এতিয়া আকৌ কিহৰ বাইআত লম? তেখেতে ক'লেঃ "এই কথাৰ প্ৰতিশ্ৰুতি দিয়া যে, একমাত্ৰ আল্লাহৰেই ইবাদত কৰিবা, তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। পাঁচ ওৱাক্ত নামাজ নিয়মিত আদায় কৰিবা, আনুগত্য কৰিবা, -ইয়াৰ পিছত তেখেতে এটা কথা একেবাৰে লাহে লাহে ক'লে যে-, মানুহৰ ওচৰত একো নুখুজিবা।
আবু মুছলিম আল-খাওলানীৰ পৰা বৰ্ণিত, তেওঁ কৈছে মোক আল-হাবীব আল-আমীনে হাদীছটো বৰ্ণনা কৰিছে, তেওঁ হৈছে মোৰ প্ৰিয়পাত্ৰ আৰু মোৰ ওচৰত অতি বিশ্বস্ত। তেওঁ কৈছে আঊফ বিন মালিক আল-আশ্বযায়ী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত নজন নাইবা আঠজন অথবা সাতজন লোক উপস্থিত আছিলোঁ। তেনেতে তেখেতে ক'লেঃ "তোমালোকে আল্লাহৰ ৰাছুলৰ ওচৰত বাইআত গ্ৰহণ নকৰিবানে?" অথচ আমি কিছুদিন পূৰ্বেই তেখেতৰ ওচৰত বাইআত গ্ৰহণ কৰিছিলোঁ। সেয়ে আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওচৰত বাইআত গ্ৰহণ কৰিছোঁ। তেখেতে আকৌ ক'লেঃ "তোমালোকে আল্লাহৰ ৰাছুলৰ ওচৰত বাইআত গ্ৰহণ নকৰিবানে?" তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওচৰত বাইআত গ্ৰহণ কৰিছোঁ। তেখেতে আকৌ ক'লেঃ "তোমালোকে আল্লাহৰ ৰাছুলৰ ওচৰত বাইআত গ্ৰহণ নকৰিবানে?" বৰ্ণনাকাৰীয়ে কৈছে, তেতিয়া আমি নিজৰ হাত প্ৰসাৰিত কৰি দিলোঁ আৰু ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমি দেখোন আপোনাৰ ওচৰত বাইআত গ্ৰহণ কৰিছোঁ, এতিয়া আকৌ কিহৰ বাইআত লম? তেখেতে ক'লেঃ "এই কথাৰ প্ৰতিশ্ৰুতি দিয়া যে, একমাত্ৰ আল্লাহৰেই ইবাদত কৰিবা, তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। পাঁচ ওৱাক্ত নামাজ নিয়মিত আদায় কৰিবা, আনুগত্য কৰিবা, -ইয়াৰ পিছত তেখেতে এটা কথা একেবাৰে লাহে লাহে ক'লে যে-, মানুহৰ ওচৰত একো নুখুজিবা।" বৰ্ণনাকাৰীয়ে কৈছেঃ উক্ত লোকসকলৰ মই কিছুমানক দেখিছোঁ, তেওঁলোকৰ কাৰোবাৰ উটৰ পিঠিৰ পৰা চাবুক পৰি গ'লেও তেওঁলোকে কাকো উঠাই দিবলৈও কোৱা নাছিল।
كُنَّا عِنْدَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، تِسْعَةً أَوْ ثَمَانِيَةً أَوْ سَبْعَةً، فَقَالَ: «أَلَا تُبَايِعُونَ رَسُولَ اللهِ؟» وَكُنَّا حَدِيثَ عَهْدٍ بِبَيْعَةٍ، فَقُلْنَا: قَدْ بَايَعْنَاكَ يَا رَسُولَ اللهِ، ثُمَّ قَالَ: «أَلَا تُبَايِعُونَ رَسُولَ اللهِ؟» فَقُلْنَا: قَدْ بَايَعْنَاكَ يَا رَسُولَ اللهِ، ثُمَّ قَالَ: «أَلَا تُبَايِعُونَ رَسُولَ اللهِ؟» قَالَ: فَبَسَطْنَا أَيْدِيَنَا وَقُلْنَا: قَدْ بَايَعْنَاكَ يَا رَسُولَ اللهِ، فَعَلَامَ نُبَايِعُكَ؟ قَالَ: «عَلَى أَنْ تَعْبُدُوا اللهَ وَلَا تُشْرِكُوا بِهِ شَيْئًا، وَالصَّلَوَاتِ الْخَمْسِ، وَتُطِيعُوا -وَأَسَرَّ كَلِمَةً خَفِيَّةً- وَلَا تَسْأَلُوا النَّاسَ شَيْئًا» فَلَقَدْ رَأَيْتُ بَعْضَ أُولَئِكَ النَّفَرِ يَسْقُطُ سَوْطُ أَحَدِهِمْ، فَمَا يَسْأَلُ أَحَدًا يُنَاوِلُهُ إِيَّاهُ.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম কেইজনমান চাহাবাৰ মাজত উপস্থিত আছিল, সেই সময়ত তেখেতে তেওঁলোকৰ পৰা কেইটিমান বিষয়ৰ ওপৰত বাইআত লবলৈ তেওঁলোকক তিনিবাৰ কৈছিলঃ প্ৰথমঃ আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰি থকাৰ মাধ্যমত একমাত্ৰ তেওঁৰেই ইবাদত কৰা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰা। দ্বিতীয়ঃ দিনে ৰাতি ফৰজ পাঁচ ওৱাক্ত নামাজ আদায় কৰা। তৃতীয়ঃ মুছলিম শাসকৰ সৎ নিৰ্দেশনা মানি চলা আৰু তেওঁলোকৰ আনুগত্য কৰা। চতুৰ্থঃ সকলো প্ৰকাৰ প্ৰয়োজন পূৰণৰ বাবে আল্লাহৰ ওচৰতেই প্ৰাৰ্থনা কৰিবা, মানুহৰ ওচৰত একো নুখুজিবা। এই কথাষাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিম্নস্বৰে কৈছিল। চাহাবাসকলে সেইমতেই আমল কৰিছিল, যিদৰে তেওঁলোকে বাইআত লৈছিল। আনকি বৰ্ণনাকাৰীয়ে কৈছেঃ উক্ত লোকসকলৰ মই কিছুমানক দেখিছোঁ, কাৰোবাৰ উটৰ পিঠিৰ পৰা চাবুক এটা পৰি গ'লেও তেওঁলোকে কাকো উঠাই দিবলৈ কোৱা নাছিল। বৰং নিজেই নামি সেই চাবুক উঠাই লৈছিল।
...:
মানুহৰ ওচৰত একো নিবিচাৰিবলৈ উৎসাহিত কৰা হৈছে। আনকি প্ৰত্যেক সেই বিষয়ৰ পৰা আঁতৰি থকা উচিত, যিটো খোজা মগাৰ অন্তৰ্ভুক্ত। সৰুতকৈ সৰু বিষয়ো মানুহৰ ওচৰত খোজা উচিত নহয়।
কেৱল পাৰ্থিৱ বস্তু খুজিবলৈ নিষেধ কৰা হৈছে, জ্ঞান বা দ্বীন সম্পৰ্কীয় বিষয় জানিবলৈ প্ৰশ্ন কৰাত কোনো বাধা নাই।
ছহীহ মুছলিম (2/ 721) (1043).
অধিক (4)
بهجة الناظرين.
لسليم الهلالي (1/ 588).
نزهة المتقين.
مجموعة من الباحثين (1/ 463).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 3«علىٰ أن تَعْبُدُوا الله ولا تُشْرِكُوا بِه شَيْئاً، والصَّلَوَاتِ الخَمْسِ، وَتُطِيعوا»، وَأَسَرَّ كَلِمَةً خَفِيَّةً: «وَلا تَسْأَلُوا النَّاسَ شَيْئاً».
- فتاوى المرضىفتاوى المرضى كنا عند رسول الله صلى الله عليه وسلم، تسعة أو ثمانية أو سبعة، فقال: «ألا تبايعون رسول الله؟» وكنا حديث عهد ببيعة، فقلنا: قد بايعناك يا رسول الله، ثم قال: «ألا تبايعون رسول الله؟» فقلنا: قد بايعناك يا رسول الله، ثم قال: «ألا تبايعون رسول الل