Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 5 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে আমাক হাদীছ বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে ক'লেঃ হে আল্লাহৰ নবী! ক্বিয়ামতৰ দিনা কেনেকৈ কাফিৰসকলক মুখৰ ওপৰত ভৰ কৰোৱাই একত্ৰিত কৰা হ'ব? তেখেতে ক'লেঃ যিয়ে পৃথিৱীত তাক দুই ভৰিৰে খোঁজকঢ়াব পাৰিছে, তেওঁ তাক ক্বিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই খোঁজকঢ়াব নোৱাৰিবনে? (এই হাদীছ বৰ্ণনাৰ পিছত) ক্বাতাদাই কৈছেঃ নিশ্চয় পাৰিব, আমাৰ প্ৰতিপালকৰ সন্মানৰ শপত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ, আল্লাহৰ দৃষ্টিত কোনটো গুনাহ আটাইতকৈ ডাঙৰ? তেখেতে ক’লেঃ “আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰা; অথচ তেৱেঁই তোমাক সৃষ্টি কৰিছে।” মই ক’লোঁ- নিঃসন্দেহে এইটো এটা মাৰাত্মক গুনাহ। মই আকৌ ক'লোঁ, তাৰ পিছত কোনটো? তেখেতে ক’লেঃ “ভৰণ-পোষণৰ ভয়ত নিজৰ সন্তানক হত্যা কৰা।” মই আকৌ সুধিলোঁ ইয়াৰ পিছত কোনটো? তেখেতে ক’লে, “প্রতিৱেশীৰ স্ত্রীৰ সৈতে ব্যভিচাৰ কৰা।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে মুআজ ৰাদ্বিয়াল্লাহু আনহু বহি থকা অৱস্থাতে তেখেতে তেওঁক সুধিলেঃ হে মুআজ বিন জবল! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। তেখেতে তেওঁক আকৌ মাতিলে, হে মুআজ! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। এনেকৈ তিনিবাৰ মাতিলে। তাৰ পিছত তেখেতে ক'লেঃ "যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।" তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! মই এই কথাটো মানুহক জনাই দিওঁনে, যাতে সিহঁতে কথাটো শুনি আনন্দিত হয়। তেখেতে ক'লেঃ "তেতিয়া সিহঁতে এই কথাৰ ওপৰতে ভৰসা কৰি বহি থাকিব।" এই হাদীছটো মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে মৃত্যুৰ সময়ত বৰ্ণনা কৰি গৈছে, এই আশংকাত যে যাতে ইল্ম গোপন কৰাৰ গুনাহ নহয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম মোৰ ওচৰলৈ আহিল, তেতিয়া মোৰ তাত এটা ত্বাক (shelf) আছিল যিটোক মই পৰ্দাৰে আবৃত কৰি ৰাখিছিলোঁ, সেই পৰ্দাত কিছুমান চিত্ৰ আছিল। তেখেতে সেইটো দেখা পাই ছিঙি পেলালে, আৰু তেখেতৰ মুখমণ্ডল ৰঙা পৰি গ'ল। তেখেতে ক'লেঃ "হে আঈশ্বা! কিয়ামতৰ দিনা সিহঁতে কঠিন শাস্তি ভোগ কৰিব, যিসকলে আল্লাহৰ সৃষ্টিৰ সাদৃশ্য প্ৰদৰ্শনত লিপ্ত হয়।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ "এইটো শুনাৰ পিছত মই সেই পৰ্দা ফালি এখন অথবা দুখন গাৰু বনাই লৈছিলোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাতি বৰষুণ হোৱাৰ পাছত হুদাইবিয়াত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাকলৈ ফজৰৰ চালাত আদায় কৰিলে। তেখেতে চালাত শেষ কৰি লোকসকলৰ ফালে মুখ কৰি বহিলে আৰু ক'লেঃ তোমালোকে জানানে তোমালোকৰ প্ৰতিপালকে কি কৈছে? তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেখেতে ক'লেঃ (আল্লাহে কৈছে) "মোৰ কিছুমান বান্দাই মুমিন হৈ আৰু কিছুমান বান্দাই কাফিৰ হৈ প্ৰভাত কৰিছে।" এতেকে যিজন বান্দাই কৈছে যে, আল্লাহে তেওঁৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ দিছে, তেওঁ হৈছে মোৰ প্ৰতি বিশ্বাসী আৰু নক্ষত্ৰৰাজিৰ শক্তিক অস্বীকাৰকাৰী। আনহাতে যিয়ে কৈছে, অমুক অমুক নক্ষত্ৰৰ কাৰণে আজি বৰষুণ হৈছে, সেইজন হৈছে মোক অস্বীকাৰকাৰী আৰু নক্ষত্ৰৰাজিৰ প্ৰতি বিশ্বাসী।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})