Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 56 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।
হাছান তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
তেখেতে পুৱাৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷ অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই আমি উভতি যাম। আৰু সন্ধিয়াৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ” ৷ অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।
হাছান আবু দাঊদ, তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে, লগতে নাছায়ীয়ে ছুনান আল-কুবাৰাত বৰ্ণনা কৰিছে।
মিছওৱাক কৰাটো হৈছে মুখৰ পৱিত্ৰতা আৰু প্ৰতিপালকৰ সন্তষ্টি লাভৰ উপায়।
ছহীহ (নাছায়ী, আহমদ)
"নিজৰ ধন-সম্পদ, প্ৰাণ আৰু জিভাৰ দ্বাৰা মুশ্বৰিকসকলৰ সৈতে সংগ্ৰাম কৰা।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
"তোমালোকে হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰিবা, কিয়নো ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয়, যিদৰে জুইশালত লোহা, সোণ আৰু ৰূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়। হজ্জে মাবৰূৰৰ (যি হজ্জত কোনো ধৰণৰ গুনাহ কৰা হোৱা নাই।) ছোৱাব হৈছে কেৱল জান্নাত।"
ছহীহ তিৰমিজী, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
"আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।"
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)
"যিয়ে অৱহেলা কৰি তিনিটা জুমুআহ পৰিত্যাগ কৰে, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিয়ে।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাওঁ হাতত ৰেচম আৰু সোঁ হাতত সোণ লৈ দুয়ো হাত ওপৰলৈ উঠাই ক'লেঃ "এই দুয়োটা বস্তু মোৰ উম্মতৰ পুৰুষসকলৰ বাবে হাৰাম আৰু নাৰীসকলৰ বাবে হালাল।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।