Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 116 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (57)
"মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।"
ছহীহ (তিৰমিজী, আহমদ)
"যিয়ে আমানত ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো ঈমান নাই, আৰু যিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো দ্বীন নাই।"
হাছান লিগাইৰিহি। (আহমদ)
এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি এইদৰে ছালাম কৰিলেঃ আচ্ছালামু আলাইকুম। তেখেতে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দহ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ। তেখেতে উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "বিশ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ। তেখেতে ইয়াৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "ত্ৰিশ।"
হাছান আবু দাঊদ, তিৰমিজী, আহমদ, আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।
"যদি কোনো ব্যক্তিয়ে গুনাহ কৰাৰ পিছত পৱিত্ৰতা অৰ্জন কৰি নামাজ আদায় কৰে আৰু তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তাক ক্ষমা কৰি দিয়ে।" ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিছেঃ وَالَّذِينَ إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللهَ فَاسْتَغْفَرُوا لِذُنُوبِهِمْ} আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। (আল্লাহে তেওঁলোকক ক্ষমা কৰি দিয়ে।) (ছুৰা আলে-ইমৰাণঃ ১৩৫)
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
চাহাবাসকলৰ মাজৰ যিসকলে আমাক শিকাইছে তেওঁলোকে বৰ্ণনা কৰিছে যে, তেওঁলোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহটাকৈ আয়াত শিকিছিল, আৰু এই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ নকৰালৈকে তথা ইয়াৰ প্ৰতি আমল নকৰালৈকে আন দহটা আয়াত পাঠ হিচাপে লোৱা নাছিল। তেওঁলোকে কৈছেঃ আমি জ্ঞান আৰু আমল একেলগে শিকিছিলোঁ।
হাছান (আহমদ)
অভিভাৱক অবিহনে বিবাহ নহয়।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
যিয়েই জ্যোতিষ বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই শিকিব সিমানেই সেই পথত আগুৱাই যাব।
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)