Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 25 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
যিয়ে পানাহাৰ কৰাৰ পিছত এই দুআ পাঠ কৰিবঃ (الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ) উচ্চাৰণঃ "আলহাম্দুলিল্লাহিল লাজী আত্বআমানী হাজা, অৰাঝাকানীহি মিন গাইৰি হাওলিম মিন্নি অলা কুওৱাহ।" অৰ্থঃ "সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক এই আহাৰ কৰালে তথা মোক জীৱিকা প্ৰদান কৰিলে। অথচ এই ক্ষেত্ৰত মোৰ কোনো শক্তি সামৰ্থ নাছিল।" সেই ব্যক্তিৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
গোছল ফৰজ হোৱা অৱস্থাৰ বাহিৰে, বেলেগ সৰ্বাৱস্থাতেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কোৰআন তিলাৱত কৰোৱাইছিল।
হাছান আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
"আখিৰাতৰ স্তৰসমূহৰ মাজত কবৰ হৈছে প্ৰথম স্তৰ। যিয়ে এই স্তৰত ৰেহাই পাব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ ইয়াতকৈ সহজ হ'ব। আনহাতে যিয়ে ইয়াত সফলতা অৰ্জন নকৰিব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ অধিক কঠিন হ'ব।"
হাছান (তিৰমিজী, ইবনে মাজাহ)
যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।
হাছান (তিৰমিজী, ইবনে মাজাহ)
যিয়ে আনৰ ক্ষতি কৰিব, আল্লাহেও সেইটোৰ দ্বাৰাই তাক ক্ষতি কৰিব। আনহাতে যিয়ে আনক কষ্টত পেলাব, আল্লাহেও তাক কষ্টত পেলাব।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
মহান আল্লাহৰ ওচৰত দুআতকৈ অধিক সন্মানিত বস্তু আন একো নাই।
হাছান (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"পৃথিৱীৰ প্ৰতি মোহ নাৰাখিবা, এনে কৰিলে আল্লাহে তোমাক ভাল পাব; আৰু মানুহৰ ওচৰত যি আছে সেই সম্পৰ্কে আগ্ৰহী নহ’বা, এনে কৰিলে মানুহে তোমাক ভাল পাব।"
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো হাছান। ইবনে মাজাহ আৰু অন্যান্যসকলে হাছান ছনদৰ সৈতে বৰ্ণনা কৰিছে।
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰিব, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰে। তাৰ পিছত এই দুআ পাঠ কৰেঃ আল্লা-হুম্মাফ তাহলী, আবৱাবা ৰাহমাতিক। (হে আল্লাহ! মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।) এইদৰে ওলোৱাৰ সময়তো যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰে। তাৰ পিছত যাতে এই দুআ পাঠ কৰেঃ আল্লাহুম্মা' চিমনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা ৰক্ষা কৰা।)" হাকিমত আছে যে, "ওলোৱাৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰি এই দুআ পঢ়িব লাগেঃ আল্লাহুম্মা আজিৰনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা মুক্তি দিয়া।)"
হাছান ইবনে মাজাহ আৰু হাকিমে বৰ্ণনা কৰিছে।