Skip to content

সকলো ধৰণৰ প্ৰশংসা সেই মহান সত্ত্বাৰ বাবে, যিয়ে চয়তানৰ এনেকুৱা চক্ৰান্ত তথা কুমন্ত্ৰণাক কল্পনাতেই সীমাবদ্ধ কৰি ৰাখিছে।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কাৰোবাৰ মনত এনেকুৱা কথা উদ্ভৱ হয়, যিবোৰ কথা তেওঁ মুখেৰে প্ৰকাশ কৰাতকৈ নিজকে জুইত পুৰাই এঙাৰ হৈ যোৱাক উত্তম বুলি ভাবে। এই কথা শুনি তেখেতে ক'লেঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, সকলো ধৰণৰ প্ৰশংসা সেই মহান সত্ত্বাৰ বাবে, যিয়ে চয়তানৰ এনেকুৱা চক্ৰান্ত তথা কুমন্ত্ৰণাক কল্পনাতেই সীমাবদ্ধ কৰি ৰাখিছে।

جاءَ رجُلُ إلى النبي صلى الله عليه وسلم فقال: يا رسولَ اللهِ، إن أحدنا يجدُ في نفسِهِ -يُعرِّضُ بالشَّيءِ- لأَن يكونَ حُمَمَةً أحَبُّ إليه من أن يتكلَّم بِهِ، فقال: «اللهُ أكبرُ، اللهُ أكبرُ، الحمدُ لله الذي ردَّ كيدَه إلى الوسوسَةِ».

(আবু দাঊদ, নাছায়ী ফিল কুবৰা)
ছহীহ
ব্যাখ্যা

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কাৰোবাৰ মনত এনেকুৱা কিছুমান বিষয় উদ্ভৱ হয়, যিবোৰ বৰ মাৰাত্মক, এনেকুৱা কথা মুখেৰে প্ৰকাশ কৰাতকৈ জ্বলি পুৰি ছাই হৈ যোৱাই উত্তম। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দুবাৰকৈ তাকবীৰ পাঠ কৰিলে আৰু আল্লাহৰ প্ৰশংসা কৰিলে যে, আল্লাহে চয়তানৰ এই চক্ৰান্তক কল্পনাৰ মাজতেই সীমাবদ্ধ কৰি ৰাখিছে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত এই কথা উল্লেখ কৰা হৈছে যে, চয়তানে মুমিনসকলক কুমন্ত্ৰণাৰ দ্বাৰা বিপথে পৰিচালিত কৰিব বিচাৰে, যাতে তেওঁলোকে ঈমানৰ পৰা কুফৰীলৈ উভতি আহে।

হাদীছটোত মুমিনসকলৰ ক্ষেত্ৰত চয়তানৰ দুৰ্বলতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কাৰণ চয়তানে তেওঁলোকক কুমন্ত্ৰণা দিয়াৰ বাহিৰে আন কোনো ক্ষেত্ৰতে একো কৰিব নোৱাৰে।

মুমিন ব্যক্তিয়ে চয়তানৰ এনেকুৱা কুমন্ত্ৰণাৰ পৰা নিজকে আঁতৰাই ৰখা উচিত আৰু এনেকুৱা কুমন্ত্ৰণাক বাধা দিয়া উচিত।

উত্তম অথবা আশ্চৰ্যকৰ নাইবা এনেকুৱা কোনো বিষয়ৰ ক্ষেত্ৰত তাকবীৰ পাঠ কৰাটো বিধি-সন্মত।

জটিল কোনো সমস্যাৰ সন্মুখীন হ'লে প্ৰতিজন মুছলিমৰেই উচিত সেই বিষয়ে আলিমসকলৰ পৰা জানি লোৱা।

সম্পাদক

ছহীহ মুছলিম (1/ 119) (132).

অধিক (4)

ছুনান আবি দাঊদ (7/ 435) (5112) السنن الكبرى للنسائي (9/ 249) (10435).

شرح سنن أبي داود للعباد (580/ 28).

شرح سنن أبي داود لابن رسلان (19/370).

ومرقاة الصعود (3/1301).