Skip to content

“প্রকৃত বীৰ সেইজন নহয়, যিয়ে কাৰোবাক কুস্তিত পৰাজিত কৰে; বৰং প্ৰকৃত বীৰ হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম “

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

“প্রকৃত বীৰ সেইজন নহয়, যিয়ে কাৰোবাক কুস্তিত পৰাজিত কৰে; বৰং প্ৰকৃত বীৰ হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম “

«لَيْسَ الشَّدِيدُ بِالصُّرَعَةِ، إِنَّمَا الشَّدِيدُ الَّذِي يَمْلِكُ نَفْسَهُ عِنْدَ الْغَضَبِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, শাৰীৰিক শক্তিয়েই প্ৰকৃত শক্তি নহয় অথবা কুস্তিত কাৰোবাক পৰাজিত কৰাটোৱে শক্তিশালী হোৱাৰ পৰিচয় নহয়; বৰং প্রকৃত শক্তিশালী হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম। কিয়নো ইয়াৰ দ্বাৰা তেওঁ নিজৰ নফছক নিয়ন্ত্ৰণ কৰিব পাৰে বুলি প্ৰমাণ পোৱা যায় আৰু চয়তানক পৰাজিত কৰাৰো প্ৰমাণ পোৱা যায়।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত ক্রোধৰ সময়ত ধৈৰ্য্য আৰু আত্মনিয়ন্ত্রণৰ গুৰুত্ব বৰ্ণিত হৈছে। এইটো হৈছে সৎকৰ্মৰ অন্তৰ্ভুক্ত, যিটোৰ প্ৰতি ইছলামে উৎসাহিত কৰিছে।

ক্রোধৰ সময়ত আত্মনিয়ন্ত্রণ কৰাটো জিহাদৰ ময়দানত শত্রুৰ সৈতে মোকাবিলা কৰাতকৈও কঠিন।

ইছলামে অজ্ঞতা যুগৰ শক্তিশালীৰ পৰিভাষাটোক উত্তম চৰিত্রৰ দ্বাৰা পৰিবৰ্তন কৰিছে। গতিকে আটাইতকৈ শক্তিশালী ব্যক্তি হৈছে সেইজন, যিয়ে নিজৰ নফছক নিয়ন্ত্রণ কৰিব পাৰে।

ক্রোধৰ পৰা বিৰত থকা বাঞ্চনীয়। কিয়নো ক্রোধৰ কাৰণে ব্যক্তি আৰু সমাজ জীৱনত নানা ধৰণৰ ক্ষতি হয়।

সম্পাদক

ছহীহ বুখাৰী (8/ 28) (6114).

ছহীহ মুছলিম (4/ 2014) (2609).

(538).

অধিক (7)

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 198).

توضيح الأحكام من بلوغ المرام.

للبسام (7/ 394).

نزهة المتقين شرح رياض الصالحين.

بهجة الناظرين شرح رياض الصالحين.

للهلالي (1/ 698).