Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 37 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

তোমালোকে ইয়াহুদীসকলৰ সৈতে যুদ্ধ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব। (সেই যুদ্ধৰ সময়ত) কোনো ইয়াহুদী শিলৰ পিছফালে লুকাই থাকিলে, সেই শিলে চিঞৰি ক'বঃ হে মুছলিম! এয়া চোৱা মোৰ পিছফালে ইয়াহুদী এজন লুকাই আছে, ইয়াক হত্যা কৰা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এবাৰ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ, তেখেতে পূৰ্ণিমাৰ ৰাতি চন্দ্ৰৰ প্ৰতি লক্ষ্য কৰি ক’লে, “নিশ্চয় শীঘ্ৰেই তোমালোকে তোমালোকৰ প্ৰতিপালকক দেখিবলৈ পাবা, যিদৰে তোমালোকে এই চন্দ্ৰটোক দেখি আছা, তেওঁক দেখিবলৈ তোমালোকৰ কোনো ভীৰ কৰিবলগীয়া নহ’ব। এতেকে যদি তোমালোকে সূৰ্য উদয়ৰ পূৰ্বৰ চালাত (ফজৰ) আৰু সূৰ্য অস্ত যোৱাৰ পূর্বৰ (আচৰৰ) চালাত (চয়তানৰ পৰা) প্ৰভাৱমুক্ত হৈ পঢ়িব পাৰা তেন্তে সেইটোৱে চেষ্টা কৰা”। ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে, অৰ্থঃ “আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব। লগতে সেইবোৰক জাহান্নামৰ জুইত অধিক উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰৰ দ্বাৰা তাৰ কাষত, কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়া সেইটো শীতল হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি বিহা হ'ব এনেকুৱা এটা দিৱসত যাৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি মানুহৰ মাজত ফয়চালা সম্পন্ন নোহোৱা পৰ্যন্ত চলি থাকিব। অৱশেষত ফয়চালা হোৱাৰ পিছত সিহঁতৰ মাজৰ কিছুমানে জান্নাতলৈ যাব আৰু কিছুমান যাব জাহান্নামত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
শেষ জামানাত মোৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোকৰ আৱিৰ্ভাৱ ঘটিব, যিসকলে তোমালোকক এনেকুৱা এনেকুৱা হাদীছ শুনাব যিবোৰ তোমালোকেও শুনা নাই আৰু তোমালোকৰ পূৰ্বপূৰুষেও শুনা নাই। গতিকে তোমালোকে সিহঁতৰ পৰা আঁতৰি থাকিবা আৰু সিহঁতকো তোমালোকৰ পৰা দূৰত ৰাখিবা।
ছহীহ (মুছলিম)
"মই তোমালোকক দাজ্জাল সম্পৰ্কে এনেকুৱা কোনো সংবাদ নিদিমনে, যি সংবাদ কোনো নবীয়েই তেওঁলোকৰ উম্মতক দিয়া নাছিল? সেইটো হৈছে এই যে, দজ্জাল হ'ব কণা। সি নিজৰ লগত ৰাখিব জান্নাত আৰু জাহান্নামৰ দৰে বস্তু। সি যিটোক জান্নাত বুলি ক'ব, সেইটোৱে হ'ব জাহান্নাম। নিশ্চয় মই তোমালোকক সতৰ্ক কৰি আছোঁ, যিদৰে নূহে নিজৰ উম্মতক সতৰ্ক কৰিছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কবৰত যেতিয়া মুছলিমক প্ৰশ্ন কৰা হ'ব তেতিয়া তেওঁ সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল।" এই কথাই মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব।" (ছুৰা ইব্ৰাহীমঃ ২৭)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"আল্লাহে পৃথিৱীক নিজৰ মুঠিৰ ভিতৰত লব আৰু আকাশমণ্ডলক নিজৰ সোঁ হাতত মেৰিয়াই লৈ ক'বঃ ময়েই ৰাজাধিৰাজ। পৃথিৱীৰ শাসকসকল ক'ত?"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})