Skip to content
ছুৰাসমূহৰ তালিকা /

إبراهِيم

إبراهِيم is chapter 14 of the Quran and has 52 verses. This page presents it in full in the Uthmani script, with a verse-by-verse translation of its meaning.

52 আয়াতসমূহ ছুৰা নং 14
আয়াতলৈ যাওক
অসমীয়া · Rafeeq
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

الٓرۚ كِتَٰبٌ أَنزَلۡنَٰهُ إِلَيۡكَ لِتُخۡرِجَ ٱلنَّاسَ مِنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِ بِإِذۡنِ رَبِّهِمۡ إِلَىٰ صِرَٰطِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ

আলিফ-লাম-ৰা, এইখন এখন কিতাব, যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।

Explanation & meanings · 1
  1. এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

ٱللَّهِ ٱلَّذِي لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ وَوَيۡلٞ لِّلۡكَٰفِرِينَ مِنۡ عَذَابٖ شَدِيدٍ

আল্লাহৰ পথলৈ, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰেই গৰাকী, আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ,

ٱلَّذِينَ يَسۡتَحِبُّونَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا عَلَى ٱلۡأٓخِرَةِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَيَبۡغُونَهَا عِوَجًاۚ أُوْلَٰٓئِكَ فِي ضَلَٰلِۭ بَعِيدٖ

যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু তাত বক্ৰতা অনুসন্ধান কৰে; সিহঁতেই হৈছে ঘোৰ বিভ্ৰান্তিত নিপতিত।

وَمَآ أَرۡسَلۡنَا مِن رَّسُولٍ إِلَّا بِلِسَانِ قَوۡمِهِۦ لِيُبَيِّنَ لَهُمۡۖ فَيُضِلُّ ٱللَّهُ مَن يَشَآءُ وَيَهۡدِي مَن يَشَآءُۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ

আৰু আমি প্ৰতিজন ৰাছুলকে তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে। এতেকে আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে সৎপথত পৰিচালিত কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

وَلَقَدۡ أَرۡسَلۡنَا مُوسَىٰ بِـَٔايَٰتِنَآ أَنۡ أَخۡرِجۡ قَوۡمَكَ مِنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِ وَذَكِّرۡهُم بِأَيَّىٰمِ ٱللَّهِۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّكُلِّ صَبَّارٖ شَكُورٖ

আৰু নিশ্চয় আমি মুছাক আমাৰ নিদৰ্শনসহ প্ৰেৰণ কৰিছিলোঁ (আৰু কৈছিলোঁ,) ‘তুমি তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনা, আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ (অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ) দ্বাৰা উপদেশ দিয়া’। ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্য্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে।