَدِ اغْتَبْتَهُ، وَإِنْ لَمْ يَكُنْ فِ
- محرمات استهان بها كثير من الناسأتدرون ما الغيبة ؟ قالوا الله ورسوله أعلم. قال: ذكرك أخاك بما يكره، قيل: أفرأيت إن كان في أخي ما أقول؟ قال: إن كان فيه ما تقول فقد اغتَبتَه، وإن لم يكن فيه فقد بهَتَّهُ
- مشروع المنهج التعليميمادة الحديث مستوى 2«أَتَدْرُونَ مَا الْغِيبَةُ؟» قَالُوا: اللهُ وَرَسُولُهُ أَعْلَمُ. قَالَ: «ذِكْرُكَ أَخَاكَ بِمَا يَكْرَهُ» قِيلَ: أَفَرَأَيْتَ إِنْ كَانَ فِي أَخِي مَا أَقُولُ قَالَ: «إِن كَانَ فِيهِ مَا تَقُولُ، فَقَدِ اغْتَبْتَهُ، وَإِنْ لَمْ يَكُنْ فِي