Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 10 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।"
ছহীহ নাছায়ীয়ে ছুনান আল-কুবাৰাত উল্লেখ কৰিছে, একেই অৰ্থৰ হাদীছ ইবনে মাজাহ আৰু আহমদে বৰ্ণনা কৰিছে।
"তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।
হাছান তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
তেখেতে পুৱাৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷ অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই আমি উভতি যাম। আৰু সন্ধিয়াৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ” ৷ অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।
হাছান আবু দাঊদ, তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে, লগতে নাছায়ীয়ে ছুনান আল-কুবাৰাত বৰ্ণনা কৰিছে।
"সাৱধান! পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তু অভিশপ্ত, কেৱল আল্লাহৰ জিকৰ আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে, লগতে আলিম আৰু তালিবে ইল্মৰ বাহিৰে।"
হাছান (তিৰমিজী, ইবনে মাজাহ)
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, কোনটো আমলৰ কাৰণে অধিক মানুহে জান্নাতত প্রৱেশ কৰিব? তেখেতে ক'লে: “আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্ৰৰ কাৰণে।” লগতে প্ৰশ্ন কৰা হ'ল যে, কোনটো কৰ্মৰ কাৰণে অধিক মানুহে জাহান্নামত প্ৰৱেশ কৰিব? তেখেতে ক'লে: “মুখ আৰু লজ্জাস্থানৰ কাৰণে।”
হাছান ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
যিজন ব্যক্তিৰ দুজনী স্ত্ৰী আছে, যদি তেওঁ এজনীৰ প্ৰতি বেছি ঢাল খায়, তেন্তে কিয়ামতৰ দিনা তেওঁ এনেকুৱা অৱস্থাত উপস্থিত হ'ব যে, তেওঁৰ শৰীৰৰ এটা কাষ ঢাল খাই থাকিব।
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
"যি ইল্মৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰি, তেনেকুৱা ইল্ম যিয়ে দুনিয়াৱী স্বাৰ্থ অৰ্জন কৰাৰ বাবে শিকে, সেই ব্যক্তিয়ে কিয়ামতৰ দিনা জান্নাতৰ সুগন্ধিও নাপাব।"
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
মহান আল্লাহৰ ওচৰত দুআতকৈ অধিক সন্মানিত বস্তু আন একো নাই।
হাছান (তিৰমিজী, ইবনে মাজাহ, আহমদ)