Skip to content

যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।

«مَنْ قَالَ: سُبْحَانَ اللهِ وَبِحَمْدِهِ، فِي يَوْمٍ مِائَةَ مَرَّةٍ، حُطَّتْ خَطَايَاهُ وَإِنْ كَانَتْ مِثْلَ زَبَدِ الْبَحْرِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ মচি দিয়া হ'ব আৰু ক্ষমা কৰি দিয়া হ’ব। যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ তৰঙ্গত ভাঁহি থকা ফেনৰ সমান হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

যিয়ে একেলেঠাৰিয়ে পাঠ কৰিছে আৰু যিয়ে বিভিন্ন সময়ত পাঠ কৰিছে উভয়েই এই ছোৱাব লাভ কৰিব।

তাছবীহ হৈছে আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা, আৰু হাম্দ হৈছে মুহাব্বত আৰু সন্মান সহকাৰে তেওঁক পূৰ্ণাংগ গুণাৱলীৰে বিশেষিত কৰা।

হাদীছটোত সৰু গুনাহ ক্ষমা হোৱাৰ কথা বুজোৱা হৈছে। আনহাতে কবীৰাহ গুনাহৰ বাবে তাওবা জৰুৰী।

সম্পাদক

ছহীহ বুখাৰী (8/ 86) (6405).

ছহীহ মুছলিম (4/ 2071) (2691).

অধিক (8)

توضيح الأحكام من بلوغ المرام.

للبسام (7/ 535).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 401).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 470).

سبل السلام بشرح بلوغ المرام.

للصنعاني (2/ 704).