Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 123 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (54)
"আল্লাহে যি হিদায়ত আৰু ইল্ম প্ৰদান কৰি মোক প্ৰেৰণ কৰিছে তাৰ দৃষ্টান্ত হৈছে, এনেকুৱা প্ৰবল বৰষুণৰ দৰে যিটো পৃথিৱীত বৰ্ষণ হয়। তাৰে কিছুমান ভূমি উৰ্বৰ, যি ভূমিয়ে পানী শুহি লৈ প্ৰচুৰ পৰিমাণে ঘাঁহ পাত, গছ-বৃক্ষ আদি উৎপাদন কৰে, আকৌ কিছুমান ভূমি থাকে কঠিন, যি ভূমিয়ে পানী সঞ্চয় কৰি ৰাখে, পিছত আল্লাহ তাআ’লাই সেই পানীৰ দ্বাৰা মানুহৰ উপকাৰ সাধন কৰে – মানুহে নিজেও পান কৰে, পশুকো পান কৰায় আৰু তাৰ দ্বাৰা খেতি-বাতি কৰে । আকৌ কিছুমান মাটি আছে, একেবাৰে মসৃণ আৰু সমতল, এনে মাটিয়ে পানী সঞ্চয় কৰিও নাৰাখে আৰু গছ বিৰিখো উৎপাদন নহয়। এয়াই হ’ল – সেই ব্যক্তিৰ উদাহৰণ যিয়ে দ্বীনৰ জ্ঞান অৰ্জন কৰে আৰু আল্লাহ তাআ’লাই মোক দি পঠোৱা বাণীৰ দ্বাৰা উপকৃত হয়, ফলস্বৰূপে তেওঁ নিজেও শিক্ষা অৰ্জন কৰে আৰু আনকো শিকায় । এনে ব্যক্তিৰো উদাহৰণ যিজনে সেইফালে মূৰ দাঙি নাচায় আৰু আল্লাহৰ ফালৰ পৰা মোক যি হিদায়ত দি প্ৰেৰণ কৰিছে সেয়া গ্ৰহণ নকৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, ওচৰতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ খঙত মুখমণ্ডল ৰঙা পৰিছিল আৰু শিৰাবোৰ ফুলি উঠিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।" তেতিয়া লোকসকলে তাক ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তুমি চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।" তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি?
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া আহাৰ কৰে তেতিয়া তেওঁ সোঁহাতেৰে খোৱা উচিত, আৰু কিবা সেৱন কৰিলে সোঁহাতেৰে সেৱন কৰা উচিত। কাৰণ চয়তানে নিজৰ বাওঁ হাতেৰে খায় আৰু সেৱন কৰে।"
ছহীহ (মুছলিম)
"যদি কোনোবাই তাৰ ভাতৃক হে কাফিৰ বুলি সম্বোধন কৰে, তেন্তে উভয়ৰ মাজৰ যিকোনো এজনৰ ওপৰলৈ সেইটো উভতি আহিব। যাক কোৱা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেন্তে কোনো কথা নাই। অন্যথা যিয়ে সম্বোধন কৰিছে, তাৰ ওপৰতে সেইটো উভতি আহিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে, সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"হে আল্লাহৰ ৰাছুল! বিত্তবান লোকসকলে প্ৰতিফল আৰু ছোৱাবৰ দিশত আগুৱাই গৈছে। আমি যেনেকৈ ছালাত আদায় কৰোঁ তেওঁলোকেও সেইদৰেই ছালাত আদায় কৰে, আমি যিদৰে ছওম পালন কৰোঁ তেওঁলোকেও সেই দৰেই ছওম পালন কৰে, লগতে তেওঁলোকে প্ৰয়োজনৰ অতিৰিক্ত অৰ্থ ছাদাকাহ কৰে। তেখেতে ক’লে: "আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।" তেওঁলোকে সুধিলে: হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কোনোবাই যেতিয়া যৌন আকাংক্ষা সহকাৰে স্ত্ৰীৰ লগত সম্ভোগ কৰে, তথাপিও সি ছোৱাব পাবনে? তেখেতে ক’লে: "তোমালোকে এই বিষয়ে কি কোৱা, যেতিয়া সি হাৰাম পদ্ধতিত সেয়া সম্পাদন কৰে, তেতিয়া সি গুনাহগাৰ নহ’বনে? এতেকে সেইদৰে যেতিয়া সি সেই কৰ্ম বৈধভাৱে কৰে তেতিয়া সি তাৰ বাবে প্ৰতিফল আৰু ছোৱাব পাব।"
ছহীহ (মুছলিম)