Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 16 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

“নিশ্চয় মহান আল্লাহে আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে, আৰু মুমিনেও আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে। আল্লাহৰ আত্মমৰ্যাদাত তেতিয়া আঘাত হয়, যেতিয়া কোনো মুমিন ব্যক্তিয়ে হাৰাম কামত লিপ্ত হয়।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কিছুমান চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি সুধিলেঃ (হে আল্লাহৰ ৰাছুল) আমাৰ মনত এনেকুৱা কিছুমান কথা উদ্ভৱ হয়, যিবোৰ কথা মুখেৰে উচ্চাৰণ কৰাটোক আমি মাৰাত্মক বুলি ভাবোঁ। তেখেতে ক'লেঃ "সঁচাই তোমালোকে এইটো অনুভৱ কৰানে?" তেওঁলোকে ক'লেঃ হয়। তেখেতে ক'লেঃ "সেইটোৱে হৈছে স্পষ্ট ঈমানৰ পৰিচয়।"
ছহীহ (মুছলিম)
চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।"
ছহীহ (মুছলিম)
"তোমালোকে সঠিকভাৱে নিষ্ঠা সহকাৰে কাম কৰি নৈকট্য অৱলম্বন কৰা, জানি থোৱা, তোমালোকৰ কোনো আমলেই তোমালোকক জান্নাতত প্ৰৱেশ কৰাব নোৱাৰিব।" চাহাবাসকলে সুধিলে, হে আল্লাহৰ ৰাছুল! আপোনাকো নহয়? তেখেতে ক'লেঃ "হয়, মোকো নহয়, কিন্তু মোক আল্লাহৰ ৰহমত আৰু অনুগ্ৰহই ঢাকি ৰাখিছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মহান আল্লাহে কৈছেঃ মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।
ছহীহ (মুছলিম)
নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।
ছহীহ (মুছলিম)
"নিশ্চয় মহান আল্লাহে তোমালোকৰ তিনিটা বস্তুৰ প্ৰতি সন্তুষ্ট হয় তথা পছন্দ কৰে আৰু তিনিটা বস্তুক অপছন্দ কৰে। তেওঁ তোমালোকৰ পৰা পছন্দ কৰে যে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা, লগতে সকলোৱে মিলি আল্লাহৰ ৰছীক মজবুতভাৱে ধাৰণ কৰিবা তথা বহুধা বিভক্ত নহ'বা। তেওঁ তোমালোকৰ পৰা অপছন্দ কৰে, অনৰ্থক কথা বতৰা, অত্যাধিক প্ৰশ্ন কৰা, আৰু সম্পদ বিনষ্ট কৰা।"
ছহীহ (মুছলিম)