Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 21 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই কিয়ামতৰ দিনা মানৱজাতিৰ নেতা হ'ম। তোমালোকে জানানে ইয়াৰ কাৰণ কি? কিয়ামতৰ দিনা আগৰ পিছৰ সকলো মানুহ এনেকুৱা এটা ময়দানত একত্ৰিত হ'ব, য'ত এজন আহ্বানকাৰীৰ আহ্বান সকলোৱে শুনা পাব। লগতে সকলোৱে একেলগে দৃষ্টিগোচৰ কৰিব। সূৰ্য্য একেবাৰে নিকটৱৰ্তী হ'ব। মানুহ এনেকুৱা কষ্ট-ক্লেশ তথা যন্ত্ৰণাৰ সন্মুখীন হ'ব যিটো অসহনীয় তথা অসহ্যকৰ। তেতিয়া লোকসকলে কোৱাকুই কৰিবঃ তোমালোকে দেখা পোৱা নাইনে, তোমালোকৰ কি অৱস্থা হৈছে? তোমালোকে এনেকুৱা কোনো ব্যক্তিক অনুসন্ধান কৰি নুলিয়াবানে, যিয়ে তোমালোকৰ হৈ তোমালোকৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰিব? তেতিয়া সিহঁতে ইজনে সিজনক ক'বঃ তেন্তে বলা, আদমৰ ওচৰলৈ যাওঁ। তেতিয়া সিহঁত আদম আলাইহিচ্ছালামৰ ওচৰলৈ আহিব। সিহঁতে তেখেতক ক'বঃ আপুনি হৈছে মানৱজাতিৰ পিতা। আল্লাহে আপোনাক নিজ হাতেৰে সৃষ্টি কৰিছে, আৰু আপোনাৰ ভিতৰত তেওঁৰ ৰূহ সঞ্চাৰ কৰিছে, আৰু ফিৰিস্তাসকলৰ দ্বাৰা আপোনাক ছাজদাহ কৰোৱাইছে। গতিকে আমাৰ বাবে আপুনি আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি লক্ষ্য কৰা নাইনে আমি কি অৱস্থাত আছোঁ? আৰু আপুনি দেখা নাইনে আমাৰ অৱস্থা কি হ'বলৈ গৈ আছে? তেতিয়া আদম আলাইহিচ্ছালামে ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। তেওঁ মোক এটা গছৰ ফল খাবলৈ নিষেধ কৰিছিল, কিন্তু মই অমান্য কৰি পেলাইছিলোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। তোমালোকে নূহৰ ওচৰলৈ যোৱা। সিহঁতে নূহৰ ওচৰলৈ আহি ক'বঃ হে নূহ! আপুনি হৈছে পৃথিৱীৰ প্ৰথম ৰাছুল। মহান আল্লাহে আপোনাক কৃতজ্ঞ বান্দা বুলি আখ্যায়িত কৰিছে। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখা নাইনে আমাৰ অৱস্থা কি হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মোৰ পক্ষত গ্ৰহণযোগ্য এটা দুআ আছিল, যিটো মই মোৰ উম্মতৰ বিৰুদ্ধে কৰি পেলাইছোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে ইব্ৰাহীমৰ ওচৰলৈ যোৱা। সিহঁতে ইব্ৰাহীমৰ ওচৰলৈ আহিব আৰু ক'বঃ হে ইব্ৰাহীম! আপুনি পৃথিৱীত আল্লাহৰ নবী আৰু খলীল আছিল। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখা নাইনে আমাৰ কি অৱস্থা হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই মোৰ জীৱনত তিনিটা মিছা কথা কৈছিলোঁ। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মুছাৰ ওচৰলৈ যোৱা। তেতিয়া সিহঁতে মুছা আলাইহিচ্ছালামৰ ওচৰলৈ আহি ক'বঃ হে মুছা! আপুনি হৈছে আল্লাহৰ এজন ৰাছুল। আল্লাহে আপোনাক ৰিছালত প্ৰদান কৰি আৰু আপোনাৰ সৈতে কথা পাতি আপোনাক মানুহৰ ওপৰত প্ৰাধান্য দিছিল। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি চোৱা নাইনে, আমাৰ অৱস্থা কি হৈছে? তেতিয়া তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। মই এনেকুৱা এজন লোকক হত্যা কৰিছিলোঁ, যাক হত্যা কৰিবলৈ মোক নিৰ্দেশ দিয়া হোৱা নাছিল। নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মাৰয়ামৰ পুত্ৰ ঈছাৰ ওচৰলৈ যোৱা। সিহঁতে ঈছাৰ ওচৰলৈ আহিব আৰু ক'বঃ হে ঈছা! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু তেওঁৰ কলিমা, যিটো তেওঁ মাৰয়ামৰ ওপৰত নিক্ষেপ কৰিছিল, লগতে আপুনি হৈছে তেওঁৰ ৰূহ। আপুনি দোলনাত থকা নৱজাতক অৱস্থাতে মানুহৰ সৈতে কথা ক'ব পাৰিছিল। গতিকে আপুনি আমাৰ বাবে ছুপাৰিছ কৰক। আপুনি আমাৰ অৱস্থা চোৱা নাইনে, আমি কি পৰিস্থিতিত আছোঁ? তেওঁ ক'বঃ নিশ্চয় মোৰ প্ৰতিপালক আজি যি পৰিমাণ ক্ৰোধান্বিত হৈ আছে, এনেকুৱা খং তেওঁ ইতিপূৰ্বে কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নকৰিব। কিন্তু তেওঁ কোনো গুনাহৰ কথা উল্লেখ নকৰিব, আৰু ক'বঃ নফছী, নফছী, নফছী, (মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব, মোৰ অৱস্থা কি হ'ব)। তোমালোকে বেলেগ কাৰোবাৰ ওচৰলৈ যোৱা। বৰং তোমালোকে মুহাম্মদৰ ওচৰলৈ যোৱা। সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'বঃ হে মুহাম্মদ! আপুনি হৈছে আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰিছে। গতিকে আপুনি আমাৰ বাবে আপোনাৰ প্ৰতিপালকৰ ওচৰত ছুপাৰিছ কৰক। আপুনি দেখিছেনে, আমাৰ কি অৱস্থা হৈছে? তেতিয়া মই মোৰ প্ৰতিপালকৰ আৰচৰ তলত আহি ছাজদাৱনত হ'ম। তেতিয়া মহান আল্লাহে তেওঁৰ প্ৰশংসা আৰু গুণগান কৰিবলৈ এনেকুৱা উত্তম নিয়ম দেখুৱাই দিব, যিটো ইতিপূৰ্বে কাৰো বাবেই উন্মুক্ত কৰা হোৱা নাছিল। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! মূৰ উঠোৱা, তুমি যি বিচাৰিবা সেইটোৱে তোমাক দিয়া হ'ব। তুমি ছুপাৰিছ কৰা, তোমাৰ ছুপাৰিছ গ্ৰহণ কৰা হ'ব। ইয়াৰ পিছত মই মোৰ মূৰ দাঙি ক'মঃ হে মোৰ প্ৰতিপালক! মোৰ উম্মত, হে মোৰ প্ৰতিপালক! মোৰ উম্মত, হে মোৰ প্ৰতিপালক! মোৰ উম্মত। ইয়াৰ পিছত কোৱা হ'বঃ হে মুহাম্মদ! তোমাৰ উম্মতৰ মাজৰ যিসকলৰ কোনো হিচাপ-নিকাচ নহ'ব, সিহঁতক জান্নাতৰ সোঁফালৰ দুৱাৰেৰে প্ৰৱেশ কৰোৱাই দিয়া। এই দুৱাৰৰ বাহিৰেও বেলেগ দুৱাৰেৰেও সিহঁত প্ৰৱেশ কৰিব পাৰিব। এই হাদীছ বৰ্ণনা কৰি তেখেতে কৈছেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, জান্নাতৰ প্ৰতিটো দুৱাৰৰ প্ৰশস্ততা হৈছে মক্কা আৰু হিময়াৰৰ মাজৰ দূৰত্বৰ সমান। অথবা মক্কা আৰু বাচৰাৰ মাজৰ দূৰত্বৰ সমান।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যি ব্যক্তিয়ে তাৰ ভাতৃৰ প্ৰতি কোনো অন্যায় কৰিছে, নাইবা তাৰ মান হানি কৰিছে, অথবা বেলেগ কোনো ক্ষতি কৰিছে, সি যেন আজিয়েই তাৰ ওচৰত ক্ষমা বিচাৰে, সেই দিৱসটো অহাৰ আগতে যিদিনা দীনাৰ (স্বৰ্ণমুদ্ৰা) আৰু দিৰহাম (ৰূপমুদ্ৰা) নাথাকিব। সেইদিনা তাৰ আমলনামাত যদি নেক আমল থাকে তেন্তে তাৰ অন্যায়ৰ পৰিমাণ অনুসৰি তাৰ পৰা নেক আমল কাঢ়ি লোৱা হ’ব। আনহাতে যদি তাৰ কোনো সৎকৰ্ম নাথাকে, তেন্তে প্ৰতিপক্ষৰ আমলনামাৰ পৰা গুনাহ লৈ তাৰ ওপৰত চপাই দিয়া হ’ব।"
ছহীহ (বুখাৰী)
"আমি হৈছোঁ সৰ্বশেষ উম্মত, কিন্তু সৰ্বপ্ৰথম আমাৰেই হিচাপ গ্ৰহণ কৰা হ'ব। ঘোষণা হ'বঃ উম্মী নবীৰ উম্মত আৰু সিহঁতৰ নবীজন ক'ত? সেয়ে আমি হৈছোঁ (পৃথিৱীলৈ আগমনৰ ক্ষেত্ৰত) সৰ্বশেষ, তথা (জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত) সৰ্বপ্ৰথম।"
ছহীহ (ইবনে মাজাহ)
"মই তোমালোকক অৱগত নকৰামনে যে, কোনসকল লোক জান্নাতী? প্ৰত্যেক দুৰ্বল ব্যক্তি, যাক দুৰ্বল বুলি গণ্য কৰা হয়। যদি সি আল্লাহৰ শপত খায় তেন্তে আল্লাহে সেইটো নিশ্চয় পূৰণ কৰে। এইদৰে মই তোমালোকক অৱগত নকৰামনে কোনসকল লোক জাহান্নামী? প্ৰত্যেক অবাধ্য, স্বৈৰাচাৰী, অহংকাৰী ব্যক্তি হৈছে জাহান্নামী।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কিয়ামতৰ দিনা সূৰ্য্যক সৃষ্টিৰ একেবাৰে নিকটৱৰ্তী কৰা হ'ব। ইমান নিকটৱৰ্তী কৰা হ'ব যে, কেৱল এক মাইল দূৰত্ব থাকিব।" বৰ্ণনাকাৰী ছুলাইম বিন আমিৰে মিক্বদাদৰ পৰা বৰ্ণনা কৰি কৈছেঃ আল্লাহৰ শপত! মই সঠিকভাৱে ক'ব নোৱাৰোঁ (الْمِيلِ) শব্দৰ দ্বাৰা কোনটো বুজোৱা হৈছে, ভূমিৰ দূৰত্ব মাইল নে চকুত চুৰমা (কাজল) ব্যৱহাৰ কৰিবলৈ ব্য়ৱহাৰ কৰা মীল। তেখেতে কৈছেঃ "সেইদিনা মানুহে নিজৰ আমল অনুপাতে ঘামৰ ভিতৰত থাকিব। কিছুমানৰ ঘাম খাৰগাঁঠি পৰ্যন্ত থাকিব, আকৌ কিছুমানৰ ঘাম আঁঠুৰ সমান থাকিব, আন কিছুমানৰ ঘাম কঁকাল পৰ্যন্ত থাকিব, এইদৰে কিছুমানৰ ঘাম মুখ পৰ্যন্ত লেকাম লগাৰ দৰে থাকিব। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মুখৰ ফালে ইংগিত কৰি দেখুৱাইছিল এই পৰ্যন্ত থাকিব।"
ছহীহ (মুছলিম)
তোমালোকৰ মাজৰ আটাইতকৈ নিম্ন পৰ্যায়ৰ জান্নাতীৰ মৰ্যাদা এনেকুৱা হ'ব যে, আল্লাহে তাক ক'বঃ তোমাৰ কি কি বিচাৰিবলগীয়া আছে বিচৰা, তেতিয়া তেওঁ বিভিন্ন ধৰণৰ আশা-আকাংক্ষা ব্যক্ত কৰিব। তেতিয়া আল্লাহে তাক ক'বঃ তোমাৰ সকলো বিচৰা হ'লনে? তেতিয়া তেওঁ ক'বঃ হয়। তেতিয়া আল্লাহে তাক ক'বঃ তুমি যি যি বিচাৰিছা সেই সকলো তুমি পাবা, লগতে ইয়াৰ অনুৰূপ অতিৰিক্ত প্ৰদান কৰা হ'ব।"
ছহীহ (মুছলিম)
এবাৰ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ, তেখেতে পূৰ্ণিমাৰ ৰাতি চন্দ্ৰৰ প্ৰতি লক্ষ্য কৰি ক’লে, “নিশ্চয় শীঘ্ৰেই তোমালোকে তোমালোকৰ প্ৰতিপালকক দেখিবলৈ পাবা, যিদৰে তোমালোকে এই চন্দ্ৰটোক দেখি আছা, তেওঁক দেখিবলৈ তোমালোকৰ কোনো ভীৰ কৰিবলগীয়া নহ’ব। এতেকে যদি তোমালোকে সূৰ্য উদয়ৰ পূৰ্বৰ চালাত (ফজৰ) আৰু সূৰ্য অস্ত যোৱাৰ পূর্বৰ (আচৰৰ) চালাত (চয়তানৰ পৰা) প্ৰভাৱমুক্ত হৈ পঢ়িব পাৰা তেন্তে সেইটোৱে চেষ্টা কৰা”। ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে, অৰ্থঃ “আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব। লগতে সেইবোৰক জাহান্নামৰ জুইত অধিক উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰৰ দ্বাৰা তাৰ কাষত, কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়া সেইটো শীতল হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি বিহা হ'ব এনেকুৱা এটা দিৱসত যাৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি মানুহৰ মাজত ফয়চালা সম্পন্ন নোহোৱা পৰ্যন্ত চলি থাকিব। অৱশেষত ফয়চালা হোৱাৰ পিছত সিহঁতৰ মাজৰ কিছুমানে জান্নাতলৈ যাব আৰু কিছুমান যাব জাহান্নামত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})