Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 46 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব, যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।"
ছহীহ আহমদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, ইবনে হিব্বান আৰু হাকিমে বৰ্ণনা কৰিছে।
উচ্চস্বৰে কোৰআন তিলাৱতকাৰী হৈছে প্ৰকাশ্যভাৱে দান কৰা ব্যক্তিৰ দৰে, আনহাতে নিম্নস্বৰে কোৰআন তিলাৱতকাৰী হৈছে গোপনে দান কৰা ব্যক্তিৰ দৰে।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)
"ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়। এতেকে যদি সেই সময়ত তুমি আল্লাহক স্মৰণকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব পাৰা তেন্তে হোৱাৰ চেষ্টা কৰা।"
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)
মোক দুজন ব্যক্তিয়ে জনাইছে যে, তেওঁলোকে বিদায়ী হজ্জৰ দিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত গৈ উপস্থিত হয়, সেই সময়ত তেখেতে চাদাক্বাহ বিতৰণ কৰি আছিল। তেওঁলোকে তেখেতৰ পৰা সেই বিতৰণকৃত চাদাক্বাৰ পৰা কিছু ধন বিচাৰিলে। (তেওঁলোকে কৈছে) তেখেতে আমাৰ ফালে দৃষ্টিপাত কৰি আকৌ তলমূৰ কৰিলে। তেখেতে দেখিলে যে, আমি দুয়ো স্বাস্থ্যৱান। সেয়ে তেখেতে ক'লেঃ "যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক দিব পাৰোঁ, কিন্তু এই সম্পদত ধনী আৰু কৰ্মক্ষম ব্যক্তিৰ কোনো অংশ নাই।"
ছহীহ আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ সেইজন ব্যক্তি সম্পৰ্কে আপোনাৰ মতামত কি, যি ব্যক্তিয়ে প্ৰতিদান আৰু সুনাম অৰ্জন কৰিবলৈ যুদ্ধ কৰে, তাৰ বাবে কি আছে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাৰ বাবে একো নাই।" ব্যক্তিজনে এই প্ৰশ্ন তিনিবাৰ সুধিলে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক আকৌ ক'লেঃ "তাৰ বাবে একো নাই।" ইয়াৰ পিছত তেখেতে ক'লেঃ "নিশ্চয় মহান আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে, অৰ্থাৎ যাৰ দ্বাৰা একমাত্ৰ আল্লাহৰ সন্তুষ্টি কামনা কৰা হয়, এনেকুৱা আমলৰ বাহিৰে আন একো গ্ৰহণ নকৰে।"
ছহীহ নাছায়ীয়ে বৰ্ণনা কৰিছে
এবাৰ আমি বৰষুণৰ ৰাতি গভীৰ অন্ধকাৰত আমাৰ বাবে দুআ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰি ওলালোঁ। অৱশেষত তেখেতক বিচাৰি পালোঁ। তেখেতে ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে আকৌ ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে পুনৰ ক'লেঃ 'কোৱা', তেতিয়া মই ক'লোঁ, কি কম? তেখেতে ক'লেঃ "{কুল হুৱাল্লাহু আহাদ}, আৰু ছুৰা ফালাক আৰু নাছ পুৱা গধূলি তিনিবাৰকৈ পঢ়িবা। সকলো ক্ষেত্ৰতে এইটো তোমাৰ বাবে যথেষ্ট হ'ব।"
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)
"তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।"
ছহীহ আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)