Skip to content

এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম দুখন কবৰৰ ওচৰেৰে গৈ আছিল, তেনেতে তেখেতে ক'লেঃ "এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।" ইয়াৰ পিছত তেখেতে এডাল সতেজ (খেজুৰৰ) ডাল হাতত লৈ সেইটোক দুভাগ কৰিলে আৰু দুয়ো কবৰত এডালকৈ এডালকৈ পুতি দিলে। (উপস্থিত চাহাবাসকলে) সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপুনি এইটো কিয় কৰিলে? তেখেতে ক'লেঃ "সম্ভৱতঃ এই ঠাৰিডাল শুকাই নোযোৱালৈকে সিহঁতৰ শাস্তি লাঘৱ কৰা হ'ব।"

مَرَّ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِقَبْرَيْنِ، فَقَالَ: «إِنَّهُمَا لَيُعَذَّبَانِ، وَمَا يُعَذَّبَانِ فِي كَبِيرٍ، أَمَّا أَحَدُهُمَا فَكَانَ لاَ يَسْتَتِرُ مِنَ البَوْلِ، وَأَمَّا الآخَرُ فَكَانَ يَمْشِي بِالنَّمِيمَةِ» ثُمَّ أَخَذَ جَرِيدَةً رَطْبَةً، فَشَقَّهَا نِصْفَيْنِ، فَغَرَزَ فِي كُلِّ قَبْرٍ وَاحِدَةً، قَالُوا: يَا رَسُولَ اللَّهِ، لِمَ فَعَلْتَ هَذَا؟ قَالَ: «لَعَلَّهُ يُخَفِّفُ عَنْهُمَا مَا لَمْ يَيْبَسَا».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুখন কবৰৰ ওচৰেৰে গৈ আছিল, তেনেতে তেখেতে ক'লেঃ এই দুয়োখন কবৰৰ অধিবাসীক শাস্তি বিহা হৈ আছে। সিহঁতক যিটো গুনাহৰ কাৰণে শাস্তি বিহা হৈছে সেইটো তোমালোকৰ দৃষ্টিত কোনো ডাঙৰ গুনাহ নহয়। অথচ আল্লাহৰ দৃষ্টিত সেইটো হৈছে ডাঙৰ গুনাহ। সিহঁতৰ মাজৰ এজনে যেতিয়া প্ৰস্ৰাৱ পায়খানা কৰিছিল তেতিয়া প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজৰ শৰীৰ আৰু কাপোৰক ৰক্ষা কৰা নাছিল। আৰু দ্বিতীয়জনে খলুৱাগিৰি বা চুগলখুৰী কৰি ফুৰিছিল। অৰ্থাৎ লোকৰ মাজত জগৰ লগাবলৈ বা ক্ষতি কৰিবলৈ ইজনৰ কথা সিজনক লগাই ফুৰিছিল।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

চুগলখুৰী কৰা আৰু প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে হিফাজত নকৰাটো হৈছে এক প্ৰকাৰ কাবীৰাহ গুনাহ, তথা এইটো হৈছে কবৰত শাস্তি হোৱাৰ অন্যতম এটা কাৰণ।

মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ প্ৰমাণ দেখুৱাবলৈ কিছুমান গায়েবী বিষয়ো উন্মুক্ত কৰিছে, যেনে- কবৰৰ শাস্তি।

খেজুৰ গছৰ ঠাৰি ফালি দুভাগ কৰি লগাই দিয়াৰ বিষয়টো কেৱল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবেই নিৰ্দিষ্ট আছিল। কাৰণ কবৰৰ অধিবাসীৰ অৱস্থা সম্পৰ্কে আল্লাহে তেওঁক অৱগত কৰোৱাইছিল। গতিকে এই বিষয়টো আন কাৰো সৈতে কেতিয়াও তুলনা হ'ব নোৱাৰে, কিয়নো কবৰত থকা লোকৰ অৱস্থা সম্পৰ্কে কোনেও অৱগত নহয়।

সম্পাদক

ছহীহ বুখাৰী (1/ 53) (218).

ছহীহ মুছলিম (1/ 240) (292).

অধিক (6)

تيسير العلام شرح عمدة الأحكام.

لعبد الله البسام (ص43).

خلاصة الكلام شرح عمدة الأحكام.

لفيصل آل مبارك (ص22).

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (1/ 29).