Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 5 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"ক্বিয়ামত সেই সময়লৈকে সংঘটিত নহ'ব, যেতিয়ালৈকে কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ কবৰৰ ওচৰেৰে যাওঁতে এই কথা কোৱাৰ পৰিৱেশ সৃষ্টি নহ'ব যে, হায়! ইয়াৰ স্থলত যদি মই হ'লোঁহেঁতেন।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। যেতিয়া (সূৰ্য্য পশ্চিম ফালৰ পৰা) উদয় হ'ব আৰু মানুহে দেখা পাব, তেতিয়া সকলোৱে ঈমান আনিব, সেই সময়ৰ বিষয়েই (কোৰআনত) কোৱা হৈছেঃ "সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল, (তৎক্ষণাত লৈ অহা) তাৰ এই ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)।" (ছুৰা আল-আনআমঃ ১৫৮) কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া দুজন ব্যক্তিয়ে (ক্ৰয়-বিক্ৰয়ৰ বাবে) নিজৰ সন্মুখত কাপোৰ মেলি ৰাখিব, কিন্তু সিহঁত কিনা বেচা কৰাৰ সময় নাপাব, আনকি জপাই থোৱাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা সময়ত যে, কোনোবাই উটৰ গাখীৰ খিৰাই আনিছে কিন্তু সেয়া সেৱন কৰাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া কোনোবাই নিজৰ ঘৰচীয়া জন্তুৰ বাবে পানী খুওৱা পাত্ৰ সাজিব, কিন্তু তাত পানী খুওৱাৰ সময় নাপাব। নিশ্চয় কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া তোমালোকৰ মাজৰ কোনোবাই খোৱা বস্তু মুখৰ ওচৰলৈ আনিব কিন্তু খোৱাৰ সময় নাপাব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তোমালোকে ইয়াহুদীসকলৰ সৈতে যুদ্ধ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব। (সেই যুদ্ধৰ সময়ত) কোনো ইয়াহুদী শিলৰ পিছফালে লুকাই থাকিলে, সেই শিলে চিঞৰি ক'বঃ হে মুছলিম! এয়া চোৱা মোৰ পিছফালে ইয়াহুদী এজন লুকাই আছে, ইয়াক হত্যা কৰা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সময় সংকুচিত নোহোৱালৈকে ক্বিয়ামত সংঘটিত নহ'ব, তেতিয়া বছৰ হ'ব মাহৰ দৰে, মাহ হ'ব সপ্তাহৰ দৰে, সপ্তাহ হ'ব দিনৰ দৰে, আৰু দিন হ'ব ঘণ্টাৰ দৰে, আৰু ঘন্টা হ'ব খেজুৰ গছৰ ঠাৰি এডালত থকা পাতবোৰ জ্বলি ছাই হ'বলৈ যিমান সময় লাগে সিমান।”
ছহীহ (আহমদ)