Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 35 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান শাসক হ'ব, যিসকলে মিছা কথা ক'ব আৰু (মানুহৰ প্ৰতি) অন্যায় কৰিব। এতেকে সিহঁত মিছলীয়া হোৱা সত্ত্বেও সিহঁতক যিয়ে সত্যবাদী বুলি বিশ্বাস কৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহায়-সহযোগিতা কৰিব, সি মোৰ দলভুক্ত নহয় আৰু ময়ো তাৰ দলভুক্ত নহয়। সি মোৰ হাউজত উপস্থিতো হ'ব নোৱাৰিব। আনহাতে যিয়ে সিহঁতৰ মিছলীয়া স্বভাৱৰ কাৰণে সিহঁতক সত্যবাদী বুলি গণ্য নকৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহযোগো নকৰিব, তেওঁ হৈছে মোৰ দলভুক্ত আৰু ময়ো তেওঁৰ দলভুক্ত। হাউজে কাউছাৰত তেওঁ মোৰ ওচৰত উপস্থিত থাকিব।"
ছহীহ (আহমদ)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “যি ব্যক্তি আনুগত্যৰ পৰা ওলাই গৈছে আৰু জামাতৰ পৰা বিচ্ছিন্ন হৈ মৃত্যুবৰণ কৰিছে, সি প্ৰকৃততে জাহিলি অৱস্থাত মৃত্যুবৰণ কৰিছে। এইদৰে যি ব্যক্তিয়ে অন্ধভক্তিৰ পতাকাৰ তলত গোড়ামীৰ বশৱৰ্তী হৈ জাতিগত কাৰণত যুদ্ধ কৰে অথবা জাতীয়তাবাদৰ পিনে আহ্বান কৰে অথবা জাতীয়তাক সহায় কৰা অৱস্থাত নিহত হয়, সেই ব্যক্তিয়েও জাহিলি মৃত্যুবৰণ কৰে। এইদৰে যি ব্যক্তিয়ে মোৰ উম্মতৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে আৰু তেওঁলোকৰ মাজৰ ভাল বেয়া সকলো লোককে হত্যা কৰে, মুমিন ব্যক্তিৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নকৰে আৰু প্রতিশ্রুতি দিয়া লোকৰ প্রতিশ্রুতিও পূৰণ নকৰে। সি মোৰ অন্তৰ্ভুক্ত নহয় আৰু তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই”।
ছহীহ (মুছলিম)
"নিশ্চয় দ্বীন হৈছে সহজ-সৰল। দ্বীনি বিষয়ত যিয়েই উগ্ৰতা প্ৰদৰ্শন কৰে সি পৰাজিত হয়। এতেকে তোমালোকে মধ্যম পন্থা অৱলম্বন কৰা, আৰু মধ্যম পন্থাৰ নিকটৱৰ্তী থাকিবা, লগতে ছোৱাবৰ আশা পোষণ কৰিবা, আৰু পুৱা-গধূলি তথা ৰাতিৰ কিছু অংশত (ইবাদতৰ জৰিয়তে) সহায় প্ৰাৰ্থনা কৰা।"
ছহীহ (বুখাৰী)