Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 32 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"আখিৰাতৰ স্তৰসমূহৰ মাজত কবৰ হৈছে প্ৰথম স্তৰ। যিয়ে এই স্তৰত ৰেহাই পাব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ ইয়াতকৈ সহজ হ'ব। আনহাতে যিয়ে ইয়াত সফলতা অৰ্জন নকৰিব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ অধিক কঠিন হ'ব।"
হাছান (তিৰমিজী, ইবনে মাজাহ)
"কোৱাঃ আল্লাহুম্মাকফিনী বিহালালিকা আন হাৰামিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱাক।" অৰ্থঃ (হে আল্লাহ! হাৰাম জীৱিকাৰ পৰা তোমাৰ হালাল জীৱিকা মোৰ বাবে যথেষ্ট কৰি দিয়া। লগতে তোমাৰ বাহিৰে সকলো লোকৰ পৰা মোক অমুখাপেক্ষী কৰি দিয়া।
হাছান (তিৰমিজী)
যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।
হাছান (তিৰমিজী, ইবনে মাজাহ)
যিয়ে আনৰ ক্ষতি কৰিব, আল্লাহেও সেইটোৰ দ্বাৰাই তাক ক্ষতি কৰিব। আনহাতে যিয়ে আনক কষ্টত পেলাব, আল্লাহেও তাক কষ্টত পেলাব।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
মহান আল্লাহৰ ওচৰত দুআতকৈ অধিক সন্মানিত বস্তু আন একো নাই।
হাছান (তিৰমিজী, ইবনে মাজাহ, আহমদ)
আল্লাহৰ কিতাবৰ পৰা যিয়ে এটা হৰফ (আখৰ) পাঠ কৰিব, ইয়াৰ ফলত তেওঁ এটা ছোৱাব পাব। লগতে প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হ'ব। মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।
হাছান (তিৰমিজী)
"মুমিন পুৰুষ আৰু মুমিনা নাৰী, নিজৰ ক্ষেত্ৰত, তেওঁৰ সন্তান-সন্ততিৰ ক্ষেত্ৰত আৰু ধন-সম্পদৰ ক্ষেত্ৰত সদায় পৰীক্ষাৰ সন্মুখীন হৈ থাকে। যাতে তেওঁ গুনাহমুক্ত হৈ আল্লাহৰ সৈতে সাক্ষাৎ কৰিব পাৰে।"
হাছান (তিৰমিজী, আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।
অন্যান্য হাদীছৰ সমৰ্থনত হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)