Skip to content

সীমালংঘনকাৰীসকল ধ্বংস হওক।

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"সীমালংঘনকাৰীসকল ধ্বংস হওক।" এই কথাষাৰ তেখেতে তিনিবাৰ কৈছে।

«هلك المُتَنَطِّعُون» قالها ثلاثًا.

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, দ্বীন আৰু দুনিয়া, কথা আৰু কৰ্ম আদি সকলো ক্ষেত্ৰতে হিদায়ত আৰু জ্ঞান অৰ্জন নকৰাৰ বিপৰীতে সীমালংঘন কৰাটো হৈছে ধ্বংসৰ কাৰণ। সীমালংঘন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সীমাক কেৰেপ নকৰি অতিক্ৰম কৰা।

শব্দাৰ্থ

....:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

চৰমপন্থা তথা কঠোৰতা সকলো ক্ষেত্ৰতে হাৰাম, চৰীয়তে ইয়াৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰিছে। বিশেষকৈ ইবাদত আৰু পূণ্যৱান লোকসকলৰ ক্ষেত্ৰত।

পৰিপূৰ্ণৰূপে ইবাদত পালন কৰাটো হৈছে প্ৰশংসনীয় বিষয়, কিন্তু এইটোও হ'ব লাগিব চৰীয়ত অনুসৰি।

গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে তাগিদ কৰা মুস্তাহাব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উক্ত কথাষাৰ তিনিবাৰ কৈছিল।

ইছলামৰ মহানুভৱতা আৰু ইয়াৰ সৰলতা।

সম্পাদক

ছহীহ মুছলিম (4/ 2055) (2670).

অধিক (4)

الجديد في شرح كتاب التوحيد.

للقرعاوي (ص180).

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص167).